সাধনাৰ স্থলী তেজপুৰত বিশ্ব বৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনৰ স্মৰণ

"ভূপেন হাজৰিকা কলাভূমি"ক তেজপুৰৰ অন্যতম আকৰ্ষণীয় ক্ষেত্ৰ হিচাপে গঢ়ি তোলা হ'ব দেৱ কুমাৰ মিশ্ৰ, উপায়ুক্ত

0 21

শতাব্দ প্ৰতিনিধি, তেজপুৰ , ৮ ছেপ্টেম্বৰ : অসম আৰু অসমীয়াৰ প্ৰাণৰ আপোন শিল্পী, বিশ্ব বৰেণ্য, সুধাকণ্ঠ, ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ ৯৬ সংখ্যক ওপজা দিনটোৰ পুৱাই আজি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমিত গীত-কথাৰে ওপজা দিনৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে তেজপুৰৰ ৰাইজে।IMG 20220908 WA0054 শোণিতপুৰ জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত আজিৰ এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ভাৰত ৰত্ন গৰাকীৰ পূৰ্ণাবয়ব প্ৰতিমূৰ্তিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই । উপায়ুক্ত গৰাকীয়ে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সমান্তৰাল ভাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে ক্ৰমে – বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মা, প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, শোণিতপুৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া কৰবী শইকীয়া কৰণ, শোণিতপুৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত ৰমী বৰুৱা, পংকজ নাগবংশী, তেজপুৰ সাহিত্য সভাৰ সভাপতি ডাঃ ভূপেন শইকীয়া, অসমীয়া ক্লাবৰ উপসভাপতি পংকজ বৰা, শোণিতপুৰ জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাস, বিশিষ্ট কন্ঠশিল্পী কামাল ৰচিদ আহমেদ,জ্যোতি কলা কেন্দ্ৰ সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ লিখন শৰ্মা, বাণ থিয়েটাৰৰ সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰী, ডাঃ গোপাল বৰদলৈ, জংগম, তেজপুৰৰ জিন্টু বৰঠাকুৰ আদিয়ে। অসম সাহিত্য সভাৰ প্ৰচাৰ সম্পাদক পংকজ বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই বিশ্ব বৰেণ্য শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি তেজপুৰৰ ভূপেন হাজৰিকা কলাভূমি অধিক উন্নত কৰি আগন্তুক সময়ত শিল্পী গৰাকীক আৰু অধিক মহত্ব প্ৰদান কৰি প্ৰত্যেক সন্ধিয়া দুঘণ্টাকৈ সময় কম স্বৰত তেঁওৰ কালজয়ী গীত সমূহ বজাই থকাৰ ব্যৱস্থা কৰাৰ লগতে অতি আকৰ্ষণীয়কৈ কলাভূমিক সজাই তোলা হ’ব বুলি সদৰী কৰে। পুৱাই বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়া আৰু একাংশ বিশিষ্ট ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বৰেণ্য শিল্পী গৰাকীৰ “শাৰদী ৰাণী তোমাৰ হেনো নাম” শীৰ্ষক গীত পৰিবেশন কৰি ভূপেন হাজৰিকা কলাভূমি প্ৰাংগন জীপাল কৰি তোলে বিশিষ্ট কন্ঠশিল্পী কামাল ৰচিদ আহমেদে। আনহাতে অনুষ্ঠানটিত বিশ্ব বৰেণ্য শিল্পী গৰাকীৰ সান্নিধ্য লাভ কৰা বিশিষ্ট গীতিকাৰ সুৰকাৰ বংকিম শৰ্মাই সান্নিধ্যৰ কেতবোৰ স্মৃতি ৰোমন্থন কৰি ভূপেন হাজৰিকাক সকলোৱে খঙাল ব্যক্তি বুলি জানে যদিও তেওঁ প্ৰকৃততে এগৰাকী কোমল অন্তৰৰ ব্যক্তি আছিল সেই কথা তেওঁ নিজে কোৱা – “মই মাজে মাজে কমাৰ্চিয়েল খঙেৰে কিছুমান সুবিধা সৃষ্টিৰ ক্ষেত্ৰত আদায় কৰি লওঁ” কথা সদৰী কৰি কেতবোৰ অজানা কথাৰে ৰোমন্থন কৰে। আনহাতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ডঃ ভূপেন শইকীয়াই আজিৰ দিনটোত শিল্পী গৰাকীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি প্ৰদান কৰা চমু ভাষণত জ্যোতি – বিষ্ণু – ফণী শৰ্মাৰ উত্তৰসূৰী শিল্পী হিচাপে ড০ ভূপেন হাজৰিকাই দায়ৱদ্ধতা পালন কৰি গ’ল যদিও ভূপেন হাজৰিকাৰ উত্তৰসূৰীৰ এতিয়া অভাৱ পৰিলক্ষিত হৈছে বুলি উদ্বেগ প্ৰকাশ কৰি সেই আসন পুৰণ কৰিবলৈ ড০ ভূপেন হাজৰিকাৰ জীৱনদৰ্শন সঠিক ভাবে জনাৰ পৰিৱেশ সৃষ্টি কৰিব লাগিব বুলি কয়। অনুষ্ঠানটিত কন্ঠশিল্পী বিতোপন বৰা আৰু হীৰামণি লহকৰেও একোটিকৈ শিল্পী গৰাকীৰ গীত পৰিবেশন কৰে ।ইয়াৰোপৰি অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ জ্যোতি ভাৰতীত পুৱা ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে জ্যোতি ভাৰতীৰ সকলো শিল্পীয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ পিছত বিয়লি শোণিতপুৰ জিলা কবি সন্মিলনৰ সহযোগত এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন হয়। জিলা সাংস্কৃতিক উন্নয়ন বিষয়া তথা জ্যোতি ভাৰতীৰ ভাৰপ্ৰাপ্ত বিষয়া জিতেন কুমাৰ দাসে আঁত ধৰা অনুষ্ঠানটিত জিলাখনৰ কেবাগৰাকীও কবি শিল্পীয়ে গীত মাতেৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। একেদৰে ড০ ভূপেন হাজৰিকাৰ স্মৃতিৰে গৰিমামণ্ডিত তেজপুৰৰ বাণ থিয়েটাৰত সন্ধিয়া আয়োজন কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে সভাপতি বংকিম শৰ্মাই। সাধাৰণ সম্পাদক জিতুমণি দেৱচৌধুৰীয়ে আঁত ধৰা অনুষ্ঠানটিত উপসভাপতিদ্বয় দিলীপ বৰা, ভৱানন্দ দাস, সম্পাদক দ্বীজেন নাথ, হেমন্ত কুমাৰ শৰ্মা, সাধাৰণ পৰিচালক ভূপেন শৰ্মা, মঞ্চাধ্যক্ষ ৰাজীৱ মহন্তকে ধৰি কাৰ্যনিৰ্বাহক সদস্য সকলে অংশ গ্ৰহণ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More