সেনাৰ নামলৈ গাঞ্জা সৰবৰাহৰ কৌশল

 তেজপুৰত জব্দ চাৰিশ কিলো গাঞ্জা

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, তেজপুৰ, ৪এপ্ৰিলঃ তেজপুৰৰ পৰা এটা ব্যক্তিগত পৰিৱহণ প্ৰতিষ্ঠানৰ জড়িয়তে অজ্ঞাত লোকে মুঠ ৪০৬.২২কিলোগ্ৰাম সৰবৰাহ কৰিবলৈ গ্ৰহণ কৰা কৌশল পোহৰলৈ অহাত তেজপুৰত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে৷ আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি,তেজপুৰৰ বৰঝাৰ গাঁৱত থকা সৈনিক ট্ৰেঞ্চপ’ৰ্ট নামৰ পৰিবহন প্ৰতিষ্ঠানটোলৈ কালি এখন বলেৰ’ পিকআপ বাহনৰে অনা হৈছিল সামগ্ৰী ভৰ্তি চাৰিটা টিনৰ বাকচ৷ যথেষ্ট ওজন থকা এই বাকচ চাৰিটা উত্তৰ প্ৰদেশৰ গাজীপুৰলৈ পথোৱাৰ বাবে পৰিবহন প্ৰতিষ্ঠানটোৰ স’তে অনলাইন বুকিং কৰা হৈছিল৷ কালি এই বাকচ চাৰিটা প্ৰতিষ্ঠানটোত জমা দি এয়া সেনাৰ সামগ্ৰী বুলি কোৱাৰ লগতে সামগ্ৰী সমূহ অৰুণাচল প্ৰদেশৰ টেঙাৰ পৰা অনা হৈছিল বুলি কোৱা হয়৷ তদুপৰি আজি প্ৰতিষ্ঠানটোলৈ সেনাৰ লোক আহিব বুলিও কোৱা হয় আৰু সেয়ে পৰিবহন প্ৰতিষ্ঠানৰ গুডামত চাৰিওটা বাকচ ৰাখি থোৱা হয়৷ কিন্তু আজি দুপৰীয়া পৰ্যন্ত কোনো লোকেই নহাত আৰু বাকচ চাৰিটাত গন্তব্য স্হানৰ বিষয়ে সবিশেষ উল্লেখ নথকাত পৰিবহন প্ৰতিষ্ঠানটোৱে বাকচত উল্লেখ কৰা ফোন নম্বৰেৰে যোগাযোগ কৰাত সুদুত্তৰ লাভ কৰাত ব্যৰ্থ হয়৷ আনহাতে বাকচ চাৰিটাৰ পৰা গোন্ধ ওলোৱাত প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে এই বিষয়ে প্ৰতিস্হানটোৰ গৰাকী বিবেক কুমাৰ মিশ্ৰক জনাই আৰু মিশ্ৰই লগে লগে স্হানীয় শালনিবাৰী আৰক্ষী চ’কীত উপস্থিত হৈ আৰক্ষী বিষয়া সীমান্তজিৎ পাঠকক সবিশেষ জনায়৷ ইয়াৰ পাছতে আৰক্ষী পৰিবহন প্ৰতিষ্ঠানটোত উপস্থিত হৈ বাকচ চাৰিটা খোলাত একোটা বাকচত ১০টাকৈ পেকেটত ভৰাই থোৱা গাঞ্জা উদ্ধাৰ কৰে৷ এনে প্ৰতিটো পেকেটত প্ৰায় ১০কিলোগ্ৰামকৈ গাঞ্জা আছিল আৰু এটা বাকচত এশ কিলোগ্ৰাম গাঞ্জা আছিল৷ লগে লগে এই ঘটনা সন্দৰ্ভত আৰক্ষীৰ উৰ্দ্ধতন কৰ্তৃপক্ষৰ লগতে শোণিতপুৰ প্ৰশাসনকো জনোৱা হয় আৰু আৰক্ষীয়ে এই বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে৷ উল্লেখযোগ্য যে,প্ৰায় ২০লাখ টকা মূল্যৰ এই গাঞ্জা সেনাৰ নামলৈ সৰবৰাহ কৰিবলৈ বিচৰা আঁৰৰ দুস্কৃতিকাৰীৰ সন্ধান বৰ্তমানেও ওলোৱা নাই য’দিও কালি পৰিবহন প্ৰতিষ্ঠানটোৰ কাৰ্যালয়লৈ বাকচ চাৰিটা লৈ অনা বলেৰ’ পিকআপ খনৰ নম্বৰ চিচি টিভি কেমেৰাৰ পৰা সংগ্ৰহ কৰা হৈছে৷ আজি দিনৰ প্ৰায় দুই বজাত আৰক্ষীয়ে জব্দ কৰা এই গাঞ্জাৰ আঁৰৰ ৰহস্য উদ্ঘাটন হোৱা নাই যদিও ঘটনাস্থলীত শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰও উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আৰক্ষীৰ তদন্ত বৰ্তমান অব্যাহত আছে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More