সামৰিক ব্যয়ৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ ভিতৰত তৃতীয় বৃহৎ দেশ

ষ্টকহ'ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটৰ আজি প্ৰকাশিত প্ৰতিবেদনত প্ৰকাশ

0 18

শতাব্দ বিশেষ প্ৰতিনিধি, ২৫ এপ্ৰিলঃ ষ্টকহ’ম ইণ্টাৰনেশ্যনেল পীচ ৰিছাৰ্চ ইন্সটিটিউটে আজি প্ৰকাশ কৰা এখন প্ৰতিবেদনত উল্লেখ কৰা মতে, ২০২১ চনৰ বৰ্ষটোত বিশ্বৰ দেশসমূহে ২,১১৩ বিলিয়ন আমেৰিকান ডলাৰ সামৰিক সাজ-সজ্জাত ব্যয় কৰিছে। যোৱা বছৰটোতকৈ ইয়াৰ পৰিমাণ ০.৭ শতাংশ অধিক। সামৰিক ক্ষেত্ৰত সৰ্বাধিক ধন ব্যয় কৰা বিশ্বৰ দেশসমূহৰ ভিতৰত শীৰ্ষস্থানত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ। ইয়াৰ পাছতেই আছে ক্ৰমে চীন, ভাৰত, গ্ৰেট বৃটেইন আৰু ৰাছিয়া। এই পাঁচোখন ৰাষ্ট্ৰই সন্মিলিত ভাৱে কৰা ব্যয় বিশ্বৰ সৰ্বমুঠ সামৰিক ব্যয়ৰ ৬২ শতাংশ। এই বছৰটোত আমেৰিকা যুক্তৰাষ্ট্ৰই সামৰিক ক্ষেত্ৰত ব্যয় কৰিছিল মুঠ ৮০১ বিলিয়ন ডলাৰ। ইয়াৰ পৰিমাণ অৱশ্যে ২০২০ চনৰ তুলনাত ১.৪ শতাংশ কম যদিও সামৰিক গৱেষণা আৰু উন্নয়নৰ ক্ষেত্ৰত দেশখনে ২৪ শতাংশ অধিক ব্যয় কৰা দেখা গৈছে। চীনে পূৰ্বৰ বছৰটোতকৈ ৪.৭ শতাংশ বৃদ্ধিৰে ২০২১ চনত ব্যয় কৰিছিল ২৯৩ বিলিয়ন ডলাৰ।প্ৰতিৰক্ষা খণ্ডত তৃতীয় সৰ্বাধিক ব্যয় কৰা দেশ ভাৰতবৰ্ষই ব্যয় কৰিছিল ৭৬.৬ বিলিয়ন ডলাৰ। আগৰ বছৰটোৰ তুলনাত ইয়াৰ বৃদ্ধিৰ পৰিমাণ আছিল ০.৯ শতাংশ। তেনেদৰে ৩ শতাংশ বৃদ্ধিৰে গ্ৰেট বৃটেইনে ৬৮.৪ আৰু ৰাছিয়াই ২.৯ শতাংশ বৃদ্ধিৰে ৬৫.৯ বিলিয়ন ডলাৰ সামৰিক ক্ষেত্ৰত ব্যয় কৰাৰ তথ্য সংস্থাটোৱে সদৰী কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More