সোৱণশিৰিৰ পাৰত খহনীয়াৰোধৰ দাবীত ৰাইজৰ প্ৰতিবাদৰ প্ৰস্তুতি

ভয়ংকৰ খহনীয়াত জাহ গৈছে শ শ হেক্টৰ ভূমি

0 15

 ভীম পৰা মথাউৰি সহ কুৰিখন গাঁৱলৈ ভাবুকি

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ১৮ ছেপ্টেম্বৰঃ লখিমপুৰ জিলাৰ বধাকৰাৰ হৰিদাসত সোৱণশিৰি নদীয়ে এতিয়া ভয়ংকৰ খহনীয়াৰ সৃষ্টি কৰাত সমগ্ৰ অঞ্চলটোত আতংকময় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ লখিমপুৰৰ নিচেই সমীপৱৰ্তী তথা কদম ৰাজহ চক্ৰৰ অন্তৰ্গত বধাকৰাৰ ১ নং হৰিদাসত নদীখনে ধেনুভিৰিয়াকৈ তীব্ৰ ৰূপত গৰা খহনীয়াৰ সৃষ্টি কৰাত নিতৌ শ শ হেক্টৰ কৃষিভূমি নদীৰ বুকুত জাহ যোৱাৰ পিচতো খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগেই হওঁক বা প্ৰশাসনেই হওঁক কোনেও পদক্ষেপ গ্ৰহণ নকৰাত স্থানীয় ৰাইজ ক্ষোভিত হৈ পৰিছে৷ ন-কদম গাঁও পঞ্চায়তৰ অন্তৰ্গত সমগ্ৰ বধাকৰা অঞ্চলত নদীখনে এফালৰ পৰা গৰা খহনীয়াৰ সৃষ্টি কৰাত নিকটৱৰ্তী কুৰিখনৰো অধিক গাঁৱলৈ ভাবুকি নামি আহিছে৷ পূৰ্বে এই নদীখন বহু দূৰৈত আছিল যদিও এতিয়া নদীখনে খহনীয়াৰ সৃষ্টি কৰি হৰিদাস, বেৰকেপ, সোণোৱাল গাঁও,মাজ গাঁও আদিৰ কাষ চাপি অহাত ৰাইজে বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে৷ লখিমপুৰ জলসম্পদ বিভাগ ,মিচিং স্বায়ত্ত পৰিষদৰ লগতে ন-কদম গাঁও পঞ্চায়তেও উক্ত স্থানত খহনীয়া ৰোধৰ বাবে কোনো প্ৰচেষ্টা গ্ৰহণ কৰা নাই। সোৱণশিৰি নদীৰ ভয়ংকৰ খহনীয়াই ভীমপৰা মথাউৰিলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাত কাইলৈ উক্ত স্থানত ৰাইজে খহনীয়াৰোধৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More