সাত-আঠ মাহৰ ভিতৰত প্ৰকাশ পাব অসম সাহিত্য সভাৰ পত্ৰিকাৰ একত্ৰ সংকলন

অসম সাহিত্য সভাৰ উদ্যোগত অনুষ্ঠিত হ'ব "অভিধান অধ্যয়ন দিৱস" - - ড° সূৰ্য্য কান্ত হাজৰিকা

0 77
  • তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ’ব নোৱাৰে
  • তেজপুৰ সাহিত্য চ’ৰাৰ ৩৬ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনত অসম সাহিত্য সভাৰ সভাপতি
  • মুখপত্ৰ “চয়নিকা” আৰু বীৰেন্দ্ৰ কুমাৰ বৰাৰ প্ৰবন্ধ সংকলন “হেঙুলী আভাৰ ৰেঙনি” উন্মোচন
  • শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ২১ মে’ঃ তেজপুৰক বাদ দি অসম সাহিত্য সভাৰ ইতিহাস পূৰ্ণাংগ হ’ব নোৱাৰে। সেয়েহে অসমৰ নৱ প্ৰজন্ম উপকৃত হ’ব পৰাকৈ অসম সাহিত্য সভাৰ যি সংগ্ৰহালয় গঢ়ি তুলিব বিচৰা হৈছে সেই সংগ্ৰহালয়ত সাহিত্য সভা সম্পৰ্কীয় তেজপুৰ ইতিহাসে বিশেষ স্হান লাভ কৰিব বুলি আজি বিয়লি তেজপুৰ সাহিত্য সভা ভৱনত মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই।20230521 183800 উল্লেখ্য ১৯৭৭ চনতে গঢ়ি উঠা তেজপুৰৰ সাহিত্য সম্পৰ্কীয় এক বিশেষ অনুষ্ঠান “তেজপুৰ সাহিত্য চ’ৰা” ৰ ৩৬ সংখ্যক দ্বি বাৰ্ষিক অধিৱেশনৰ বিয়লি অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি ৰূপে অংশ গ্ৰহণ কৰি ভাষণ প্ৰসংগত ড° হাজৰিকাই তেজপুৰত সাংস্কৃতিক দিশৰ ভালে সংখ্যক কাম কৰাৰ সুযোগ লাভ কৰিছিলো বুলি মন্তব্য কৰি পণ্ডিতপ্ৰৱৰ আনন্দৰাম বৰুৱাৰ আজিৰ স্মৃতি দিৱসৰ দিনটোতে ভাষা – সাহিত্যৰ অৰ্থে নিৰলস প্ৰচেষ্টা অব্যাহত ৰখা তেজপুৰ সাহিত্য চ’ৰাৰ অধিৱেশনত অংশ গ্ৰহণ কৰিবলৈ পাই ধন্য হৈছোঁ বুলি কৈ সমগ্ৰ পৃথিৱীত সংস্কৃতজ্ঞ হিচাপে সন্মান লাভ কৰা আনন্দৰাম বৰুৱা অৱদান স্মৰণ কৰে। ড° হাজৰিকাই এই প্ৰসংগত কয় যে, সংস্কৃত ভাষাত আনন্দৰাম বৰুৱাই যি চনেট সৃষ্টি কৰি গৈছে সেই চনেট সংস্কৃত ভাষাৰ সমগ্ৰ পৃথিৱীৰ প্ৰথম চনেট হিচাপে অভিহিত হোৱাতো অসমীয়াৰ বাবে গৌৰৱৰ কথা। অসমীয়া ভাষাতো যে এটা দোৱান নহয় বা বাংলা ভাষাৰ পৰা সৃষ্টি হোৱা ভাষা নহয় এটা স্বতন্তৰীয়া ভাষা সেই কথা প্ৰথমেই আনন্দৰাম বৰুৱাই বৃটিছক পতিয়ন নিওৱাৰ পিছতহে বৃটিছে অসমত বঙালী ভাষাৰ সলনি অসমীয়া ভাষা প্ৰৱৰ্তন কৰিছিল বুলি মন্তব্য কৰে। আনহাতে অসম সাহিত্য সভাক লৈ গ্ৰহণ কৰা কেতবোৰ পৰিকল্পনাৰ কথা সদৰি কৰি কয় – ঊনবিংশ শতিকাত সাহিত্য সভাৰ বীজ ৰোপণ হোৱাৰ পিছত বিংশ শতিকাত এই বীজে চানি ধৰে একবিংশ শতিকাত নতুন প্ৰজন্মই যাতে ইয়াৰ হৃদয়ংগম কৰি ন ৰূপত আগবঢ়াই নিব পাৰে তাৰ বাবে এটি সংগ্ৰহালয় নিৰ্মাণ কৰাৰ লগতে অসম সাহিত্য সভাৰ নথিপত্ৰ সঠিকভাৱে সংৰক্ষণৰ বাবে অচিৰেই এটি অভিলেখাগাৰ নিৰ্মাণৰ উপৰি বৰেণ্য ব্যক্তিৰ ভাষণ সমূহ সংৰক্ষণৰ বাবে এটা চাউণ্ড আৰ্কাইভ নিৰ্মাণ, আলোচনী আৰু স্মৃতিগ্ৰন্থ সংগ্ৰহালয় নিৰ্মাণৰ কথা সদৰি কৰে। ভাষণ প্ৰসংগত ড° হাজৰিকাই আন্তৰ্জাতিক অসমীয়া পঢ়ুৱৈ সমাজ এখন গঠন কৰাৰ সিদ্ধান্তৰ লগতে আগন্তুক সাত – আঠ মাহৰ ভিতৰত অসম সাহিত্য সভাৰ সকলো পত্ৰিকা একত্ৰে প্ৰকাশ কৰি উলিয়াব বুলি কৈ গল্প – উপন্যাস পঢ়াৰ দৰে সকলোকে অভিধান পঢ়িবলৈ আহ্বান জনায় আৰু অচিৰেই অসমত অসম সাহিত্য সভাৰ উদ্যোগত “অভিধান অধ্যয়ন দিৱস” উদযাপন কৰা হ’ব বুলি কয়।আনহাতে এই মুকলি সভাতে তেজপুৰ সাহিত্য চ’ৰাৰ জ্যেষ্ঠ সদস্য বীৰেন্দ্ৰ কুমাৰ বৰাৰ প্ৰবন্ধ সংকলন “হেঙুলী আভাৰ ৰেঙণি” উন্মোচন কৰা সভাপতি গৰাকীয়ে সাংবাদিকৰ কেতবোৰ প্ৰশ্নৰ উত্তৰত অসমৰ সকলো বিদ্যালয়ৰ মাধ্যম অসমীয়া ভাষাত হোৱা উচিত বুলি কৈ ইতিমধ্যে অসমৰ সকলো চৰকাৰী বেচৰকাৰী কাৰ্যালয় সমুহত অসমীয়া ভাষা ব্যৱহাৰৰ বাবে অসম সাহিত্য সভাই উদ্যোগ লৈ আহিছে৷ শেহতীয়াকৈ ৰাজ্য চৰকাৰে চৰকাৰী বিদ্যালয় সমুহত অংক আৰু বিজ্ঞানৰ পাঠ্যক্ৰম ইংৰাজী ভাষাত কৰাৰ পিছত সভাপতি ড° সূৰ্য্য হাজৰিকাই কয় – অসমৰ বিদ্যালয় সমুহত অসমীয়া ভাষাৰহে ব্যৱহাৰ হোৱা উচিত৷ ইতিমধ্যে বহু চৰকাৰী বিদ্যালয়ে ইংৰাজী ভাষাত ছপা কৰা পাঠ্যপুঠি সমুহ ওভতাই দিছে৷ এই প্ৰসংগত সাহিত্য সভাৰ সভাপতিৰ মন্তব্য সমগ্ৰ বিষয়টোক লৈ ৰাজ্য চৰকাৰৰ সৈতে পুনৰ সাহিত্য সভাই আলোচনা কৰিব আৰু বিষয়টো বিবেচনাৰ বাবে চৰকাৰক অনুৰোধ জনাব।তেজপুৰ সাহিত্য চ’ৰাৰ সভাপতি ৰমেশ চন্দ্ৰ কলিতাৰ পৌৰোহিত্যত বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰাৰ বৰগীত পৰিবেশনেৰে আৰম্ভ হোৱা দ্বিবাৰ্ষিক অধিবেশনৰ উদ্দেশ্য ব্যাখ্যা কৰাৰ লগতে বিগত অধিবেশনৰ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদক অক্ষয় কুমাৰ মিশ্ৰই। এই অধিবেশনতেই বিশিষ্ট গল্পকাৰ মানিক বৰাৰ দ্বাৰা সম্পাদনা কৰা সাহিত্য চ’ৰাৰ মুখপত্ৰ চয়নিকা উন্মোচন কৰে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড. বীৰেন দাসে। উন্মোচনী ভাষণ প্ৰসংগত সীমিত সংখ্যক সদস্যৰে সীমায়িত সৰু অনুষ্ঠান হ’লেও তেজপুৰ সাহিত্য চ’ৰাই জাতীয় সাহিত্য উত্তৰণত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰি আহিছে বুলি মন্তব্য কৰি এই অনুষ্ঠানৰ পৰাই প্ৰকাশিত দুখনকৈ গ্ৰন্হই কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰসংগ পুথি হিচাপে অনুমোদন লাভ কৰাটো অসমৰ বিদ্যায়তনিক ক্ষেত্ৰখনলৈ এক মূল্যবান অবদান বুলি মন্তব্য কৰে। উপসভাপতি ড° সুৰেশ কুমাৰ আৰ্যই আসন শুৱনি কৰা এই অনুষ্ঠানতে জ্যোতি সংগীত পৰিবেশন কৰে অধিবক্তা ত্ৰিবেণী ভট্টাচাৰ্য্যই।এই অধিবেশনতে বিভিন্ন ন্যাসৰ সৌজন্যত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত ছাত্ৰ-ছাত্ৰীসকলৰ লগতে তেজপুৰ সাহিত্য চ’ৰাৰ ২০২২-২৩ বৰ্ষৰ সাহিত্য প্ৰতিযোগিতাৰ বিজয়ী প্ৰতিযোগীসকলক পুৰস্কৃত কৰা হয়। পণ্ডিত ৰাজেশ্বৰ শৰ্মা আৰু জয়ন্তী প্ৰিয়া সোঁৱৰণী ন্যাসৰ সৌজন্যত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ সংস্কৃত বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপক মাধূৰ্য্য লগন শৰ্মা,ননী মাধৱ বৰুৱা সোঁৱৰণী ন্যাসৰ সৌজন্যত চৰকাৰী উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত সৰ্বোচ্চ নম্বৰ প্ৰাপক হিমাংশু গগৈ,পুষ্পকান্ত সোঁৱৰণী ন্যাসৰ সৌজন্যত তেজপুৰৰ তিনিখন মহাবিদ্যালয়ৰ পৰা স্নাতক চূড়ান্ত বৰ্ষৰ কলা শাখাত সৰ্বোচ্চ নম্বৰ প্ৰাপ্ত দৰং মহাবিদ্যালয়ৰ দক্ষিণা শৰ্মা, চন্দ্ৰকান্ত দেৱশৰ্মা সোঁৱৰণী ন্যাসৰ সৌজন্যত দৰং মহাবিদ্যালয়ৰ স্নাতক চূড়ান্ত বৰ্ষৰ পদাৰ্থ বিজ্ঞানত সৰ্বোচ্চ নম্বৰ প্ৰাপক বিশ্বনাথ চাৰিআলি অংকন সাহা, প্ৰফুল্ল গোস্বামী সোঁৱৰণী ন্যাসৰ তেজপুৰ মহাবিদ্যালয়ৰ ভিতৰত স্নাতক চূড়ান্ত বৰ্ষৰ শিক্ষা বিষয়ত সৰ্বোচ্চ নম্বৰ প্ৰাপক ৰঙাপাৰাৰ ববী শইকীয়াক পুৰস্কৃত কৰা হয়।আনহাতে কনক চন্দ্ৰ চৌধুৰী ন্যাসৰ অনুষ্ঠিত গল্প প্ৰতিযোগিতাৰ প্ৰথম জিম্ লি শিৱমে বিহঢেকীয়া গল্পৰ বাবেপ্ৰথম পুৰস্কাৰ লাভ কৰে।শুৱলা চৌধুৰী সোঁৱৰণী ন্যাসৰ কবিতা প্ৰতিযোগিতাৰ প্ৰথম পিনাকপানি বশিষ্ঠ(কবিতা-সূৰ্য যেতিয়া নামি আহে গেলিলিঅ’ গেলিলিৰ সন্মুখেৰে)

দ্বিতীয় কেশৱ চাও(কবিতা- কালৰ কান্ধৰ ওপৰেদি পাৰ হৈ যাওঁতে)আৰু তৃতীয় জিমলি শিৱমে(কবিতা-গৰ্বিত আঘোণ) পুৰস্কাৰ লাভ কৰে আৰু দীপাংকৰ কলিতাই(কবিতা যাদুঘৰ)উদগণি বঁটা লাভ কৰে। দিলীপ কুমাৰ শইকীয়া সোঁৱৰণী ন্যাসৰ শিশু কবিতা প্ৰতিযোগিতাৰ উদগণি বঁটা লাভ কৰে নলবাৰিৰ নালন্দা পাব্লিক স্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ অনুজ বশিষ্ঠ ৰচনা কৰা কবিতা জলন্ত জুইৰ বাবে পুৰস্কাৰ লাভ কৰে। ইয়াৰ আগেয়ে পুৱা ৯:৩০ বজাত চ’ৰাৰ সভাপতি ৰমেশচন্দ্ৰ কলিতাৰ দ্বাৰা পতাকা উত্তোলন কৰাৰ পিচতেই চ’ৰাৰ সদস্যসকলে স্মৃতি তৰ্পন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। ১০:৩০ বজাৰ লগে লগে চ’ৰাৰ বিষয় বাচনি সভা আৰম্ভ হয় আৰু চ’ৰাৰ পুৰণি সমিতিয়ে পদত্যাগ কৰাৰ পিচতেই তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অৱসৰপ্ৰাপ্ত মুৰব্বী অধ্যাপক, তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড° সুৰেশ কুমাৰ আৰ্যক সভাপতি,অক্ষয় কুমাৰ মিশ্ৰক উপ-সভাপতি,বীৰেন্দ্ৰ কুমাৰ বৰাক সম্পাদক, ড° সঞ্জয় কুমাৰ ডেকাক সহকাৰী সম্পাদক, ড° যতীন্দ্ৰ কুমাৰ চৌধাৰীক মুখপত্ৰ “চয়নিকা” ৰ সম্পাদক, পল্লব ভট্টাচাৰ্য্যক প্ৰচাৰ সম্পাদক আৰু শেখৰ বৰাক হিচাব পৰীক্ষক ৰূপে লৈ নতুন সমিতি গঠন কৰা হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More