‘সুন্দৰৰে পূজাৰী তুমি’ গীতেৰে আজি ৰাভাক সুঁৱৰিব যোৰহাটৰ শিল্পীয়ে

বিষ্ণুপ্ৰসাদ ৰাভাক লৈ ব্যতিক্ৰমী প্ৰয়াস

0 20

শতাব্দ প্ৰতিনিধি, যোৰহাট, ১৯ জুন : এহাতে অস্ত্ৰ আৰু এহাতে সুকুমাৰ কলাৰ জৰিয়তে জনজাগৰণৰ সৃষ্টি কৰা বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই কাইলৈ যোৰহাট জিলাত উন্মোচন কৰা হ’ব এটি গীত। ‘সুন্দৰৰে পূজাৰী তুমি’ শীর্ষক গীতটিৰ ৰচনা আৰু সুৰ ৰঞ্জন কুমাৰ দত্তৰ। সংগ্রামী শিল্পীজনৰ পুত্ৰ হেমৰাজ ৰাভাৰ প্ৰতি বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰি প্রস্তুত কৰা দত্তৰ সৈতে কণ্ঠদান কৰিছে ৰশ্মিৰেখা বৰুৱা কাকতিয়ে। আৰ জে প্ৰডাকচনৰ বেনাৰত প্ৰস্তুত কৰা গীতটো অন্তৰা ষ্টুডিঅ’ত বাণীবদ্ধ কৰা হৈছে। পেছাত শিৱসাগৰ জিলাত লোকনির্মাণ বিভাগৰ অভিযন্তা হিচাবে কর্মৰত তথা সংগীত আৰু সাহিত্য ক্ষেত্ৰত অন্যতম ৰাপ থকা দত্তই সামাজিক দায়বদ্ধতা হিচাপে তেওঁ ড° ভূপেন হাজাৰিকা ফাউণ্ডেশ্যন যোৰহাটৰ সচিব (১৯৯৫ চনত প্ৰতিষ্ঠাৰে পৰা), সাংস্কৃতিক সম্পাদক, অনাতাঁৰ শিল্পী মঞ্চ, অবিভক্ত শিৱসাগৰ জিলা, প্রাক্তন সম্পাদক ভূপেন্দ্র সংগীত সমিতি, সামাজিক অনুষ্ঠান “সপ্তক”, “অভিনৱ” ইত্যাদিৰ জৰিয়তে সেৱা আগবঢ়াই আহিছে। সংগীতৰ ক্ষেত্ৰলৈ সাংস্কৃতিক কর্মী হিচাপে তেওঁৰ অৱদান শলাগিবলগীয়া।
গীতৰ এলবাম “প্ৰণয়” (জয়ন্ত হাজৰিকাৰ অপ্রকাশিত গীতৰ সংকলনৰ পৰিকল্পনা) আৰু প্ৰয়োজনা-সুধাকণ্ঠৰ উপৰি মনীষা হাজৰিকা আৰু হেমেন দাসৰ কণ্ঠত), হেৰোৱা দিনৰ সপোন: জ্যোতিষ ভট্টাচাৰ্যৰ গীতৰ এলবাম, স্বকণ্ঠত (সহযোগী কণ্ঠ: ৰশ্মিৰেখা শ‍ইকীয়া),
মনিকোঁৱৰৰ গীত: খগেন মহন্তৰ লগত দ্বৈত কণ্ঠত বাণীবন্ধন, ভূপেন্দ্ৰ সংগীতৰ বাণীবন্ধন, কণ্ঠত কেইবাটিও স্বৰচিত আধুনিক গীতত সুৰাৰোপ আৰু বাণী বন্ধন, স্বৰচিত গীতত কণ্ঠদান কৰা শিল্পীসকলৰ ভিতৰত অনিমা চৌধুৰী,তৰালি শৰ্মা, মিনু বৰুৱা, জীবেন্দ্রমোহন দেবশর্মা, জয়ন্ত নাথ, শুভ্ৰা বৰুৱা, নয়ন অসম কলিয়াবৰীয়া আৰু অন্যান্য সকল, ভূপেন্দ্র অমৃত (চিডি ৰূপত সুধাকণ্ঠই অবাণিজ্যিক ভাবে গাই যোৱা দহটা গীতৰ সংগ্ৰহ) আৰু প্ৰচাৰ ড° ভূপেন হাজৰিকাদেৱৰ সম্পর্কে আকাশবাণীৰ দ্বাৰা প্ৰচাৰিত সংগীতালেখ্য ‘ গানেৰে কঁপাম দিগন্ত’ ৰ প্ৰচাৰ, বিভিন্ন কাকত আলোচনীৰ পাতত বিভিন্ন বিষয়ৰ অৰ্ধ শতাধিক প্ৰৱন্ধ প্ৰকাশ, তেওঁ ৰচনা কৰা গ্ৰন্থ হ’ল- মোৰ গানৰ মধুশালা, অসমীয়া সংগীত জগতৰ অজানা কথা ( যন্ত্ৰস্থ), ভূপেন্দ্ৰ সংগীতঃ মনন আৰু অন্বেষণ ,( যন্ত্ৰস্থ)। ড° দিলীপ কুমাৰ দত্তৰ গ্ৰন্থ ‘ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰথ’ৰ বাবে ১৯৮২ চনৰপৰা গীত সংগ্ৰহ, সুধাকণ্ঠই কণ্ঠদান কৰা অন্যান্য গীতিকাৰৰ গীতৰ সংকলন ( সম্পূৰ্ণ হোৱাৰ পথত), ডঃ দিলীপ কুমাৰ দত্তৰ জীৱনীভিত্তিক গ্ৰন্থৰ সম্পাদনা সহযোগী (সম্পূৰ্ণ হোৱাৰ পথত)। উল্লেখযোগ্য যে বিষ্ণুপ্ৰসাদ ৰাভাৰ বিষয়ে গীত ৰচনা কৰাৰ এনে প্ৰয়াস ৰাজ্যখনৰ সাংস্কৃতিক দিশত প্ৰথম বুলি জানিব পৰা গৈছে।

 

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More