সুনীল গগৈৰ ডি এন এৰ প্ৰতিবেদনৰ ওপৰত সন্দেহ ৰাইজৰ

পত্নী-পুত্ৰক লখিমপুৰত জেৰা

0 71
  • ঢকুৱাখনা সুনীল গগৈ কাণ্ডৰ ২৫ দিন
  • প্ৰকৃত ঘটনাৰ ৰহস্য উদ্ধাৰত ব্যৰ্থ আৰক্ষী
  • তথ্য-প্ৰমাণ আছে যদি সুনীলৰ পত্নী-পুত্ৰক গ্ৰেপ্তাৰ কৰক, অযথা হাৰাশাস্তি নকৰিব -গাঁওবাসী
  • অভিযন্তা জয়ন্ত গোস্বামীক জেৰাৰ দাবী
  • ঢকুৱাখনা থানাত ৰাইজৰ স্মাৰক পত্ৰWhatsApp Image 2024 06 25 at 8.24.17 PM

শতাব্দ ষ্টাফ ৰিপ’টাৰ লখিমপুৰ, ২৫ জুনঃ ৰাজ্য কঁপাই যোৱা ঢকুৱাখনাৰ সুনীল গগৈ কাণ্ডৰ আজি ২৫ দিন অতিক্ৰম কৰাৰ পিছতো প্ৰকৃত ৰহস্য উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী৷ এফালে সুনীল গগৈৰ সন্ধানহীন আৰু আনফালে সুনীল গগৈৰ ঠিকাৰ কাম কৰা জলজীৱন মিচনৰ ৰাজমিস্ত্ৰি জাহাংগীৰৰ মৃতদেহৰ (আৰক্ষীয়ে দাবী কৰা মতে) অৱশিষ্ট উদ্ধাৰৰ পিছত আৰক্ষীয়ে সুনীল গগৈৰ পত্নী-পুত্ৰকে ধৰি কেবাজনকো নিৰন্তৰ জেৰা অব্যাহত ৰাখিছে৷ সুনীল গগৈৰ পত্নী পুস্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈক আজি এচ আই টিয়ে সপ্তম দিনৰ বাবে জেৰা কৰে৷ বিগত কেইদিনত আৰক্ষীৰ লগতে এচ আই টিয়ে ঢকুৱাখনাত সুনীল গগৈৰ পত্নী-পুত্ৰ সহ গগৈৰ কেবাজনো আত্মীয়ক জেৰা কৰাৰ পিছত আজি পুৱাই পুস্পা গগৈ আৰু সৌৰভ গগৈক লখিমপুৰৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ আনি পুৱা ৮ বজাৰ পৰা জেৰা অব্যাহত ৰাখে৷ বাতৰি লিখা পৰলৈকে এচ আই টিৰ ৭জনীয়া এটি দলে দুয়োকে মাৰাথান জেৰা চলাই আছে৷ উচ্চ পদস্থ দলটোৰ জেৰাত সুনীল গগৈৰ পত্নী-পুত্ৰই কি তথ্য সদৰি কৰিছে সেই কথা এতিয়াও পোহৰলৈ অহা নাই৷ এই বাতৰি যুগুতোৱাৰ সময়লৈকে দুয়োকে আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ ভিতৰত জেৰা চলাই আছে৷ ইফালে ধুবুৰীৰ জাহাংগীৰৰ ভাতৃ জাহিদুলক আৰক্ষীয়ে কেবাদিনো সোধ-পোছ কৰাৰ অন্তত আজি আৰক্ষীয়ে তেওঁক ঘৰলৈ যাবলৈ দিয়ে৷

শতাব্দ ঢকুৱাখনাৰ প্ৰতিবেদক,২৫ জুনঃ ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱত ১জুনৰ নিশা সংঘটিত ভয়াবহ হত্যাকাণ্ডই পছিশ টা দিন অতিক্ৰম কৰিলে। কিন্তু এই দীঘলীয়া সময়ত আজিও অসম আৰক্ষীৰ অসহায় অৱস্থাটোহে জনচক্ষুৰ ওচৰত প্ৰকাশিত হৈছে। আজিও হত্যাকাণ্ডটোৰ সংঘটিত স্থানৰ পৰা উদ্ধাৰ কৰা অগ্নিদগ্ধ মৃতদেহটোৰ পৰা ঘাতকে চোকা অস্ত্ৰৰে কাটি লৈ যোৱা বুলি সন্দেহ কৰা মুণ্ডটো আৰু ইতিমধ্যে পলাতক ঘোষণা কৰা সুনীল গগৈৰো কোনো সন্ধান উলিয়াব পৰা নাই। ১৮ জুনত লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনে হায়দৰাবাদৰ পৰা অহা ডি এন এৰ প্ৰতিবেদনৰ ভিত্তিত সুনীল গগৈৰ ঘৰৰপৰা ৪০০ মিটাৰমান দূৰৰ ঘটনা স্থলীত উদ্ধাৰ কৰা মৃতদেহৰ অগ্নিদগ্ধ অৱশিষ্ট অংশটো সুনীলৰ পৰিৱৰ্তে পকা মিস্ত্ৰী জাহাঙ্গীৰৰ বুলি সংবাদ মাধ্যমক সংবাদ মেল যোগে প্ৰকাশ কৰে। একেখন সংবাদ মেলতেই আৰক্ষী অধীক্ষক গৰাকীয়ে সুনীল গগৈকে জাহাঙ্গীৰৰ হত্যাকাৰী হিচাপে চিহ্নিত কৰি পলাতক আচামী বুলি ঘোষণা কৰে।ইয়াৰ পিছত ১৯ জুনত ঘৰলৈ গৈ আৰু ২০ জুনৰপৰা ২৪ জুনলৈ ধাৰাবাহিক ভাৱে পাঁচ দিন ঢকুৱাখনা থানাত পুৱা ১০ বজাৰ পৰা নিশা ৯-১০ বজা পৰ্যন্ত বহুৱাই ৰাখি আৰক্ষীয়ে সুনীল গগৈৰ পত্নী আৰু পুত্ৰক জেৰা কৰে। ইফালে পঞ্চম দিনা ঢকুৱাখনা থানাৰ বিষয়াৰ পৰিৱৰ্তে তেওঁলোকক লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজন,অতিৰিক্ত আৰক্ষী অধীক্ষক নয়ন জ্যোতি বৰ্মন আৰু উপ আৰক্ষী অধীক্ষক দেৱেন বৰাই সুনীল গগৈৰ পত্নী আৰু পুত্ৰক প্ৰথম বাৰৰ বাবে পৃথকে পৃথকে জেৰা কৰে। আৰক্ষী অধীক্ষক নটৰাজনৰ নেতৃত্বৰ দলটোৱে বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৮-১৫ লৈ প্ৰায় ৪ ঘণ্টা সময় তেওঁ লোকক জেৰা কৰে যদিও আৰক্ষীয়ে সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ পৰা ঘটনা সংক্ৰান্তত একো নতুন তথ্য লাভ কৰিবলৈ নহ’ল। আনহাতে দেওবাৰে পুনৰ ঢকুৱাখনা আৰক্ষীয়ে সুনীল গগৈৰ পত্নী -পুত্ৰক সাপতীয়াৰ ঘৰত জেৰা কৰে। কিন্তু ছয় দিন ধৰি মাৰাথন জেৰা কৰাৰ পিছতো তেওঁলোক ঘটনাৰ লগত জড়িত থকাৰ কোনো সূত্ৰ অথবা তথ্য উলিয়াবলৈ সক্ষম নোহোৱা আৰক্ষীয়ে তেওঁলোকক সোমবাৰে লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষকৰ কাৰ্যালয় লৈ তলব কৰে। সেই অনুসৰি স্বামী আৰু পিতৃ শোকত ভাৰাক্ৰান্ত আৰু আৰক্ষীৰ জেৰাত ব্যতিব্যস্ত হৈ পৰা সুনীল গগৈৰ পত্নী পুষ্পা গগৈ আৰু পুত্ৰ সৌৰভ গগৈ আজি পুৱা ৯ বজাতে ঘৰৰপৰা ৮০ কিল’মিটাৰ দূৰৰ উত্তৰ লখিমপুৰস্থ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত উপস্থিত হয়। তাতো ঢকুৱাখনাৰ দৰে দিনটো বহুৱাই ৰাখি মাজে মাজে জেৰা কৰে। ইফালে লখিমপুৰ আৰক্ষীৰ এনে কাৰ্যকলাপত সমগ্ৰ ঢকুৱাখনা বাসীৰ অতিষ্ঠ হৈ পৰিছে। এই সন্দৰ্ভত ২৪ জুন সোমবাৰে ঢকুৱাখনাৰ সাপতীয়া চেতিয়া গাঁৱৰ ৰাজহুৱা বৰ নামঘৰত গাঁওখনৰ উন্নয়ন সমিতিৰ আহ্বানত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। সাপতীয়া চেতিয়া গাঁও গ্ৰামোন্নয়ন সমিতিৰ সভাপতি নৃপেন চেতিয়াৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনৰ আৰম্ভণিতে সাপতীয়া হত্যাকাণ্ডত নিষ্ঠুৰ ঘাতকৰ বৰ্বৰতাত প্ৰাণ হেৰুওৱা ধুবুৰীৰ পকামিস্ত্ৰী জাহাঙ্গীৰ হুছেইনৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ৰাইজে ভগৱানৰ ওচৰত মৌন প্ৰাৰ্থনা জনায়। আনহাতে সভাত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। সেই প্ৰস্তাব সমূহ আজি ঢকুৱাখনা মহকুমা মহিলা সমিতি, জ্যেষ্ঠ নাগৰিক সন্মিলন আৰু বহুতো দল -সংগঠনৰ প্ৰতিনিধিত্ব উপস্থিতিত ৰাইজে ঢকুৱাখনা থানাৰ ভাৰপ্ৰাপ্ত বিষয়াক প্ৰদান কৰে। ইয়াৰ দ্বিতীয় প্ৰস্তাৱ যোগে ৰাইজে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীক তদন্তৰ আউটিলৈ আনি জেৰা কৰাৰ দাবী জনোৱা হয়। কাৰণ জয়ন্ত গোস্বামীক এণ্টি কাৰাপচনৰ দ্বাৰা কৰায়ত্ব কৰোৱা অভিযানত বিশেষ ভূমিকা পালন কৰিছিল আৰক্ষীয়ে পলাতক ঘোষণা কৰা সুনীল গগৈয়ে। আৰু ঘটনাৰ পিছত সুনীলৰ জীৱনৰ প্ৰতি হত্যাৰ ভাবুকি আহিছিল। আনহাতে তৃতীয় প্ৰস্তাৱ যোগে ৰাজহুৱা সভাই ১ জুন তাৰিখে সুনীলৰ মৃত্যু হোৱা বুলি পৰিয়ালে হিন্দু ধৰ্মৰ পৰম্পৰা মতে প্ৰেত কৰ্ম সম্পাদন কৰে আৰু পত্নী পুষ্পা গগৈয়ে বিধবাৰ সাজ পৰিধান কৰি আহিছে। কোনো হিন্দু মহিলাই নিজৰ স্বামী মৃত্যু হোৱা বুলি অভিনয় কৰিব নোৱাৰে। ৰাইজে বিশ্বাস কৰে যে এই ঘটনাটো সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ জ্ঞাতসাৰে সংঘটিত হোৱা নাছিল। সেয়ে মানৱীয় দৃষ্টি কোণৰে প্ৰয়োজনত তেওঁ লোকক জেৰা কৰাৰ দাবী জনোৱা হয়। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগত কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামীয়ে লোৱা ধনৰ ভাগ এম এল এ,এম পি আনকি মন্ত্ৰী পৰ্যন্ত লাভ কৰে বুলিও সভাত জ্যেষ্ঠ নাগৰিকে বক্তব্য ৰাখে।সভাত বহুসংখ্যক বক্তাই আধুনিক প্ৰযুক্তিৰে শক্তিশালী অসম আৰক্ষীৰ বাবে এজন পলাতক আচামীক কৰায়ত্ব কৰিব নোৱাৰাটো অতি হতাশ আৰু ৰহস্যজনক বুলি মন্তব্য কৰে। সভাই আৰক্ষীয়ে ঘোষণা কৰা ডি এন এৰ প্ৰতিবেদনত সন্দেহ আছে বুলিও সভাত আলোচনা কৰে আৰু সেইয়া ৰাইজক প্ৰদৰ্শন কৰাৰো দাবী জনায়। ৰাইজে একেমুখে অসম আৰক্ষী আৰু চৰকাৰক দাবী জনাই যদি সুনীল গগৈৰ পত্নী আৰু পুত্ৰৰ বিপক্ষে কিবা তথ্য -প্ৰমাণ গোটাব পাৰিছে, তেন্তে তেওঁলোকক গ্ৰেপ্তাৰ কৰা উচিত বুলি মন্তব্য কৰে।এই ক্ষেত্ৰত ৰাইজে প্ৰশাসনক সহযোগিতা কৰিব বুলিও ৰাইজে সিদ্ধান্ত লয়। যদি তথ্য-প্ৰমাণ পোৱা নাই তেন্তে সুনীলৰ ভাৰাক্ৰান্ত পৰিয়ালক হাৰাশাস্তি দিয়াটো মানৱ অধিকাৰৰ বিৰোধী বুলিও বহু কেইজন যুৱকে সভাত বক্তব্য ৰাখে। একেদৰে যদি অপৰাধটোও লগত বি বি এ পঢ়ি থকা সুনীল পুত্ৰ জড়িত নাই তেন্তে ভৱিষ্যত ধ্বংস কৰাৰ দায়িত্ব কোনে ল’ব বুলি ৰাইজে আৰক্ষীক প্ৰশ্ন কৰে। আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ঘিলামৰা সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা জয়ন্ত গোস্বামী আৰু ঠিকাদাৰ তথা বিজেপিৰ নেতা সুনীল গগৈৰ মাজত গগৈৰ নেতৃত্বত গুৱাহাটীৰ হেঙেৰাবাৰীত ১১ মে’ত উৎকোছ লোৱাৰ পূৰ্বে হোৱা টেলিফ’নিক কথোপকথনৰ কিয়দংশ এতিয়া সামাজিক মাধ্যমত ব্যাপক ৰূপত প্ৰচাৰ অব্যাহত আছে। উক্ত অডিঅ’ ক্লিপবোৰত অভিযন্তা জয়ন্ত গোস্বামীয়ে সুনীল গগৈক বিহুৰ চান্দা দিয়াৰ পৰা,ওপৰৰ লোককো ধন দিবলৈ ধন বিচৰা কথা স্পষ্টকৈ উল্লেখ আছে। একেদৰে গোস্বামীক ধৰোৱাৰ পিছত সুনীল গগৈয়ে ঘটনাটো ইমান ডাঙৰ হ’ব বুলি ধাৰণা নকৰাৰ কথা, কেচু খান্দোতে সাপ ওলোৱাৰ উপক্ৰম হোৱা আৰু তেওঁক বিভিন্ন পক্ষৰ পৰা প্ৰাণনাশৰ ভাবুকিৰ কথা, সেই বিষয়ে প্ৰশাসনক অৱগত কৰা আদি সকলো দিশ উন্মোচিত হৈছে। ইয়াৰ পিছতো জয়ন্ত গোস্বামীৰ প্ৰতি আৰক্ষীয়ে দৰদ প্ৰদৰ্শন কৰাৰ অভিযোগ উত্থাপিত হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More