সলনি হৈছে ভূ-ৰাজনৈতিক প্রেক্ষাপট

কাবুলত কূটনৈতিক উপস্থিতিৰ কথা ভাবিছে ভাৰতে

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৮ জুন : তালিবান শাসিত আফগানিস্তানৰ লগত পুনৰ এবাৰ কূটনৈতিক সম্পর্ক স্থাপনৰ কথা ভাবিবলৈ আৰম্ভ কৰিছে নতুন দিল্লীয়ে। যদিও আফগানিস্তানৰ তালিবানী শাসনক এতিয়াই স্বীকৃতি দিয়াৰ কোনো পৰিকল্পনা নাই ভাৰতৰ। উল্লেখ্য যে, কিছুদিন আগতে ভাৰতে এটা কূটনৈতিক প্রতিনিধি দল পঠিয়াইছিল আফগানিস্তানলৈ। সেই দলৰ নেতৃত্বত আছিল জে পি সিং। পাকিস্তান আৰু আফগানিস্তানত দীর্ঘদিন কূটনীতিক হিচাবে কাম কৰাৰ অভিজ্ঞতাৰ গৰাকী হিচাপে এই অঞ্চলৰ ভূ-ৰাজনীতি নখ দর্পণত জে পি সিঙৰ। সিঙৰ নেতৃত্বাধীন দলটোৱে আফগানিস্তানৰ তালিবানী চৰকাৰৰ বিদেশমন্ত্রী আমিৰ খান মুত্তাকিৰ লগত বৈঠকত বহে। ইয়াৰ পিছৰ পৰাই পুনৰ এবাৰ আফগানিস্তানৰ লগত কূনটনৈতিক সম্পর্ক স্থাপনৰ জল্পনা কল্পনা আৰম্ভ হৈছে। জনা গৈছে, ইয়াৰ আগেয়ে ফেব্রুৱাৰীতেই ভাৰতৰ নিৰাপত্তা আধিকাৰীসকলে পূর্ব পৰিকল্পনা অবিহনেই কাবুল ভ্ৰমণলৈ গৈছিল। তেতিয়াৰ পৰিস্থিতি নিৰীক্ষণ কৰিবৰ বাবেই এই চফৰ কৰিছিল আধিকাৰীসকলে। সেই সময়তেই চোৱা হৈছিল যে, এতিয়া ভাৰতীয় কূটনীতিকসকল আফগানিস্তানত অৱস্থিত দূতাবাসলৈ উভতিব পাৰিবনে নাই। ইফালে আফগানিস্তানত ভাৰতীয় দলৰ সাম্প্রতিক ভ্ৰমণৰ মূল উদ্দেশ্য হিচাবে তুলি ধৰা হৈছে মানৱিক সাহায্যৰ বিষয়টো। উল্লেখ্য যে, শাসক বদলি হ’লেও ভাৰতে আফগানিস্তানলৈ মানৱীয় সাহায্য পঠোৱা বন্ধ কৰা নাই। এই পৰিস্থিতিত ভাৰতীয় প্রতিনিধি দলৰ লগত তালিবান কর্তৃপক্ষই বৈঠকত একাধিকবাৰ কূটনৈতিক সম্পর্ক পুনঃস্থাপনৰ প্রসঙ্গটো উত্থাপিত হৈছে বুলি জনা গৈছে। জনা গৈছে যে, নতুন দিল্লীৰ প্রাথমিক পৰিকল্পনা— কিছুসংখ্যক জুনিয়ৰ অফিচাৰক কাবুললৈ পঠোৱা হ’ব পাৰে। সেই আধিকাৰীসকলেই ভাৰতৰ সাহায্য আবন্টন আৰু অন্যান্য কূটনৈতিক কার্যক্রম নিৰীক্ষণ কৰিব পাৰিব। প্রসঙ্গত উল্লেখ কৰিব পাৰি যে, যোৱা বছৰ তালিবানে কাবুল দখল কৰাৰ পিছতেই ভাৰতে নিজৰ কূটনীতিকসকলক দেশলৈ ঘূৰাই আনিছিল; যদিও দোহাত আফগানিস্তানৰ তালিবানী শাসকসকলৰ লগত ‘বেকচেনেল’ আলোচনা অব্যাহত আছিল ভাৰতৰ। এই প্ৰেক্ষাপটত কাবুলত ভাৰতীয় উপস্থিতি প্রয়োজনীয় হৈ পৰিছে। কাৰণ পাকিস্তান, চীন, ৰাছিয়া, ইৰাণৰ দৰে আঞ্চলিক শক্তিবোৰে ইতিমধ্যেই কাবুলত নিজৰ অৱস্থান শক্তিশালী কৰিছে। ইফালে তালিবানকো ভাৰতক প্রয়োজন। সাম্প্রতিক কালত পাকিস্তানৰ লগত তালিবানৰ সম্পর্কত ফাঁট মেলিছে। পাকিস্তানৰ তেহৰিক-ই তালিবানৰ লগত শান্তি চুক্তি চূড়ান্ত কৰাৰ বাবে আফগান তালিবানসকলৰ ওপৰত চাপ সৃষ্টি কৰিছে পাকিস্তানে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More