সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিক হৰেন্দ্ৰ নাথ বৰঠাকুৰ অসুস্থ

0 121

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ৫ মে’ : সাহিত্য অকাডেমী বঁটাপ্ৰাপক শিশু সাহিত্যিক, নাট্যকাৰ হৰেন্দ্ৰ নাথ বৰঠাকুৰ সম্প্ৰতি অসুস্থ হৈ তিনিচুকীয়াৰ এখন ব্যক্তিগত ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । যোৱা নিশা হঠাতে গুৰুতৰভাৱে অসুস্থ হৈ পৰাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেওঁক চিকিৎসালয়ত ভৰ্ত্তি কৰে । বৰ্তমান তেওঁৰ শাৰীৰিক অৱস্থাৰ সামান্য উন্নতি হৈছে যদিও চিকিৎসকে সম্পূৰ্ণ জিৰণি লোৱাৰ লগতে বেছি কথাবতৰা পতাৰ পৰাও বিৰত থাকিবলৈ পৰামৰ্শ দিছে । উল্লেখ্য, কিছুদিন পূৰ্বে গুৱাহাটীলৈ যাওঁতে তাতেই অসুস্থ হৈ পৰা সাহিত্যিক গৰাকীক পৰিয়ালৰ লোকে ততাতৈয়াকৈ আয়ুৰ্বেদিক চিকিৎসালয়ত ভৰ্ত্তি কৰাইছিল । গুৱাহাটীত চিকিৎসা গ্ৰহণ কৰি তিনিচুকীয়াৰ মাকুমৰ গান্ধীনগৰস্থিত বাসগৃহত উপস্থিত হোৱা বৰঠাকুৰক চিকিৎসকে সেইসময়তো জিৰণি লবলৈ পৰামৰ্শ দিছিল । কিন্তু সমাজৰ বিভিন্ন শ্ৰেণীৰ লোকৰ সৈতে ঘনিষ্ঠতা থকা জনপ্ৰিয় সাহিত্যিকজনৰ অসুস্থতাৰ খবৰ পোৱাত তেওঁৰ গুণমুগ্ধসকলে সাক্ষাৎ কৰাৰ উপৰি অন্তৰংগ আলাপ অনুষ্ঠানৰো আয়োজন কৰে । অৱশ্যে যোৱা ২৩ এপ্ৰিলত বৰঠাকুৰৰ অনুমতি সাপেক্ষে পৰিয়ালৰ লোকে অনুষ্টুপীয়াকৈ আয়োজন কৰা এক অনুষ্ঠানত সাহিত্য অকাডেমী বঁটাপ্ৰাপক সাহিত্যিকজনৰ ৬ খন গ্ৰন্থ উন্মোচন কৰা হৈছিল । ইয়াৰ মাজতে যোৱা ৩ মে’ৰ দিনা তিনিচুকীয়াৰ সাংস্কৃতিক সামাজিক অনুষ্ঠান বিষ্ণুজ্যোতি সাংস্কৃতিক সমাজে সাহিত্যিক গৰাকীৰ বাসগৃহত আন এক অন্তৰংগ অনুষ্ঠানৰ আয়োজন কৰে । উক্ত অনুষ্ঠানত দীৰ্ঘদিনৰ পাছত তেওঁৰ সাক্ষাৎ হৈছিল ঘনিষ্ঠ বন্ধু তথা বিশিষ্ট শিল্পী লোকনাথ গোস্বামীৰ সৈতে । শেহতীয়া খবৰ মতে বৰঠাকুৰ চিকিৎসালয়ৰ পৰা গৃহলৈ প্ৰত্যাৱৰ্তন কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More