সৈনিক শিল্পী বিঞ্চু প্ৰসাদ ৰাভাৰ বন্দনাৰে মুখৰিত ঊষাৰ নগৰী তেজপুৰ

0 48

গীতে-মাতে, কবিতা-নৃত্যৰে সমন্বয় ক্ষেত্ৰ,সাহিত্য সভা,নাট্যসন্মিলন,নটৰাজম কলা মন্দিৰ, জিলা কবি সন্মিলনকে ধৰি বিভিন্ন অনুষ্ঠানত কলাগুৰুক স্মৰণ

মনোজ কুমাৰ শইকীয়া, তেজপুৰ , ২০ জুন :

সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ ৫৩ সংখ্যক স্মৃতিদিৱসৰ আজিৰ দিনটোত প্ৰাতঃস্মৰণীয় শিল্পী গৰাকীক তেজপুৰৰ লগতে তেজপুৰৰ পাৰ্শ্বৱৰ্তী বিভিন্ন অঞ্চলত গভীৰ শ্ৰদ্ধাঞ্জলি জনোৱা হয়। আজি পুৱা ন বজাত গীতে মাত নৃত্যৰে মুখৰিত হৈ পৰে কলাগুৰুৰ সমাধি সমন্বয় ক্ষেত্ৰ। কলাগুৰু গৰাকীৰ জ্যেষ্ঠ পুত্ৰ তথা তেজপুৰৰ বিধায়ক পৃথ্বিৰাজ ৰাভাই সমাধিত শ্ৰদ্ধাঞ্জলি জনায় শুভাৰম্ভ কৰা সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ এই কাৰ্যসূচীত বাণ থিয়েটাৰৰ প্ৰাক্তন সভাপতি মহেন্দ্ৰ নাথ কেওঁট, তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া, অগপৰ ছাত্ৰ সংগঠন ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি মৃন্ময় বৰুৱা, সংকল্প অসমৰ বিষয়ববীয়া, তেজপুৰৰ সাংসদ পল্লৱ লোচন দাস, শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, মন্ত্ৰী অশোক সিংহল, অসম চৰকাৰৰ এমট্ৰনৰ উপাধ্যক্ষ ঋতুবৰণ শৰ্মা, শোণিতপুৰ জিলাৰ সহকাৰী আয়ুক্ত বৰ্ষা তালুকদাৰ, তেজপুৰ নগৰ উন্নয়ন কৰ্তৃপক্ষৰ সভাপতি বিৰাজ নাথ, তেজপুৰ ৰাজহ চক্ৰ বিষয়া পংকজ বৰাকে ধৰি তেজপুৰৰ বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াৰ লগতে বিশিষ্ট ব্যক্তি সকলে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত অংশ গ্ৰহণ কৰে। IMG 20220620 WA0027সমন্বয় ক্ষেত্ৰৰ আজিৰ এই অনুষ্ঠানতে নৱনিৰ্মিত মুকলি সভাকক্ষটি এক মাংগলিক পৰিৱেশত শুভাৰম্ভ কৰে জ্যেষ্ঠ পুত্ৰ তথা বিধায়ক পৃথ্বিৰাজ ৰাভাই ।উদ্বোধনী ভাষণত বিধায়ক গৰাকীয়ে এই সভাকক্ষই সমাধি ক্ষেত্ৰত অনুষ্ঠান পৰিবেশন কৰাৰ পথ সুচল কৰিব বুলি কৈ পিতৃৰ জীৱন দৰ্শন স্মৰণ কৰে। সমন্বয় ক্ষেত্ৰ পৰিচালনা সমিতিৰ উদ্যোগত সভাপতি পংকজ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত আজিৰ এই অনুষ্ঠানতে কলাগুৰু গৰাকীৰ জীৱন দৰ্শনৰ ওপৰত বিশিষ্ট গীতিকাৰ বংকিম শৰ্মাই ৰচনা কৰা আৰু আমেৰিকা নিবাসী কৃষাণু কৌশিকে সুৰ কৰা আৰু কন্ঠদান কৰা এটি সুন্দৰ গীত আনুষ্ঠানিক ভাবে উন্মোচন কৰে তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে। সাংসদ দাসে উন্মোচনী ভাষণত বিষ্ণুপ্ৰসাদ ৰাভাৰ অনন্য প্ৰতিভা আৰু দৰ্শনে যুগে যুগে সকলো শ্ৰেণীৰ জনসাধাৰণক উদ্বুদ্ধ কৰি আহিছে বুলি মন্তব্য কৰে। অনুষ্ঠানটো কলাগুৰু গীতৰ নৃত্যৰে মুখৰিত কৰি তোলে সৃজনী সংগীত মহাবিদ্যালয়, প্ৰহ্লাদ চন্দ্ৰ দাস স্মৃতি নৃত্যশালা আৰু ঊষা নগৰৰ নৃত্যশিল্পীৰ আকৰ্ষণীয় নৃত্যই। আনহাতে আজিৰ এই অনুষ্ঠানতে দেশী বিদেশী পৰ্যটক সকলৰ বাবে অসমীয়া, ইংৰাজী, হিন্দী আৰু বড়ো ভাষাৰ বিষ্ণুপ্ৰসাদ ৰাভা বিষয়ৰ এখন পৰ্যটকৰ হাতপুথি মন্ত্ৰী অশোক সিংঘল, সাংসদ পল্লৱ লোচন দাস, দৰংমহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ তথা তেজপুৰ পৌৰসভাৰ সদস্য ড° জয় শংকৰ হাজৰিকা, বিশিষ্ট সমাজকৰ্মী কুমুদ বৰঠাকুৰ, বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাৰ উপস্থিতিত উন্মোচন কৰে শোণিতপুৰৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ।উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰই ভাষণত আগন্তুক সময়ত সমাধি সমন্বয় ক্ষেত্ৰ অসমৰেই আকৰ্ষণীয় পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ সংকল্পৰ কথা সদৰি কৰি এই হাতপুথিখনে ৰাজ্যখনৰ অন্য প্ৰান্তৰ পৰ্যটক সকলক বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে জনাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰিব বুলি মন্তব্য কৰে।

আজিৰ এই অনুষ্ঠানতে বিশিষ্ট অনাতাঁৰ শিল্পী দুৰ্গাময়ী বৰা, কামাল ৰচিদ আহমেদ, পৱন দাস, অন্বেষা কাঞ্চন বৰা, অশ্লেষা কৌশিক, বিতোপন বৰা ৰাজশ্ৰী বৰুৱা, মূৰ্চ্ছনা শিৱম আদিয়ে গীত পৰিবেশন কৰাৰ লগতে ৰুবী বৰা আৰু বিকাশ জ্যোতি কলিতাই কবিতা আবৃত্তি কৰে।ইপিনে,ইয়াৰ পূৰ্বে পুৱা আঠ বজাত এসময়ত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাই আধাৰশিলা স্থাপন কৰা তেজপুৰ সাহিত্য সভা ভৱন প্ৰাংগণত থকা আৱক্ষ মূৰ্তিত বন্তি প্ৰজ্বলন আৰু মাল্যৰ্পন তথা পুষ্পাঞ্জলি অৰ্পণৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ক্ৰমে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, বিষ্ণুপ্ৰসাদ ৰাভা বঁটা প্ৰাপক বিশিষ্ট আলোকচিত্ৰ শিল্পী নলিনী বৰুৱাই। ইয়াৰ পিছতেই তেজপুৰ সাহিত্য সভাৰ সম্পাদক দেৱব্ৰত শৰ্মাই আঁত ধৰা বিশেষ স্মৃতিচাৰণ অনুষ্ঠানত বাণ থিয়েটাৰৰ সভাপতি বংকিম শৰ্মাই কলাগুৰুৰ গৰাকীৰ জীৱন কৃতীৰ ওপৰত আলোকপাত কৰাৰ লগতে তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া, শোণিতপুৰ জিলা সাহিত্য সভাৰ সভাপতি বাসুদেৱ শৰ্মা, প্ৰসিদ্ধ আলোকচিত্ৰ শিল্পী নলিনী বৰুৱা আদিয়ে স্মৃতিচাৰণ কৰে ।অনুষ্ঠানটিত দক্ষ আবৃত্তিকাৰ বিকাশ জ্যোতি কলিতাই বিষ্ণুপ্ৰসাদ ৰাভাৰ কবিতা আবৃত্তি কৰে।আনহাতে, অসম নাট্য সন্মিলন, বিহগুৰি শাখাৰ উদ্যোগত কালিৰে পৰা দুদিনীয়াকৈ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ ৫৩সংখ্যক মৃত্যু তিথি স্থানীয় “কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা স্মৃতি ভৱন”ত বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয় I শাখাৰ সভাপতি নাট্যকাৰ-পৰিচালক গণেশ দাসৰ সভাপতিত্বত আৰু সম্পাদক দিব্যজ্যোতি নাথে আঁত ধৰা শ্ৰদ্ধাঞ্জলি আৰু বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ বিশিষ্ট সামাজিক-সাংস্কৃতিক ক্ষেত্ৰৰ বহু কেইগৰাকী সন্মানীয় লোকে অংশ গ্ৰহণ কৰে । বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটিত অংশ গ্ৰহণ কৰি গণ শিল্পী গৰাকীৰ বৈচিত্ৰ্যময় জীৱন শৈলীৰ ওপৰত স্মৃতিচাৰণ কৰে–বিহগুৰি কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা সাহিত্য সভাৰ সভাপতি জিতেন্দ্ৰ কুমাৰ শইকীয়া,বিশিষ্ট সমাজ কৰ্মী কমলা প্ৰসাদ বৰা, দিলীপ বৰা,শোণিতপুৰ জিলাৰ নাট্য সন্মিলনৰ সভাপতি ত্ৰৈলোক্য মোহন নাথ,শ্ৰীমন্ত শংকৰদেৱ জাতীয় বিদ্যালয়ৰ অধ্যক্ষ জীৱন চন্দ্ৰ দাস,শাখাৰ অন্যতম উপদেষ্টা ৰাণু দেবী, ৰঞ্জন কুমাৰ মহন্ত,পবিত্ৰ বৰা,কাৰ্যকৰি সভাপতি বাবলু কলিতা,উপ সভাপতিদ্বয় প্ৰবীন কটকী,নৃপেন নাথ,সমাজকৰ্মী বিশ্বজিৎ নাথ, মাৰ্চিদেৱ নাথ প্ৰমুখ্যে বিশিষ্ট ব্যক্তি সকল ।বিহগুৰি নাট্য সন্মিলন শাখাৰ সংগীত বিভাগৰ ভাস্কৰ মৌনস,ভূপেন নাথ,দীপক বৰা,কৃষ্ণ নাথৰ প্ৰযোজনা আৰু পৰিচালনাত বিষ্ণু প্ৰসাদ ৰাভাৰ কেইবাটাও চিৰসেউজ গীতত সমৱেত আৰু একক কন্ঠেৰে পৰিৱেশন কৰা হয়। ৰাতুল শইকীয়া,পঙ্কজ কুমাৰ নাথ, চাইকিস্মীতা দাস,হীৰা দেৱী,অবন্তি বৰা,আস্থা দেবী,প্ৰস্তুতি কাকতি আৰু ভায়লীনা শিৱমে গীত সমূহ পৰিৱেশন কৰে । নৱ প্ৰজন্মৰ দুই প্ৰতিভাৱান যুৱক ক্ৰমে অভিজ্ঞান কৃষ্ণ মহন্তৰ “ৰাভাদেৱৰ ব্যক্তিগত জীৱনৰ সংঘাত আৰু সংগ্ৰাম” জ্ঞানাঙ্গ নাথৰ ” “বিষ্ণু সংগীতত বৈপ্লৱিক চেতনাৰ অৱলোকন”,শীৰ্ষক বিষয়বস্তুৰ আধাৰত কথন শৈলীৰ বক্তব্যই সভাগৃহৰ উপস্থিত ৰাইজৰ হৃদয় স্পৰ্শ কৰি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে। বিষ্ণু সংগীতৰ আধাৰত দলীয় আৰু একক নৃত্য প্ৰদৰ্শন কৰে আকাংক্ষা দেৱী, গায়ত্ৰী হাজৰিকা,উদেষ্ণা দেৱী আৰু ভাস্বতী শিৱমে।একেদৰে, ঐতিহ্যমণ্ডিত দৰং মহাবিদ্যালয়ত নৃত্য-গীত, আবৃত্তিৰে সৈনিক শিল্পী কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভালৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । বাণিজ্য বিভাগৰ অধ্যাপক ড° মনোজ কুমাৰ হাজৰিকাই আঁত ধৰা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি কলাগুৰুৰ আলোকচিত্ৰৰ সম্মুখত বন্তি প্ৰজ্বলনেৰে মুকলি কৰে দৰং মহাবিদ্যালয়ৰ অধ্যক্ষ ড° পলাশ মণি শইকীয়াই। অনুষ্ঠানত গীত পৰিৱেশন কৰে ছাত্ৰী দৰ্শিনী হাজৰিকা আৰু দ্বীপাঞ্জলী বসুমতাৰীয়ে। নৃত্য পৰিবেশন কৰে প্ৰীতি শিখা কলিতাই । দৰং মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা লগতে ছাত্ৰ-ছাত্ৰী সকলে কলাগুৰুলৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে।একেদৰে ৫৫নম্বৰ তিনিআলি প্ৰাথমিক বিদ্যালয়ত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাই বিদ্যালয় খনৰ ছাত্ৰ-ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰী আৰু অভিভাৱকসকলৰ সহযোগত বিষ্ণু প্ৰসাদ ৰাভা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উত্তৰ পশ্চিম তেজপুৰ সাহিত্য সভাৰ সভাপতি ৰবীন্দ্ৰ বৰা, উপ সভাপতি কামেশ্বৰ দাস,সম্পাদক প্ৰশান্ত দাস,সদস্য চিত্তৰঞ্জন পটংগীয়া উপস্থিত থাকে।সেইদৰে,তেজপুৰৰ আন এক সামাজিক সাংস্কৃতিক অনুষ্ঠান নটৰাজম কলা মন্দিৰৰ উদ্যোগতো সৈনিক শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনোৱা হয়। স্থানীয় কলেজিয়েট হাইস্কুল খেলপথাৰৰ কাষত স্থাপিত সৈনিকশিল্পী গৰাকীৰ আৱক্ষ মূৰ্ত্তিত পুস্পাঞ্জলি তথা বন্তি প্ৰজ্বলনৰে নটৰাজম কলামন্দিৰৰ বিষয়ববীয়া সকলে কলাগুৰুৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি তেওঁৰ কৰ্মৰাজীৰ স্মৰণ কৰাৰ লগতে তেওঁ জাতিটোৰ প্ৰতি আগবঢ়াই যোৱা অৱদানৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰা হয়। ইপিনে,যুগল উচ্চ মাধ্যমিক বিদ্যালয়ত বণাৰ্ঢ্য কাৰ্যসূচীৰে বিষ্ণুৰাভা দিৱস পালন কৰা হয়। বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি বকুল কুৰ্ম্মীৰ পৌৰোহিত্যত অনুষ্ঠিত ৰাভা দিৱসৰ মুকলি সভাত প্ৰধান শিক্ষক বিশ্বজিৎ বড়োৱে আদৰণি বক্তব্য প্ৰদান কৰাৰ লগতে বক্তব্য প্ৰসংগত তেওঁ, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আদৰ্শৰে অনুপ্ৰাণিত হ’বলৈ সকলোকে আহ্বান জনাই যিসকল বৰেণ্য ব্যক্তিৰ ত্যাগ আৰু সৃষ্টিৰ কৰকমলত আজি আমি থিয় দি আছো, তেনে সকলো পুৰুধা ব্যক্তিৰ জীৱন আৰু কৰ্মৰাজি অধ্যয়ন কৰিবলৈ সকলোকে আহ্বান জনায়। বিদ্যালয় কতৃৰ্পক্ষ, বিভাগীয় তত্বাৱধায়ক আৰু ছাত্ৰ সংসদৰ সহযোগত আয়োজিত ৰাভা দিৱসত ‘‘ছাত্ৰ বিষ্ণুৰাভা’’ শীৰ্ষক বিষয়ত বিদ্যালয়ৰ ছাত্ৰী দশম শ্ৰেণীৰ সুস্মিতা দেৱী, মঞ্জিৎ মণ্ডল, অষ্টমৰ উজ্বল বৰুৱা, একাদশৰ হিমাশ্ৰী দাস, মিতালী কেওট, সপ্তমৰ মৃদুল নাথ, বৰষা ডেকা, অষ্টমৰ সৌন্দৰ্য্যা বৰা, নবমৰ শ্ৰীমন্ত নাথ, নিকুমণি দেৱী, ষষ্ঠ শ্ৰেণীৰ ঝৰ্ণা দেৱী আৰু শিক্ষক ভীষ্মকান্ত মাহাতো আৰু সুমন দেৱীয়ে তত্ব গধুৰ বক্তৃতা প্ৰদান কৰে। কবিতা আবৃত্তিৰে সকলোকে মুগ্ধ কৰে অষ্টম শ্ৰেণীৰ ছাত্ৰী উদ্দীপনা নাথে। ছাত্ৰ-ছাত্ৰীৰ গীত-নৃত্যৰে মুখৰ হৈ পৰা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা-২০২২ত সুখ্যাতিৰে যুগল উচ্ছতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী ক্ৰমে- হিৰণ কুৰ্ম্মী, হিমাশ্ৰী মাহাতো, কোকিল বৰা, ত্ৰিনয়ন কেওঁট, নিশান্ত বড়ো, ভাস্কৰজ্যোতি কুৰ্ম্মী আৰু নেহা বড়োক গামোচা, প্ৰশংসা পত্ৰ আৰু গ্ৰন্থৰে সন্মানিত কৰা হয়। একেদৰে ২০১৯ ত অষ্টম শ্ৰেণীৰ বৃত্তি লাভ কৰা সকলক ৰাজ্য চৰকাৰে প্ৰদান কৰা মানপত্ৰ আৰু পাঁচ হেজাৰ টকাৰ স্থায়ী জমা পত্ৰ প্ৰদান কৰা হয়। শিক্ষয়িত্ৰী নিংকুনিশা নেওগে আঁত ধৰা অনুষ্ঠানত বিদ্যালয়ৰ সকলো শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰীৰ লগতে বিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰ, শুভাকাংখী তথা অভিভাৱক পদ্মকান্ত বড়ো, ভাৰতী দেৱী, প্ৰাক্তন প্ৰধান শিক্ষক দুলাল নাথ আদি উপস্থিত থকাৰ বিপৰীতে প্ৰাক্তন প্ৰধান শিক্ষক লীলা নাথ, সমাজসেৱক দেৱেন গোস্বামীয়ে চমু বক্তব্য প্ৰদান কৰে। অনুষ্ঠানত ভিতালী দাস, ৰক্তিমা বৰা, নিশিতা বৰাৰ দলে বিষ্ণুৰাভাৰ গীতত নৃত্য পৰিৱেশন কৰে ।সেইদৰে তেজপুৰৰ হিন্দী মাধ্যমৰ ৰাষ্ট্ৰভাষা বিদ্যালয়, তেজপুৰৰ তৰুণ অসম সংঘ, অসমীয়া ক্লাব, বাণ থিয়েটাৰ, অৰিন্দম নাট্য বিদ্যালয় আদিয়েও গীতে মাতে কলাগুৰু গৰাকীক স্মৰণ কৰে

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More