সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে কঠোৰ হ’ব লক্ষীমপুৰ প্ৰশাসন

আৰক্ষী বিভাগলৈ দহটা "ব্ৰীড এনালাইজাৰ"

0 25

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১০ ফেব্ৰুৱাৰীঃ  লখিমপুৰ জিলা পথ সুৰক্ষা সমিতিৰ সভাখন আজি উপায়ুক্তৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত হৈ যায়। সভাখনিত সভাপতিত্ব কৰে উপায়ুক্ত সুমিত সত্তৱানে। উক্ত সভাত জিলাখনত সংঘটিত হোৱা দুৰ্ঘটনাসমূহৰ ওপৰত বিশদভাৱে আলোচনা কৰা হয়। জিলা পথ সুৰক্ষা সমিতিৰ সদস্যসকলে দুৰ্ঘটনা সংঘটিত হোৱা ঠাইসমূহ পৰিদৰ্শন কৰি পোৱা দুৰ্ঘটনাৰ কাৰণসমূহ সভাত দাঙি ধৰে আৰু এই কাৰণসমূহ নিৰাময় কৰিবৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষক উপযুক্ত পদক্ষেপ লবলৈ জিলা উপায়ুক্ত গৰাকীয়ে নিৰ্দেশ দিয়ে। সংশ্লিষ্ট বিভাগীয় তথ্য অনুসৰি বিগত জানুৱাৰী মাহত জিলাখনৰ ১৮ গৰাকী লোকে দুৰ্ঘটনাত পতিত হয় মৃত্যুক আঁকোৱালি লৈছে। ইয়াৰ ভিতৰত মদ্যপান কৰি দুচকীয়া বাহন আৰু গাড়ী চলোৱাৰ বাবেই বেছিভাগ দুৰ্ঘটনা সংঘটিত হৈছে। মদ্যপান কৰি গাড়ী চলোৱা কাৰ্য্য প্ৰতিৰোধ কৰিবলৈ আৰক্ষী বিভাগে জিলাখনৰ বিভিন্ন স্থানত তালাচী চকী স্থাপন কৰি নিয়মীয়া পৰীক্ষণ অব্যাহত ৰাখিছে যদিও যিবোৰ স্থানত তালাচী চকী নাই তেনে স্থানত দুৰ্ঘটনা সংঘটিত হোৱাৰ তথ্য লাভ কৰা হৈছে। এইক্ষেত্ৰত জনসাধাৰণ অধিক সজাগ হোৱাৰ লগতে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে জিলা প্ৰশাসন আৰু আৰক্ষী বিভাগক বিশেষ সহযোগিতা আগবঢ়াব লাগে বুলি সভাই মত পোষণ কৰে। লখিমপুৰ জিলাক দুৰ্ঘটনামুক্ত জিলা হিচাপে গঢ় দিয়াৰ ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা সভাই বিশেষভাবে কামনা কৰিছে। সুৰাপায়ী গাড়ীচালকৰ বিৰুদ্ধে জিলা প্ৰশাসন কঠোৰ হোৱাৰ ক্ষেত্ৰতো আজিৰ সভাই মত পোষণ কৰে। আৰক্ষী বিভাগে যাতে সুৰাপায়ী গাড়ীচালক সকলক সহজে চিনাক্ত কৰি জৰিমনা বিহিব পাৰে তাৰ সুবিধা হোৱাকৈ আজিৰ সভাত উপায়ুক্তগৰাকীয়ে জিলা পথ সুৰক্ষা সমিতিৰ হৈ দহটা “ব্ৰীড এনালাইজাৰ” আৰক্ষী অধীক্ষকগৰাকীক প্ৰদান কৰে। উত্তৰ লখিমপুৰ পৌৰসভা আৰু বিহপুৰীয়া পৌৰসভাৰ অন্তৰ্গত যিবোৰ স্থানৰ পথত গতিৰোধকৰ প্ৰয়োজন সেইবোৰ স্থানতো গতিৰোধকৰ ব্যৱস্থা কৰাৰ সম্পৰ্কতো আজিৰ সভাই বিশদভাৱে আলোচনা কৰে। সভাত আৰক্ষী অধীক্ষক বেদান্ত মাধৱ ৰাজখোৱা, জিলা পৰিবহন বিষয়া সত্যকাম গগৈৰ লগতে জিলা পথ সুৰক্ষা সমিতিৰ সকলো সদস্য উপস্থিত থাকে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More