সাৱধান :ৰেচন কাৰ্ডে বিপদ মাতিব পাৰে আপোনাৰ

0 137

মুক্তামণি ভূমিফুকন

যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে এই বাতৰিটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ।ৰেচনকাৰ্ড সম্পৰ্কীয় কথাখিনি জানি আপুনি অনাকাংক্ষিত বিপদৰ পৰা মুক্ত হ’ব পাৰে। যি সময়ত দেশৰ লক্ষ লক্ষ যোগ্য জনতা ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে ঠিক তেনে সময়তে হাজাৰ হাজাৰ ভূৱা হিতাধিকাৰীয়ে ৰেচন কাৰ্ডৰ গৰাকী হৈ চৰকাৰী ৰেচনৰ সুবিধা ভোগ কৰি দৰিদ্ৰৰ অধিকাৰ খৰ্ব কৰিছে। শেহতীয়াকৈ ভাৰত চৰকাৰে তেনে আযোগ্য হিতাধিকাৰীসকলক সতৰ্ক কৰি শীঘ্ৰে সেইসকলৰ ৰেচনকাৰ্ডসমূহ ঘূৰাই দিবলৈ নিৰ্দেশ প্ৰদান কৰিছে। যিসকল লোক ১০০ বৰ্গ মিটাৰ বা ১০৭৬.৩৯ বৰ্গ ফুটতকৈ অধিক ভূমিৰ গৰাকী, যিসকলৰ ঘৰত চাৰিচকীয়া বা ততোধিক চকাৰ চলনক্ষম বাহন বা টেক্টৰ আছে, যাৰ অনুজ্ঞাপত্ৰযুক্ত আগ্নেয়াস্ত্ৰ আছে তেনে পৰিয়াল আৰু নিজা ফ্লেট থকা পৰিয়াল তথা চহৰত ৩ লাখ আৰু গ্ৰাম্য অঞ্চলত ২ লাখ টকাৰ বেছি বাৰ্ষিক আয় থকা পৰিয়াল ৰেচন কাৰ্ডৰ বাবে অযোগ্য বুলি বিবেচিত কৰি তেওঁলোকক শীঘ্ৰে ৰেচন কাৰ্ড ঘূৰাই দিবলৈ আহ্বান জনাইছে।ইয়াৰ ব্যতিৰেকে তেনে পৰিয়ালসমূহত ওপৰত আইনী পদক্ষেপ লোৱাৰো সতৰ্কতা প্ৰদান কৰিছে কেন্দ্ৰীয় চৰকাৰে। ৰেচনকাৰ্ডসমূহ ঘূৰাই দিব পৰাকৈ কেতবোৰ নিয়ম নিৰ্ধাৰণ কৰি দিয়া হৈছে আৰু উক্ত নিয়মৰ আধাৰত ৰেচন কাৰ্ডসমূহ শীঘ্ৰে ঘূৰাই দি স্বচ্ছ বিতৰণত সকলোৰে সহযোগিতা কামনা কৰিছে।

ৰেচন কাৰ্ডৰ পৰা বঞ্চিত হৈ আছে বহু যোগ্য পৰিয়াল

ৰেচন কাৰ্ড পোৱাৰ যোগ্যতা থকাৰ পিছতো এতিয়াও বঞ্চিত হৈ আছে দেশৰ বহু দৰিদ্ৰ পৰিয়াল।কৰ’না অতিমাৰীৰ সময়ত দৰিদ্ৰ পৰিয়ালসমূহলৈ বিনামূলীয়া ৰেচন যোগান ধৰিছিল কেন্দ্ৰীয় চৰকাৰে। সেই সেৱা বৰ্তমানেও জাৰি ৰখা হৈছে। সম্প্ৰতি অনুসন্ধানত ধৰা পৰিছে যে বহুতো আযোগ্য পৰিয়ালে সেই সেৱাৰ মুনাফা লৈ থকাৰ বিপৰীতে বহু যোগ্য পৰিয়াল এতিয়াও বঞ্চিত হৈ আছে। অৱশ্যে বৰ্তমানলৈকে ১কোটি ৭০ লাখ ৰেচন কাৰ্ড বাতিল কৰা হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More