সুখবৰৰ অপেক্ষাত ভাৰতীয় গ্ৰীণকাৰ্ড আবেদনকাৰী

0 17

 

শতাব্দ বিশেষ প্ৰতিনিধি, ১৮ মে’ :

সপোনপুৰী আমেৰিকা যুক্তৰাষ্ট্ৰত স্থায়ীভাৱে বসতি কৰাৰ সপোন দেখা সকলৰ বাবে সুখবৰ ! আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিৰ এখন পৰামৰ্শদাতা আয়োগে সৰ্বসন্মতিক্ৰমে ৰাষ্ট্ৰপতি জ’ বিডেনক চুপাৰিছ প্ৰদান কৰিছে যে, গ্ৰীণকাৰ্ডৰ বাবে কৰা সকলো আবেদন পত্ৰৰ প্ৰক্ৰিয়া অহা ছমাহৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগে। এছিয়ান-আমেৰিকান, হাৱাইৰ ভূমিপুত্ৰ আৰু পেচিফিক আইলেণ্ডাৰ সকলৰ বাবে থকা ৰাষ্ট্ৰপতিৰ এই পৰামৰ্শদাতা আয়োগৰ চুপাৰিছ এতিয়া ৰাষ্ট্ৰপতিৰ চূড়ান্ত অনুমোদন বা সন্মতিৰ বাবে হোৱাইট হাউচলৈ যোৱাৰ পথত। আৰু আয়োগৰ এই পৰামৰ্শত ৰাষ্ট্ৰপতিয়ে অনুমোদন জনালে বিশেষকৈ অধীৰ আগ্ৰহেৰে দশক জুৰি অপেক্ষা কৰি থকা কেইবা সহস্ৰ ভাৰতীয়ৰ মুখত হাঁহি বিৰিঙাব। ভাৰতীয়-আমেৰিকান সম্প্ৰদায়ৰ এজন আগশাৰীৰ নেতা অজয় জৈন ভূটৰীয়াই আগবঢ়োৱা এই প্ৰস্তাৱটোৰ প্ৰতি আয়োগৰ ২৫ জন সদস্যই সৰ্বসন্মতিক্ৰমে সমৰ্থন জনায়। গ্ৰীণকাৰ্ড প্ৰদানৰ বিচাৰাধীন বেকলগৰ সমস্যা শীঘ্ৰেই সমাধান কৰা ইত্যাদি বিষয়বোৰৰ সন্দৰ্ভত ৰাষ্ট্ৰপতিৰ পৰামৰ্শদাতা আয়োগে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নাগৰিকত্ব আৰু প্ৰৱজন সম্পৰ্কীয় সংস্থাটোকো ব্যৱস্থা গ্ৰহণ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More