সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক বিশিষ্ট শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন

0 158

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ২৩ এপ্ৰিল : তিনিচুকীয়া জিলাৰ মাকুমস্থিত গোপালকৃষ্ণ বালিকা বিদ্যালয়ত আজি বিয়লি অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট শিশু সাহিত্যিক, অৱসৰপ্ৰাপ্ত শিক্ষক তথা সাহিত্য অকাডেমীৰ বঁটা প্ৰাপক হৰেন্দ্ৰ নাথ বৰঠাকুৰৰ ৬খন গ্ৰন্থ উন্মোচন কৰা হয় । আজি উন্মোচন কৰা গ্ৰন্থকেইখন হল ক্ৰমে স্বনিৰ্বাচিত গীতৰ গ্ৰন্থ ‘মোৰ গানৰ চৰাই’, ‘আইতাৰ মুখৰ পদ্য আৰু গীত’, ‘দোকমোকালিৰ বেলি’, ‘গীতিমালিকা’, ‘পাঁচখন শিশু নাট’ আৰু ‘চিৰিয়াখানা’ । গ্ৰন্থ কেইখন উন্মোচন কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত ভাৰপ্ৰাপ্ত উপাচাৰ্য ড° মদন শৰ্মাই । মাকুমৰ গিণি প্ৰকাশন আৰু শিৱসাগৰৰ নাট্যপীঠৰ উদ্যোগত অনুষ্ঠিত উক্ত অনুষ্ঠানত উন্মোচক, বিশিষ্ট শিক্ষাবিদ তথা লেখক ড° মদন শৰ্মাই এই পুথিকেইখনৰ সুকীয়া মূল্য আছে বুলি উল্লেখ কৰি বৰঠাকুৰক পৰিশীলিত জীৱনবোধৰ কবি, গীতিকাৰ বুলি মন্তব্য কৰে । অনুষ্ঠানত বিশিষ্ট সাহিত্যিক তথা আৰক্ষী বিষয়া ড° নন্দ সিং বৰকলাই শিশু সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰে ফুল ফুলাৰ পৃথিৱীৰ বাটেৰে আমাক স্বাগতম জনাইছে বুলি কয় । তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° জ্যোতি প্ৰসাদ চলিহাই বন্তি প্ৰজলন কৰি আৰম্ভ কৰা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট লেখক পুণ্য শইকীয়া আৰু গ্ৰন্থকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰেও বক্তব্য দাঙি ধৰে। অনুষ্ঠানত মাধ্যমিক শিক্ষা পৰিষদৰ অৱসৰপ্ৰাপ্ত সচিব ধনদেৱ মহন্ত, প্ৰবীন সাংবাদিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক পূৰ্ণানন্দ বৰুৱা প্ৰমুখ্যে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে । অনুষ্ঠানটোৰ আঁত ধৰে তিনিচুকীয়া মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ৰাণা চাংমাই আৰু শিক্ষক মণজিৎ ঠাকুৰে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More