সোতৰ বছৰীয়া ‘এনাষ্টেচিয়া’ক লৈ ক্ৰ’য়েছিয়াত হৈ চৈ

১২ হাজাৰ লোকে জনালে আবেদন

0 77

দাদুল দেৱকৃষ্ণ বৰুৱা

নাম এনাষ্টেচিয়া। বয়স ১৭ বছৰ। সোতৰ বছৰীয়া এনাষ্টেচিয়াক লৈয়েই এখন দেশত লাগিছে হৈ চৈ। ১২ হাজাৰ মানুহ থিয় দিছে এনাষ্টেচিয়াৰ কাষত। এয়া অৱশ্যে কোনো সোতৰ বছৰীয়া সুন্দৰী যুৱতীৰ কাহিনী নহয়। এজনী মেকুৰীৰ কাহিনীহে। সোতৰ বছৰীয়া বুঢ়ী মেকুৰী। এই বুঢ়ী বিড়ালী সংবাদ শিৰোনামলৈ অহাৰ মূলতে হৈছে নিজৰ পুৰণি ঘৰ এৰিবলৈ নাৰাজ সম্প্ৰতি। আন কোনো ঠাইলৈকে যাব নিবিচাৰে এনাষ্টেচিয়া। ক্র’য়েছিয়াত পর্যটকসকলৰ পছন্দৰ দৰ্শনীয় স্থানবোৰৰ ভিতৰত অন্যতম হৈছে ডব্রোভনিকত অৱস্থিত চতুৰ্দশ শতিকাৰ এটা ৰাজপ্রাসাদ (Rector’s Palace)। এই প্রাসাদেই এনাষ্টেচিয়া ‘ঘৰ’। বহুবাৰ বহু পর্যটকে তাইক নিজৰ ঘৰত আশ্রয় দিয়াৰ উদ্দেশ্যে লৈ যাব বিচাৰিছে। কোনো কোনোৱে লগত লৈয়ো গৈছে। কিন্তু এনাষ্টেচিয়া বাৰে বাৰে ঘূৰি আহে তাইৰ পুৰণি ঘৰৰ টানত ৰাজপ্রাসাদলৈ। এনাষ্টেচিয়াৰ প্রাসাদপ্রেমত মুগ্ধ হৈ ৰক্ষীসকলে তাইক অৱশেষত প্রাসাদতে তাইৰ থকাৰ ব্যৱস্থা কৰি দিছিল। এটা কার্ডবর্ডৰ বাকচত পছন্দৰ ঠাইত স্থায়ী ঘৰ পাইছিল বুঢ়ী বিড়ালীয়ে। কিন্তু পৰৱৰ্তী সময়ত প্রাসাদৰ ভিতৰত থকা মিউজিয়াম কর্তৃপক্ষ এই লৈ ক্ষুণ্ণ হয়। এনাষ্টেচিয়াক প্রাসাদৰ পৰা আঁতৰোৱাৰ নির্দেশ দি তেওঁলোকে জনাই দিয়ে যে, ঐতিহ্যবাহী এই ৰাজপ্রাসাদত এনে কাম কৰিবলৈ দিয়া নহ’ব, যি কামে প্রাসাদৰ স্বাভাৱিক সৌন্দর্য নষ্ট কৰিব পাৰে। ফলত প্ৰাসাদৰ ৰক্ষীসকল উপায়ন্তৰ হৈ এনাষ্টেচিয়াক প্ৰাসাদৰ পৰা আঁতৰাই দিবৰ বাবে সিদ্ধান্ত লয়। কিন্তু শেষ মুহূর্তত এনাষ্টেচিয়াক বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহে চৰ্দন কেৰা (Srdjan Kera) নামৰ এজন বিড়ালপ্রেমী স্থপতি। তেওঁ এনাষ্টেচিয়াৰ বাবে ৰাজপ্রাসাদৰ স্থাপত্যৰ লগত খাপ খাই পৰাকৈ এটি সৰু ঘৰ নিৰ্মাণ কৰি দিয়ে। এই সৰু ঘৰটো প্রাসাদৰ কোঠা এটাৰ সতে ধুনীয়াকৈ খাপ খাই পৰিল। প্রাসাদৰ অংশ বুলিয়েই ভাবিব পাৰি। এই বিড়াল গৃহত এনাষ্টেচিয়াৰ নাম-ফলকো লগাই দিয়ে স্থপতিজনে। কিন্তু তাতো কাম নিসিজিল। ক্ষুব্ধ মিউজিয়াম কর্তৃপক্ষই জনাই দিয়ে যে, মিউজিয়াম আৰু এই ৰাজপ্রাসাদ এক ঐতিহ্যবাহী এলেকা। এই ঠাই কাৰোবাৰ ঘৰ সজাৰ বা কাকো আশ্রয় দিয়াৰ বাবে নহয়। ফলত প্রাসাদপৰা উলিয়াই দিয়া হয় এনাষ্টেচিয়াক। কিন্তু বিড়ালী বিতাড়নৰ খবৰটো বিয়পি পৰাৰ লগে লগেই হৈ চৈ লাগিল ডব্রোভিক ৰাজপ্রাসাদৰ পর্যটক আৰু স্থানীয় বাসিন্দাসকলৰ মাজত। ৰাজপ্রাসাদৰ কল্যাণ সাধি অহা মেকুৰীজনী বহুতৰেই পৰিচিত আছিল। সেয়ে তাই আশ্রয় হেৰুৱাৰ খবৰ পাই উদ্বিগ্ন হৈ পৰিল সকলো। ১২ হাজাৰ মানুহে এনাষ্টেচিয়াক প্রাসাদত ৰখাৰ পক্ষে আবেদন জনাই স্বাক্ষৰ কৰে। স্বাক্ষৰ কৰে সেই স্থপতিজনেও, যি এনাষ্টেচিয়াৰ বাবে প্রাসাদৰ লগত খাপ খোৱাকৈ ঘৰ সাজি দিছিল। মিউজিয়াম কর্তৃপক্ষক জনোৱা হ’ল যে, তেওঁলোকে মাত্ৰ এজনী মেকুৰীকহে আশ্রয় দিয়াৰ বাবে আহ্বান জনাইছে, ৭০টা মেকুৰী পোহাৰ কথা কোৱা নাই। এনাষ্টেচিয়াক লৈ মানুহৰ এই উৎসাহত অভিভূত হ’ল মিউজিয়াম কর্তৃপক্ষ। ডব্ৰোভনিকৰ মেয়ৰ মেট’ ফ্ৰেংক’ভিক (Mato Frankovic) ৰাজপ্ৰাসাদ তথা যাদুঘৰটোলৈ আহি কয় যে Pearl of the Adriatic হিচাপে খ্যাত এই যাদুঘৰ কেৱল শকত মেকুৰীৰ বাবেহে, লেৰেলা চেপেটা মেকুৰীৰ বাবে নহয়। উল্লেখ্য যে, এনাষ্টেচিয়া শকতেই।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More