বিজয় বৰি
সুখ সুখ বুলি মানুহ বলিয়া
নেদেখে সুখৰ মুখ
সুখ বিচাৰোঁতে পায় সংসাৰত
দুখৰ উপৰি দুখ।
প্ৰতি গৰাকী মানুহেই জীৱনকালত সুখৰ সন্ধানত হাবাথুৰি খোৱা দেখা যায়। কিন্তু মানুহে বিচৰা এই সুখ সকলোৱে পাবলৈ সক্ষম হয়নে? কোৱা হয় সুখী হ’ব নজনাৰ বাবেই বহুতো মানুহে সুখ লাভ কৰিব নোৱাৰে। সেই কাৰণে মানুহে সুখৰ কাৰণেই সুখক বিচাৰি ফুৰিবলগীয়া হয়। আচলতে মানুহে বিচৰা একমাত্ৰ বস্তুটো হ’ল সুখ। সুখ হ’ল সকলো ভাল বস্তুৰ একত্ৰ সমাহাৰ। ‘মই সুখী হ’ব বিচাৰোঁ’ – এটা গান আৰম্ভ হৈছে এইটো বাক্যৰে। সেই একেটা বাক্যৰ মাজত সমগ্ৰ মানৱ জাতিৰ আকাংক্ষা প্ৰতিফলিত হৈছে। কিন্তু কোনোবাই যদি গানটো এনেকৈ গাব খোজে- ‘মই সুখী হ’ব খোজোঁ, কাৰণ …’ তেতিয়া তেওঁ বাক্যটো শেষ কৰিবলৈ আন শব্দ বিচাৰি নাপাব। তেওঁ বাক্যটো শেষ কৰিব লাগিব এনেকৈ – ‘মই সুখী হ’ব খোজোঁ, কাৰণ মই সুখী হ’ব খোজোঁ।’ অৰ্থাৎ সুখেই সুখৰ একমাত্ৰ কাৰণ।
সুখ আৰু সৎ জীৱনৰ বিষয়ে মহৎ লোকসকলৰ অনেক মতবাদ বা ধাৰণা আছে। উদাহৰণস্বৰূপে- প্লেটোৱে সুখৰ সংজ্ঞা দিছে এই বুলি– সুখ হ’ল মানুহৰ আত্মাৰ এটা প্ৰশান্ত অৱস্থা, সুখ হ’ল প্ৰকৃত সৎ মানুহৰ আধ্যাত্মিক সুখানুভূতি। এৰিষ্টটলৰ সুখী মানুহৰ নিচিনাকৈ প্লেটোৰ সুখী মানুহে কোনো পাৰ্থিৱ সম্পদ কামনা নকৰে। তেওঁৰ মতে কোনো বাহ্যিক কাৰণ বা ঘটনাই এজন সৎ মানুহক অসুখী কৰিব নোৱাৰে।
পাশ্চাত্য জগতৰ দাৰ্শনিক পৰম্পৰাত এজন মহান দাৰ্শনিকে সুখক মানৱ জীৱনৰ লক্ষ্য বুলি মানি ল’ব নোখোজে। তেওঁ হ’ল ইমানুৱেল কাণ্ট। সুখৰ অন্বেষণক কাণ্টে কেৱল স্বাৰ্থপৰ মানুহৰ কাম বুলি ভাবে। তেওঁৰ মতে যিবোৰ মানুহে ব্যক্তিগত সন্তুষ্টিক কৰ্তব্য আৰু অধিকাৰৰ ওপৰত স্থান দিব খোজে, কেৱল তেনেকুৱা মানুহে সুখ বিচৰাটো জীৱনৰ লক্ষ্য হিচাপে ঠিক কৰি লয়। তেওঁ ক’ব খোজে যে নৈতিক আইন মানি চলিবলৈ হ’লে মানুহে সুখ বিচাৰি নিজৰ কৰ্তব্য পালন কৰিলেই নচলিব, তেওঁ কৰ্তব্য পালন কৰিব লাগিব চৰ্তহীনভাৱে, কেৱল অনুশাসনৰ বশৱৰ্তী হৈ। সুখ হ’ব লাগিব নৈতিক কৰ্মৰ পৰিণামহে, সি কেতিয়াও নৈতিক কৰ্মৰ উদ্দেশ্য হ’ব নালাগিব। প্ৰত্যেক মানুহৰ সুখৰ সংজ্ঞা বেলেগ বেলেগ। এজন মানুহে হয়তো প্ৰধান মন্ত্ৰী বা মুখ্যমন্ত্ৰী হ’ব নোৱাৰালৈকে সুখী হ’ব নোৱাৰে, আন এজন মানুহৰ সুখ নিৰ্ভৰ কৰে তেওঁ পাবলৈ আশা পালি থকা ৰাষ্ট্ৰীয় সন্মান বা সাহিত্যিক পুৰস্কাৰটোৰ ওপৰত। এজন মানুহে মাত্ৰ এটা মুহূৰ্তৰ কাৰণেও নিঃসংগতা সহ্য কৰিব নোৱাৰে; আন এজনৰ কাৰণে নিঃসংগতাই হ’ল শান্তি আৰু আনন্দৰ প্ৰধান উৎস।
মহান দাৰ্শনিক ডেভিদ গ্ৰেছনে সুখ সন্দৰ্ভত এটা গুৰুত্বপূৰ্ণ সংজ্ঞা দিছে– সুখৰ প্ৰধান উৎস হ’ল কঠোৰ পৰিশ্ৰম। বহুত মানুহে ভাবে যে তেওঁলোকে কেৱল এটা চিন্তা, আৱেগ বা অনুভূতি উপভোগ কৰি সুখী হ’ব পাৰে। তাতকৈ বৰং সৌন্দৰ্যক চাবলৈ চেষ্টা কৰি চাওকচোন ! সুখ নিজে নিজে আপোনাৰ ওচৰলৈ নাহে। তাক ফুচুলাই আনিব লাগিব। সুখে মানুহক কৰ্মব্যস্ত হৈ থকা দেখিবলৈ বিচাৰে। সুখে ভাল পায় ঘাম, ক্লান্তি, আত্মোৎসৰ্গ। সুখক ৰাজপ্ৰসাদত বিচাৰি পোৱা নাযাব, সুখক বিচাৰি পোৱা যাব শস্যক্ষেত্ৰত, কাৰখানাত, লেখাৰ কাগজত সিঁচৰতি হৈ থকা টেবুলত। সুখে মুকুট পিন্ধাই দিয়ে কামৰ মাজত আত্মবিস্মৃত হৈ থকা শিশুৰ শিৰত। কাম কৰি থকা অৱস্থাত হঠাৎ মূৰ তুলি চালে তুমি দেখা পাবা সুখক। কিন্তু বহুতপৰ সুখৰ মুখলৈ চাই থাকিলে সি কিন্তু বিষণ্ণ মুখেৰে পলকতে অদৃশ্য হ’ব। তেওঁ আৰু কৈছে — কঠিন শাৰীৰিক পৰিশ্ৰমৰ মাজত কিবা এটা গভীৰ উৎল্লাস আছে। আচলতে কাম কৰি থকাৰ সময়ত মানুহে চিন্তা কৰিবলৈ এৰি দিয়ে। মই প্ৰায়েই মনেৰে একো চিন্তা নকৰাকৈ কেৱল কাম কৰি থাকোঁ; উদাহৰণ স্বৰূপে কুঠাৰেৰে কাঠ কাটি থকাৰ সময়ত নিতান্ত যান্ত্ৰিকভাৱে কুঠাৰখন ওপৰলৈ তোলা আৰু তললৈ নমোৱাৰ বাহিৰে মই আন একো চিন্তা নকৰোঁ। কিন্তু হঠাৎ কেতিয়াবা- বিশেষকৈ মই অকণো ক্লান্তি অনুভৱ নকৰা আবেলিবোৰত – মই অনুভৱ কৰোঁ যে পৃথিৱীখনে যেন কেৱল মোৰ কাৰণে নিজকে মেলি ধৰিছে, মোৰ চেতনালৈ সঞ্চাৰিত কৰি দিছে ইয়াৰ সৌন্দৰ্য আৰু অৰ্থ। সেইবোৰ মুহূৰ্তত মই অনুভৱ কৰোঁ এক আচহুৱা গভীৰ সুখ। তাকেই বোধহয় ক’ব পাৰি প্ৰায় পৰিপূণ প্ৰশান্তি।
আমেৰিকা ছুপ্ৰিম ক’ৰ্টৰ প্ৰাক্তন বিচাৰপতি লুই ডেমবিৎছ ব্ৰাণ্ডেইছ সুখ সম্পৰ্কে কোৱা কথাখিনি আছিল এইদৰে– কিছুমান মানুহে হীৰা-মুকুতা আৰু দুৰ্লভ শিল্প-কৰ্ম কিনি সংগ্ৰহ কৰে। আন বহুতৰ চখ দামী মটৰ-গাড়ী আৰু সুন্দৰ তৰুণী লগত লৈ প্ৰমোদ ভ্ৰমণ কৰা। মোৰ কিন্তু জীৱনত এটাই মাত্ৰ চখ আছে সেইটো হ’ল- মোৰ পৰিয়ালক পোহ-পাল দিয়াৰ পিছতো মোৰ যিখিনি শক্তি-সামৰ্থ্য ওপৰঞ্চি হৈ থাকে সেইখিনিক মই মানুহৰ উপকাৰত লগা যিকোনো সৎ কামত নিয়োগ কৰিব খোজোঁ। জনসাধাৰণৰ যিকোনো সমস্যা সমাধান কৰাত বা সমাধান কৰাত সহায় কৰাত মোৰ এই ওপৰঞ্চি শক্তি-সামৰ্থখিনি নিয়োগ কৰিবলৈ পালেই মই গভীৰ আনন্দ পাওঁ। তাৰ কাৰণে মই কোনো পাৰিশ্ৰমিকো নিবিচাৰোঁ। মটৰ-গাড়ী বা সুউচ্চ অট্ৰালিকা, তৰুণী লৈ ভ্ৰমণ কৰি লাভ কৰা আনন্দত ধনী বিলাসী লোকসকলে যেনেকৈ নিজৰ আনন্দৰ বিনিময়ত কোনো পাৰিশ্ৰমিক আশা নকৰে, ময়ো তেনেকৈ ৰাইজক সেৱা কৰি পোৱা আনন্দৰ বিনিময়ত কোনো পাৰিশ্ৰমিক নিবিচাৰোঁ। মোৰ মাত্ৰ এটাই জীৱন আছে, আৰু সি নিচেই চুটি। তেন্তে যিবোৰ বস্তু মই মোৰ জীৱনৰ কাৰণে আটাইতকৈ প্ৰয়োজনীয় বুলি অনুভৱ নকৰোঁ তেনে বস্তুৰ অন্বেষণত মই মোৰ চুটি জীৱনটো কিয় অপচয় কৰিম? ধন-সম্পত্তিক মই আটাইতকৈ প্ৰয়োজনীয় বস্তু বুলি নাভাবোঁ। মই কেৱল স্বাধীন হৈ থাকিবলৈ বিচাৰোঁ।
ফাডাৰ এম কে পালৰ মতে সুখ আহৰণৰ বাবে সুখ লাভৰ পৰিৱেশ সৃষ্টি কৰিব জানিব লাগিব। গৱেষক পালদেৱে এই ক্ষেত্ৰত এটা উদাৰহণ দাঙি ধৰিছে। গোমধানৰ খেতি কৰা এজন খেতিয়কৰ গোমধানে কৃষি প্ৰতিযোগিতাত প্ৰতিবাৰেই পুৰস্কাৰ লাভ কৰিছিলি। খেতিয়কজনৰ এই ধাৰাবাহিক সাফল্যৰ কাৰণটো জানিবলৈ এজন সাংবাধিকে খেতিয়কজনক সেই বিষয়ে প্ৰশ্ন কৰিলে। সাংবাধিকজনৰ প্ৰশ্নৰ উত্তৰত খেতিয়কজনে ক’লে — আপোনাক এই কথা নিশ্চয় নক’লেও হ’ব যে উত্তম ফচল পাবলৈ হ’লে উত্তম বীজ প্ৰয়োগ কৰাটো দৰকাৰ। কিন্তু কেৱল মই উত্তম বীজ প্ৰয়োগ কৰিয়েই উত্তম ফচল পাবলৈ আশা কৰিব নোৱাৰোঁ। মই সংগ্ৰহ কৰা উত্তম বীজবোৰৰ এটা অংশ মোৰ নিজলৈ ৰাখি বাকীখিনি বীজ মই ওচৰ-চুবুৰীয়াৰ মাজত ভগাই দিওঁ।
খেতিয়কজনৰ কথা শুনি সাংবাধিকজন আচৰিত হ’ল। তেওঁ আকৌ খেতিয়কজনক সুধিলে– কি কথা কৈছে আপুনি? আপোনাৰ ওচৰ-চুবুৰীয়া খেতিয়ককেইজনতো আপোনাৰ প্ৰতিযোগী। প্ৰতিবছৰেই হোৱা প্ৰতিযোগিতাবোৰত আপোনাৰ চুবুৰীয়া খেতিয়ককেইজনেও নিজৰ নিজৰ গোমধান লৈ প্ৰতিযোগিতাত অৱতীৰ্ণ হয়। তেনেস্থলত আপুনি আপোনাৰ সম্ভাব্য প্ৰতিযোগিসকলক নিজৰ উত্তম বীজৰ ভাগ দি আপুনি নিজৰেই ক্ষতি কৰা নাই জানো? খেতিয়কজনে হাঁহি এটা মাৰি ক’লে — আপুনি খেতি কৰা মানুহ নহয়। সেইকাৰণেই এনেকুৱা এটা প্ৰশ্ন কৰিছে। বতাহে গোমধানৰ ফুলবোৰৰ ৰেণু কঢ়িয়াই লৈ ইখনৰ পিছত সিখন পথাৰত ছটিয়াই দিয়ে। যদি মোৰ চুবুৰীয়া খেতিয়ক সকলে নিকৃষ্টমানৰ বীজ ব্যৱহাৰ কৰে, তেন্তে গোমধানৰ ৰেণুবোৰো নিকৃষ্টমানৰ হ’ব আৰু বতাহে সেই নিকৃষ্ট ৰেণু মোৰ গোমধানৰ পথাৰলৈকো কঢ়িয়াই আনিব আৰু তাৰ ফলত মোৰ গোমধানবোৰো নিকৃষ্টমানৰ হ’ব। সেইবাবে প্ৰতিযোগিতাত অংশ লৈ পুৰস্কাৰ আঁজুৰি আনিব নোৱাৰিব। কথাটো চমুকৈ ক’লে এনেকুৱা হ’ব যে মই যদি উৎকৃষ্টমানৰ খেতি কৰিব খোজোঁ তেন্তে মোৰ চুবুৰীয়া খেতিয়কসক লেও উৎকৃষ্টমানৰ বীজেই ব্যৱহাৰ কৰিব লাগিব।
কোনো সন্দেহ নাই যে এই খেতিয়কজন আছিল এজন জ্ঞানী মানুহ। জীৱনৰ সকলো ৰূপ পৰস্পৰৰ লগত অংগাংগীভাৱে জড়িত, সেই কথা খেতিয়কজনে নিজৰ স্বাভাৱিক জ্ঞানেৰেই বুজি পাইছিল। মানুহৰ জীৱনৰ ক্ষেত্ৰতো সেই একেটা কথাই প্ৰয়োজ্য। আপুনি যদি শান্তিত থাকিব খোজে, তেন্তে আপুনি ওচৰ-চুবুৰীয়াসকলকো শান্তিত থাকিবলৈ সহায় কৰিব লাগিব। আপুনি যদি ভালকৈ জীৱনটো যাপন কৰিব খোজে, তেন্তে ওচৰ-চুবুৰীয়াসকলেও ভালকৈ থকাটো আপুনি কামনা কৰিব লাগিব। আপোনাৰ স্পৰ্শত আনৰ কি মংগল সাধন হয় ঘাইকৈ সেই কথাৰ দ্বাৰাহে জীৱনৰ মূল্য নিৰ্ণয় কৰা হয়। সুখী জীৱন যাপন কৰিবলৈ বিচৰা মানুহে আনকো সুখী জীৱন যাপন কৰিবলৈ সহায় কৰিব লাগিব। প্ৰত্যেকজন মানুহৰ সুখ-শান্তি আন সকলো মানুহৰ সুখ-শান্তিৰ লগত অবিেচ্ছদ্যভাৱে জড়িত।
উইল ৰ’জাৰ্ছক এবাৰ সোধা হৈছিল — যদি তেওঁৰ জীৱনৰ আৰু মাত্ৰ পাঁচটা দিনহে বাকী আছে, অৰ্থাৎ পাঁচ দিনৰ মূৰত তেওঁ মৰিব, তেতিয়া তেওঁ কি কৰিব? উইল ৰ’জাৰ্ছে উত্তৰ দিলে — তেওঁ এবাৰত এটা দিনহে যাপন কৰিব; অৰ্থাৎ প্ৰথম দিনটো যাপন কৰোঁতে বাকী চাৰিটা দিনৰ কথা তেওঁ নাভাবে। আমি প্ৰত্যেকেই এনেকৈ জীৱনৰ প্ৰতিটো দিনক একোটা পানী নসৰকা কোঠালী কৰি লৈ যাপন কৰিব লাগে; অতীতৰ ভুলৰ কাৰণে অনুশোচনা কৰি বা কালিলৈৰ কাৰণে দুশ্চিন্তা কৰি নিজকে কষ্ট দিব নালাগে। দিনবোৰ এনেকৈ ভাগ ভাগকৈ যাপন কৰিলে মানুহৰ কৰ্মদক্ষতাও বৃদ্ধি পায়। চকুৰ আগত থকা কামটো পিছলৈ পেলাই নথৈ ততালিকে কৰি পেলালে মনটো শান্তিত থাকিব পাৰে। আপুনি যদি মানসিক শান্তিত জীৱনটো যাপন কৰিব খোজে, তেন্তে আজি কৰিবলগীয়া কামটো কালিলৈ পিছুৱাই নথ’ব।
উইল ৰ’জাৰ্ছকে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে — মানসিক অশান্তিৰ আৰু এটা কাৰণ হ’ল তুচ্ছ আৰু নগণ্য কথাবোৰত লাগি থাকি শক্তি আৰু সময় অপচয় কৰা। মানুহৰ জীৱনলৈ সৰু সৰু সমস্যা আৰু অশান্তি অনবৰত আহিয়েই থাকে। কিন্তু এইবোৰৰ বিৰুদ্ধে ওজৰ-আপত্তি কৰি থাকিলে মানুহে সুখেৰে জীয়াই থাকিবলৈ কেতিয়াও সময়েই নাপাব।
ডাঃ ৱালটাৰ এলভাৰেজ নামৰ কেলিফৰ্নিয়াৰ বিজ্ঞলোক এজন কোৱা কথা এটা লক্ষণীয়— মই আমাৰ দেশৰ ছিয়েৰা ক্লাবৰ সদস্য। আমাৰ ক্লাবটোৱে বছৰত এবাৰ ক্লাবৰ দুশজন সদস্যক পৰ্বত বগাবলৈ লৈ যায়। আমাৰ ক্লাবটোৰ কেইটামান অলিখিত কিন্তু গুৰুত্বপূৰ্ণ নিয়ম আছে। এইকেইটা হ’ল — যদি দিনে-ৰাতিয়ে লানি নিছিগাকৈ বৰষুণ দি থাকে, তেতিয়াও তোমাৰ মুখৰ পৰা এটাও আপত্তিৰ শব্দ ওলাব নোৱাৰে। যদি তোমাৰ বিছনা, কাপোৰ-কানি আৰু খাদ্যসামগ্ৰী কঢ়িয়াই অনা ট্ৰাকখন ঠিক সময়ত আহি নাপায়হি, তেতিয়াও তুমি মুখেৰে টু শব্দটোও উচ্ছাৰণ কৰিব নোৱাৰিবা। মই বহুত ৰাতি এনেকুৱা দৃশ্য দেখিবলৈ পাইছোঁ যে আমাৰ ক্লাবৰ সদস্যবোৰ বৰষুণত তিতি ঠাণ্ডাত ঠেৰেঙা লাগিছে, ভোকত আধামৰা হৈছে, মূৰৰ ওপৰত আশ্ৰয় নাই– কিন্তু তেনে অৱস্থাতো সকলো সদস্যই একো আপত্তি নকৰাকৈ হাঁহিছে, নাচিছে আৰু গান গাইছে। ছিয়েৰা ক্লাবৰ অলিখিত নিয়ম অনুযায়ী, যিকোনো পৰিস্থিতিৰ বিৰুদ্ধে ওজৰ-আপত্তি কৰি থকাটোৱেই হ’ল আটাইতকৈ ক্ষমাৰ অযোগ্য পাপ।
মনক শান্তিত ৰাখিবলৈ আৰু স্বাস্থ্য অটুত ৰখা সম্পৰ্কীয় ‘ফেচবুক’ত লাভ কৰা কেইটামান স্বাস্থ্য বিধি উল্লেখ কৰাৰ লোভ সামৰিব নোৱাৰিলোঁ। সুস্বাস্থ্য বৰ্তাই ৰাখিবৰ বাবে ৰাতিপুৱাৰ সময়ত কৰিব লগীয়া আৰু নকৰিবলগীয়া কেইটামান স্বাস্থ্য বিধি আলোচনা কৰা হ’ল। সচৰাচৰ কোৱা হয় যে দিনটোৰ আৰম্ভণি যিমানেই ভাল হ’ব, গোটেই দিনটো সিমানেই ভাল হ’ব। কিন্তু যদিহে আপুনি ৰাতিপুৱা পলমকৈ বিছনা এৰে বা আপুনি শুই উঠাৰ লগে লগে আপোনাৰ ম’বাইলটো চাবলৈ আৰম্ভ কৰে, এই অভ্যাসবোৰে আপোনাৰ স্বাস্থ্যক প্ৰভাৱিত কৰিব পাৰে আৰু আপুনি নজনাকৈযে অসুস্থ হৈ পৰিব পাৰে। এই অভ্যাসবোৰে আপোনাক ভাগৰুৱা অনুভৱ কৰাব আৰু গোটেই দিনটো সতেজ অনুভৱ কৰাৰ পৰা দূৰৈত ৰাখিব। গতিকে জানি লওঁক আহক ৰাতিপুৱা কোনবোৰ অভ্যাসে আমাক অসুস্থ কৰি তোলে।
(এক) ঘণ্টাৰ পিছত ঘণ্টা ধৰি বিছনাত পৰি থকাঃ ৰাতিপুৱা সাৰ পোৱাৰ পিছত আপুনি যিমান সম্ভৱ সোনকালে বিছনা এৰিব লাগে, কিন্তু বহু লোক আছে যিয়ে দীঘলীয়া সময়ৰ বাবে বিছনাতে থাকে। যদি আপুনি এনে কৰে আপুনি গোটেই দিনটো ভাগৰুৱা অনুভৱ কৰিব। ৰাতিপুৱা শুই উঠি এক ঘণ্টা ব্যায়াম বা যোগ আদি কৰাটো ভাল। ই আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী।
(দুই) সোনকালে ব্ৰেকফাষ্ট কৰকঃ ৰাতিপুৱা আহাৰ খোৱাটো কেতিয়াও পলম নকৰিব। এটা স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰে আপোনাক গোটেই দিনটো উদ্যমী কৰি ৰাখিব পাৰে। যদি আপুনি ৰাতিপুৱাৰ আহাৰ গ্ৰহণ নকৰে, আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হ’ব পাৰে আৰু আপুনি ৰোগৰ সন্মুখীন হ’ব পাৰে।
(তিনি) চাহ বা কফি গ্ৰহণ নকৰিবঃ ৰাতিপুৱা উঠি প্ৰথমে চাহ বা কফি খোৱাটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। আয়ুৰ্বেদ আৰু চিকিৎসা বিজ্ঞান দুয়োটাই ইয়াক সঠিক বুলি বিবেচনা নকৰে। এনে কৰিলে পেটত গেছ আৰু অন্যান্য সমস্যা হ’ব পাৰে।
(চাৰি) ব্যায়ামঃ ৰাতিপুৱা উঠি ব্যায়াম কৰাটো অতি গুৰুত্বপূৰ্ণ। ব্যায়ামে কেৱল গোটেই দিনটো সক্ৰিয় কৰি ৰখাই নহয়, ই আপোনাৰ পেশী, হাড় আৰু শৰীৰৰ বহু অংশ শক্তিশালী কৰি ৰাখে। ব্যায়ামৰ ফলত বহু গুৰুতৰ ৰোগো আঁতৰি যায়। ই আপোনাৰ মানসিক স্বাস্থ্যকো উন্নত কৰে।
(পাঁচ) ৰাতিপুৱাৰ আহাৰঃ সৱল স্বাস্থ্যৰ বাবে স্বাস্থ্যকৰ ৰাতিপুৱাৰ আহাৰ অতি গুৰুত্বপূৰ্ণ। ৰাতিপুৱাৰ আহাৰো গধুৰ হ’ব লাগে। ৰাতিপুৱাৰ আহাৰ এটমিল, শুকান ফল, ফলৰ ৰস, বুট-মগু, ৰুটি, সেউজীয়া পাচলি আদি খাব লাগে। এনে কৰিলে আপোনাক গোটেই দিনটো সক্ৰিয় হৈ থকাত সহায় কৰে।
আমি এটা কথা সদায় মনত ৰাখিব লাগে যে আমাৰ সঠিক চিন্তাধাৰাই আপোনাৰ পৰিকল্পনাক সঠিক বাটেৰে পৰিচালনা কৰাত সহায় কৰিব। পৰিকল্পনা মতে কাম কৰাটো এটা ডাঙৰ কথা। আমি যদি সঠিক চিন্তাৰে প্ৰস্তুত কৰা পৰিকল্পনা মতে কাম কৰি যাব পাৰোঁ, তেনেহ’লে আমাৰ জীৱনলৈ অলপ হ’লেও সফলতা আহিবই আৰু সুখ লাভৰ পথ প্ৰখস্থ হ’ব। তদুপৰি আমি কাম ধৰি ৰখাৰ মানসিতকা, ক্ষমতা আৰু কৌশল আয়ত্ত কৰিব লাগিব। কেতিয়াবা মনটো শান্তিৰে ৰাখিবলৈ আমি মৌনাৱলম্বনো কৰিব পাৰোঁ। যিমান পাৰোঁ সিমান সময় যদি মৌনাৱলম্বন কৰি ধ্যান কৰিব পাৰোঁ তেতিয়া আমাৰ মনৰ পৰা ঋণাত্মক চিন্তা আঁতৰি তাৰ ঠাইত ধনাত্মক চিন্তাই ঠাই ল’ব আৰু মনটো এক প্ৰশান্তিময় অৱস্থা প্ৰাপ্ত হ’ব। শান্তিপদ অভিজ্ঞতাৰে যিমান পাৰি মনটো ভৰাই ল’বলৈ যত্ন কৰিব লাগে। মাজে সময়ে সেইবোৰ বাছি বাছি মনত পেলাবলৈ যত্ন কৰিব লাগে। আৰু এনেবোৰ পন্থা যদি আমি আয়ত্ত কৰিব পাৰোঁ নিশ্চয় মনটো সতেজ আৰু সুন্দৰ হ’ব আৰু নতুন কিবা কৰিবলৈ উদগনি পোৱা যাব। শেষত কওঁ সাকাৰাত্মক আৰু সুন্দৰ চিন্তা অৱলোকনেৰে যদি আমি আমাক আগুৱাই নিবলৈ চেষ্টা কৰোঁ নিশ্চয় জীৱন সুখৰ হ’ব আৰু প্ৰকৃত জীৱন উদযাপন কৰা হ’ব।