সাত দশকৰ দীপ্ত মধুৰ শাসনেৰে উজ্জ্বল বাকিংহামৰ সিংহাসন

0 13

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুন : সিংহাসনতেই কটাই দিলে জীৱনৰ ৭০টা বছৰ ! অনেকেই হয়তো ৭০ বছৰ আয়ুসেই পোৱা নাই! এনে এক ব্যক্তিত্বক লৈয়েইতো চর্চা আৰু উদ্বেল উদযাপনৰ স্রোত বৈ যাব। গৈছেও। বিশ্বজুৰি ৰাণী দ্বিতীয় এলিজাবেথৰ শাসনৰ প্লেটিনাম জুবিলীক লৈ হৈ চৈ লাগিছে। কেনে আছিল বাকিংহাম পেলেচত ৰাণীৰ জীৱনৰ প্রথম দিনবোৰ, কেনে আছিল তেওঁৰ শাসনতন্ত্রৰ দিনবোৰ? সকলোৱেই আজি ইতিহাসৰ সামগ্রী। ১৯২৬ চনৰ ২১ এপ্রিলত জন্ম। তেওঁৰ ৪ সন্তান— চার্লছ, প্রিন্স অব ৱেলছ; এনে, প্রিন্সেচ ৰয়েল; প্রিন্স এনড্রিউ, ডিউক অব য়র্ক; প্রিন্স এডৱার্ড, আর্ল অফ ৱেচেক্স! ৰাণীয়ে ইউনাইটেড কিংডমৰ উপৰি কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্রিকা, পাকিস্তান আৰু শ্রীলঙ্কাৰো অভিভাৱকত্ব কৰিছে। এই দেশবোৰ লৈয়েই কমনৱেলথ। ১৩জন প্রধানমন্ত্রীৰ লগত কাম কৰিছে। সাফল্যৰ লগতেই কাম কৰিছে। সংযতবাক ৰাণীৰ মধুৰ ব্যক্তিত্বত মুগ্ধ হৈছে সকলোৱেই। চম্ভালিছে নানা সঙ্কটকাল, নানা বিপত্তি। আকৌ সংসাৰৰ নানা চাপো চম্ভালিছে নিপুণতাৰে। সম্প্ৰতি বিশ্বজুৰি এই বর্ণময় ব্যক্তিত্বক লৈ চলিছে চর্চা, শ্রদ্ধা জ্ঞাপন, অভিনন্দন।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More