সাংবাদিক মুকুটৰাজ শৰ্মাক উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰামৰ সমন্বয়ক নিযুক্তি

ভাৰতীয় বাৰ্তাজীৱী মহাসংঘৰ সিদ্ধান্ত

0 18

গুৱাহাটী, ২ জুনঃ উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ সাংবাদিকসকলৰ অধিকাৰ, ন্যায্যপ্ৰপ্তিৰ হকে একত্ৰিতভাৱে সংগ্ৰামখন আগুৱাই নিয়াৰ বাবে ভাৰতীয় বাৰ্তাজীৱী মহাসংঘ তথা আই এফ ডব্লিউ জেই সিদ্ধান্ত গ্ৰহণ কৰিছে । সেই অনুসৰি আজি গঠন কৰা হৈছে উত্তৰ পূৰ্বাঞ্চল সাংবাদিক ফৰাম। উত্তৰ পূৰ্বাঞ্চলৰ সাত ৰাজ্য ক্ৰমে অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, মণিপুৰ আৰু ত্ৰিপুৰাৰ সাংবাদিকসকলক অন্তৰ্ভুক্ত কৰি উক্ত ফৰাম গঠনৰ সিদ্ধান্ত লোৱা হৈছে। আজি আই এফ ডব্লিউ জেৰ সম্পাদক প্ৰধান পৰমানন্দ পাণ্ডেয়ে এক পত্ৰ যোগে উক্ত ফৰামৰ সমন্বয়ক হিচাপে অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক মুকুট ৰাজ শৰ্মাক নিযুক্তি দিয়ে। দীৰ্ঘদিনে আই এফ ডব্লিউ জেৰ ৰাষ্ট্ৰীয় পৰিষদৰ সদস্য হিচাপে সাংবাদিকসকলৰ কল্যাণ আৰু অধিকাৰৰ হকে কাম কৰি অহা শৰ্মাক উক্ত দায়িত্ব দি সাতখন ৰাজ্যৰ সাংবাদিক সকলক একত্ৰিত কৰাৰ বাবে প্ৰয়াস লবলৈ আহ্বান জনাইছে। শেহতীয়াভাৱে কেন্দ্ৰীয় চৰকাৰে ৱৰ্কিং জাৰ্নালিষ্ট এক্ট -১৯৫৫ বাতিল আৰু সাংবাদিক কল্যাণৰ হকে থকা বিভিন্ন সা সুবিধা প্ৰত্যাহাৰ কৰাৰ পিছতে দেশজুৰি সাংবাদিক সকলৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। যোৱা ২৮ মেত দিল্লীত দেশৰ ৯ টা সাংবাদিক সংগঠন একত্ৰিত হৈ সমগ্ৰ দেশতে সংগ্ৰামখন একত্ৰিতভাৱে আগুৱাই নিয়াৰ বাবে সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰিছিল। ইয়াৰে অংশ হিচাপে উত্তৰ পূৰ্বাঞ্চলৰ সাংবাদিক সংগঠন আৰু সংবাদ কৰ্মী সকলক একত্ৰিতভাৱে কাম কৰাৰ বাবে আই এফ ডব্লিউ জেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে । গুৱাহাটী দূৰদৰ্শন আৰু নিউজ লাইভৰ জ্যেষ্ঠ সাংবাদিক মুকুট ৰাজ শৰ্মাক সমন্বয়ক হিচাপে নিযুক্তি দিয়াত অসম বাৰ্তাজীৱী সংঘ আৰু গুৱাহাটী প্ৰেছ একাডেমিয়ে শৰ্মাক অভিনন্দন জ্ঞাপন কৰিছে। আনহাতে এক বিবৃতিত অসম বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদক মুকুট ৰাজ শৰ্মাই এইক্ষেত্ৰত অসমৰ সকলো সাংবাদিক, সাংবাদিক সংগঠনৰে সহযোগিতা কামনা কৰিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More