সাংবাদিক হেমন্ত বেজলৈ ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা’

0 30

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ, ১২ ডিচেম্বৰঃ দুৰ্নীতি বিৰোধী যুৱ শক্তি অসমে আজি লখিমপুৰৰ এন কে টিভিৰ সাংবাদিক হেমন্ত বেজক ‘দুৰ্নীতি বিৰোধী বিশেষ বঁটা- ২০২২’ প্ৰদান কৰে৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা জাৰ্নেলিজিম আৰু মাছ কমিউনিকেশ্বনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা হেমন্ত বেজে ২০১৪ চনৰ পৰা বৈদ্যুতিন মাধ্যমত সেৱা আগবঢ়াই আহিছে৷ এজন আবৃত্তিকাৰ হিচাবেও পৰিচিত বেজক আজি সংগঠনটোৱে কদমৰ নিজা গৃহলৈ গৈ এই বঁটা প্ৰদান কৰে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More