সম্প্ৰীতিৰ মিলনভূমিত পৰিণত নলবাৰীৰ যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয়

0 11

শতাব্দ প্ৰতিনিধি, নলবাৰী, ২৬ এপ্ৰিলঃ অতীজৰে পৰা হিন্দু-মুছলমানৰ একতাৰ ডোলেৰে বান্ধ খাই থকা নলবাৰীত পুনৰবাৰ প্ৰতীয়মান হ’ল একতাৰ ছবিখন । মঙলবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কাৰ্যালয় পৰিণত হ’ল সম্প্ৰীতিৰ মিলনভূমিত। উল্লেখ্য, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে জিলা কাৰ্যালয়ত মঙলবাৰে আয়োজন কৰে সমূহীয়া ইফতাৰৰ । উক্ত অনুষ্ঠানত অৰ্ধ শতাধিক ইছলাম ধৰ্মৰ লোকৰ লগত উপস্থিত থাকে জিলাখনৰ সমাজ জীৱনৰ লগত জড়িত অৰ্ধ শতাধিক হিন্দু সম্প্ৰদায়ৰ লোক তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More