সেনাবাহিনীত প্রথম মহিলা হেলিকপ্টাৰ পাইলট অভিলাষা বৰাকৰ ঐতিহাসিক নিযুক্তি

0 30
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৬ মে’ : প্রায় ৩৮ বছৰ হ’বৰ হ’ল ভাৰতীয় সেনা বাহিনীত মহিলাক বিষয়া হিচাবে নিয়োগ আৰম্ভ হোৱাৰ। আৰু ইমান বছৰৰ পিছত এইবাৰেই প্রথম আর্মি এভিয়েচন কর্পচত হেলিকপ্টাৰ পাইলট হিচাবে যোগ দিছে কোনো এক নাৰীয়ে। নাম যাৰ কেপ্তেইন অভিলাষা বৰাক। মহাৰাষ্ট্রৰ নাচিকত কমবেট আর্মি এভিয়েচন ট্রেইনিং স্কুলত বিগত এবছৰ ধৰি তেওঁ প্রশিক্ষণ লৈছিল। তাৰ পিছতেই তেওঁ সেনা বাহিনীত হেলিকপ্টাৰ পাইলট হিচাবে নিযুক্ত হৈছে। তেওঁ হৰিয়ানাৰ বাসিন্দা। পিতাক আছিল সেনাৰ কর্নেল। ২০১৮ চনৰ ছেপ্টেম্বৰত তেওঁ আর্মিৰ এয়াৰ ডিফেন্স কর্পচত নিযুক্ত হৈছিল। সেনাৰ সূত্রে প্ৰকাশিত খবৰ অনুসৰি, আৰু ৩৬জন আর্মি পাইলটৰ লগত তেওঁ উইংছ পদক পাইছে। আর্মি এভিয়েচন ডিজি লেফটেনেন্ট জেনেৰেল অজয় কুমাৰ চুৰিয়ে তেওঁক এই পদক প্রদান কৰে। ২০৭২ আর্মি এভিয়েচন স্কোৱাড্রনত ধ্রুব এডভান্সড লাইট হেলিকপ্টাৰ চালনা কৰাৰ দায়িত্ব পাইছে কেপ্তেইন অভিলাষা বৰাকে। ভাৰতীয় বায়ু সেনা আৰু ভাৰতীয় নৌ বাহিনীত আগৰে পৰাই মহিলা বিষয়াই হেলিকপ্টাৰ চলায় যদিও ২০২১ চনতহে প্রথমবাৰলৈ সেনাৰ তৰফৰ পৰা এই ক্ষেত্ৰত সিদ্ধান্ত লোৱা হয়। তাৰ পূৰ্বে কেৱল গ্রাউণ্ড ডিউটিতেই তেওঁলোক আছিল। এইবাৰ অভিলাষা বৰাকেই হ’ল প্রথম মহিলা, যি সেনাৰ পাইলট। প্রসঙ্গক্ৰমে উল্লেখ্য যে, বিগত বছৰ ইণ্ডিয়ান নেভিত প্রথম চাৰিগৰাকী মহিলা বিষয়াক যুদ্ধ জাহাজত মোতায়েন কৰা হৈছিল। ২০২১ চনৰ মে’ মাহত আর্মিত প্রথম মহিলাক মিলিটাৰি পুলিচত লোৱা আৰম্ভ কৰা হৈছিল।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More