সোঁৱৰণী গ্ৰন্থৰে অক্লান্ত গ্ৰন্থপ্ৰেমী প্ৰয়াত গোলাপ বৰাক স্মৰণ তেজপুৰত

0 52

শতাব্দ প্ৰতিনিধি ,তেজপুৰ,২২নৱেম্বৰঃ তেজপুৰত এগৰাকী বিশিষ্ট গ্ৰন্থপ্ৰেমীক আজি স্মৰণ কৰিলে বহুসংখ্যক গুণমুগ্ধই৷ উল্লেখযোগ্য যে তেজপুৰৰ মাজগাঁৱৰ পূৱ খৰাআটি নিবাসী তথা ঘোঁৰামাৰীৰ হেম বৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষাবিদ প্ৰয়াত গোলাপ বৰাৰ সোঁৱৰণত আজি উন্মোচন কৰা হয় অক্লান্ত গ্ৰন্থপ্ৰেমীৰ সোঁৱৰণ নামৰ গ্ৰন্থখন৷ আজি প্ৰয়াত শিক্ষাবিদ গৰাকীৰ বিয়োগৰ প্ৰথম বাৰ্ষিক তিথিত পূৱ খৰাআটিত বহু সংখ্যক লোকৰ উপস্থিতিত এই বিশেষ গ্ৰন্থখন উন্মোচন কৰাৰ লগতে এইগৰাকী স্থিতপ্ৰজ্ঞ ব্যক্তিৰ জীৱনৰ বহু দিশৰ লগতে তেওঁৰ গ্ৰন্থ সংগ্ৰহ তথা প্ৰচুৰ অধ্যয়নৰ দিশটো বহুকেজন বিশিষ্ট ব্যক্তিয়ে স্মৰণ কৰে৷ ১৯২৭ চনৰ ছয় এপ্ৰিলত চতিয়াৰ মুদৈ গাঁৱত জন্ম গ্ৰহণ কৰা তথা পৰৱৰ্তী সময়ত শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিক বাচি লৈ কৰ্ম আৰু চিন্তাৰে এজন প্ৰকৃতাৰ্থত শিক্ষাগুৰু তথা শিক্ষাবিদ হিচাপেই সৰ্বজনৰ শ্ৰদ্ধাৰ পাত্ৰ হৈ পৰা প্ৰয়াত বৰাৰ সোঁৱৰণত প্ৰকাশিত প্ৰায় আঢ়ৈশ পৃষ্ঠাৰ গ্ৰন্থখন সম্পাদনা কৰিছে অৰ্পণা বৰাই৷ আজি দিনৰ ১১-৩০বজাত শ্ৰদ্ধাঞ্জলি অলুষ্ঠানৰে শুভাৰম্ভ হোৱা অনুষ্ঠানত তথা প্ৰয়াত বৰাৰ এগৰাকী একান্ত সুহৃদ প্ৰবীন চিকিৎসক হৰেন্দ্ৰনাথ শৰ্মাৰ পৌৰোহিত্যত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী আৰু স্মৃতিচাৰণ সভাত গ্ৰন্থখন উন্মোচন কৰে সভাপতি ডা° শৰ্মাৰ লগতে ড° সতীশ ভট্টাচাৰ্য,ৰমেশ চন্দ্ৰ গোস্বামী,ৰমেশ চন্দ্ৰ কলিতা আৰু জিতেন গোস্বামীয়ে৷ সমাজকৰ্মী,সাংবাদিক প্ৰাণজিৎ বৰুৱাই আঁত ধৰা সভাখনত প্ৰয়াত বৰাৰ প্ৰতিচ্ছবিৰ সন্মুখত আমন্ত্ৰিত বিশিষ্ট ব্যক্তিসকলৰ লগতে প্ৰয়াত বৰাৰ সহধৰ্মিনী সোণেশ্বৰী বৰা, দুই পুত্ৰ অসীম বৰা আৰু অচিন্ত্য বৰাৰ লগতে আত্মীয় সকলে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ আনহাতে, প্ৰয়াত বৰাৰ বৰেণ্য ব্যক্তিত্বৰ ওপৰত আলোকপাত কৰি দৰং মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড° সতীশ ভট্টাচাৰ্যই কয় যে, এজন সন্মানীয় আৰু প্ৰচুৰ অধ্যয়নশীল ব্যক্তি হ’লেও প্ৰয়াত বৰা কোনো পদবীৰ বাবে লালায়িত ব্যক্তি নাছিল৷ তেওঁ প্ৰয়াত শিক্ষাবিদ গৰাকীৰ স’তে অতিবাহিত কৰা সময়ৰ স্মৃতি স্মৰণ কৰি প্ৰয়াত বৰাৰ মাৰ্জিত খুহুতীয়া কথাবাৰ্তাৰ লগতে তেওঁ আলোচনা কৰি ভালপোৱা দেশৰ বৰেণ্য ব্যক্তিসকলৰ বিষয়েও সদৰি কৰে৷আনহাতে দৰং মহাবিদ্যালয়ৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত অধ্যাপক তথা বিশিষ্ট বিজ্ঞান লেখক ৰমেশ চন্দ্ৰ গোস্বামীয়েও প্ৰয়াত বৰাৰ প্ৰজ্ঞাৰ সাধনাৰ বিষয়ে স্মৰণ কৰে৷বিদ্যালয়ত সহকৰ্মী হিচাপে সুদীৰ্ঘকাল পোৱা প্ৰবীন লেখক ৰমেশ চন্দ্ৰ কলিতাই প্ৰয়াত বৰাৰ নিয়মানুৱৰ্তিতাৰ বিষয়ে উল্লেখ কৰে৷ বৰাই বিদ্যালয়ত উপস্থিত হওঁতে পলম হোৱাৰ আশংকাত বিদ্যালয়ৰ আৱাসতে পৰিয়ালসহ বাস কৰাৰ কথা স্মৰণ কৰে৷ আনহাতে,অৱসৰ প্ৰাপ্ত অধ্যাপক জিতেন গোস্বামীয়ে কয় যে,এজন ব্যক্তি উচ্চশিক্ষিত হ’লেই যে তেওঁ এজন ভদ্ৰলোক হ’ব তেনে কথা নহয়,কিন্তু প্ৰয়াত বৰা এজন প্ৰকৃত ভদ্ৰলোক আৰু শিক্ষাবিদ আছিল বুলি মন্তব্য কৰে৷ইপিনে,এজন অতি অধ্যয়নপিপাসু ব্যক্তি হিচাপে বহু দুস্প্ৰাপ্য গ্ৰন্থ সংগ্ৰহ কৰা এজন ব্যক্তি বুলি প্ৰয়াত বৰাৰ বিষয়ে উল্লেখ কৰি অৱসৰপ্ৰাপ্ত অধ্যাপক পূৰ্ণেশ্বৰ নাথে লগতে কয় যে তেজপুৰৰ এজন শুদ্ধ সাজপাৰ পৰিধান কৰা ব্যক্তি আছিল প্ৰয়াত বৰা৷ তদুপৰি,অতি নীতি আদৰ্শৰে পৰিচালিত বৰা তেজপুৰ সাহিত্য সভাৰ উপ সভাপতি,সভাপতি তথা কাৰ্যনিৰ্বাহক সদস্য হৈ থকা অৱস্থাত পোৱা দীঘলীয়া সান্নিধ্যৰ বিষয়ে স্মৰণ কৰি তেজপুৰ সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নাথে আৰু কয় যে, প্ৰয়াত বৰাই গান্ধীৰ দৰ্শনত বিশ্বাস কৰিছিল যদিও তেওঁ মাৰ্ক্স আৰু লেনিনকো অধ্যয়ন কৰিছিল৷তেওঁ এজন প্ৰকৃত শিক্ষাগুৰু আৰু শিক্ষাবিদ আছিল বুলিও দোহাৰে নাথে৷ আনহাতে তেজপুুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া,আত্মীয় বিপিন কটকী আদিসকল ব্যক্তিয়েও বৰাক স্মৰণ কৰি তেওঁৰ বিষয়ে প্ৰকাশ কৰাৰ লগতে অৱসৰ প্ৰাপ্ত অধ্যাপক মহেন্দ্ৰ নাথ কেওঁটে প্ৰয়াত বৰাই তেজপুৰত জ্যেষ্ঠ নাগৰিক সন্হা গঠন কৰাৰ উপৰি আগবঢ়োৱা বিভিন্ন অৱদান তথা তেওঁ পালন কৰা নিয়মানুৱৰ্তিতাৰ বিষয়েও সণ্ঢালনিকৈ প্ৰকাশ কৰে৷ আনহাতে ড° গহণ চন্দ্ৰ মহন্তই প্ৰয়াত বৰাক গছাৰ ওপৰত থকা বন্তিৰ স’তে তুলনা কৰি তেওঁ বিলোৱা প্ৰজ্ঞাৰ পোহৰে বহু দূৰলৈকে আলোকিত কৰা বুলি মন্তব্য কৰে৷ প্ৰয়াত বৰাই কৰ্মস্থলীত সপ্তাহটো থকাৰ লগতে সপ্তাহৰ অন্তত সপৰিয়ালে নিজৰ গাঁৱৰ ঘৰখনলৈ যোৱাৰ কথাও দোহাৰে মহন্তই৷আনহাতে ড° অতুল কুমাৰ দেউৰী ভৰালীয়ে তেওঁৰ বক্তব্যৰ মাজত বৰাৰ দৰে এজন ব্যক্তিৰ বিষয়ে নৱপ্ৰজন্মই জনাটো প্ৰয়োজন বুলি মন্তব্য কৰি ইয়াৰ বাবে এক ন্যাস গঠনৰ পৰামৰ্শ আগবঢ়াই৷ উল্লেখযোগ্য যে,আজিৰ সভাত ড° চাৰু চহৰীয়া নাথ, জ্যোৎস্না বেজবৰুৱা, ভূৱন চন্দ্ৰ গগৈ, মাণিক বড়া, নবীন লহকৰ, দেৱব্ৰত শৰ্মা, পংকজ বৰুৱা, ৰাজকুমাৰ মহন্ত, বীৰেন্দ্ৰ নাথ বৰা, বংকিম বৰুৱা, ৰাণু হাজৰিকা, ৰমা মহন্তকে ধৰি বহু সংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল৷ উল্লেখযোগ্য যে, তেজপুৰ সাহিত্য চ’ৰাৰ এগৰাকী সদস্য তথা বিভিন্ন কাকত-আলোচনীত ভালেসংখ্যক নিৱন্ধ প্ৰকাশ পোৱাৰ লগতে প্ৰয়াত বৰাৰ দ্বাৰা বহু সংগৃহীত বহু মূল্যৱান গ্ৰন্থ বৰ্তমানেও সংৰক্ষিত হৈ আছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More