সোৱণশিৰিৰ বুকুত চেনেল কাটিং সহ ১৫ কোটি টকীয়া আঁচনি ৰূপায়ণত বাধা
বাৰিষা সমাগতঃ লখিমপুৰত সোৱণশিৰিৰ মথাউৰি বিপন্ন
শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ , ২৪ মাৰ্চঃ লখিমপুৰ জিলাৰ ভীমপৰা মথাউৰিৰ ঘনচৰাইৰ সমীপৰ ন-আলি তেলিয়া পথাৰত এতিয়া সোৱণশিৰি নদীয়ে প্ৰচণ্ড গৰাখহনীয়াৰ সৃষ্টি কৰিছে৷ দিনে নিশাই খহনীয়া অব্যাহত থকাত এচ অ’ পি ডিৰ নিৰ্মিয়মান ১০ কোটি টকীয়া সোৱণশিৰি সুৰক্ষা বান্ধ আঁচনি খনলৈ তীব্ৰ ভাবুকি কঢ়িয়াই অনাৰ লগতে স্থানীয় ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷ ইফালে উক্ত বান্ধৰ কাষতে সোৱণশিৰিৰ বক্ষত ২ কোটি টকীয়া এটা চেনেল কাটিঙৰ লগতে মুঠ ১৫ কোটি টকীয়াৰ আন এখন আঁচনি নিৰ্মানক লৈ স্থানীয় লোকৰ মাজতে সংঘাতৰ সৃষ্টি হৈছে৷ এনে সংঘাত দূৰীকৰণৰ বাবে আৰু চেনেল কাটিঙৰ আঁচনিখন সফল ৰূপায়ণ কৰাৰ বাবে উক্ত স্থানত জিলা উপায়ুক্ত, উচ্ছ পদস্থ আৰক্ষী বিষয়া, জলসম্পদ বিভাগৰ উচ্ছপদস্থ বিষয়া আদি উপস্থিত হ’ব লগা পৰিস্থিতিৰ সৃষ্টি হৈছে৷ স্থানীয় একাংশ লোকে সোৱণশিৰিৰ বক্ষৰে ১৫ কোটি টকীয়া আঁচনিখন ৰূপায়ণ কৰাত বাধাৰ সৃষ্টি কৰিছে৷ যাৰ ফলত জলসম্পদ বিভাগ বিপদত পৰিছে৷ ইফালে ন-আলি তেলিয়া পথাৰত সোৱণশিৰি নদীয়ে ঘনচৰাই মথাউৰিৰ নামনি অংশত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰি উজনিত চলি থকা ১০ কোটি টকীয়া জিঅ’বেগ স্থাপনৰ আঁচনিখনলৈ অশনি সংকেত কঢ়িয়াই আনিছে৷ বিগত ২০২২ বৰ্ষত গ্ৰহণ কৰা এই আঁচনিখনৰ পৰা ৰাইজ উপকৃত হ’ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছিল যদিও এতিয়া সোৱণশিৰি নদীখনে নামনি তথা ন-আলি তেলিয়া পথাৰত প্ৰচণ্ড খহনীয়াৰ সৃষ্টি কৰাত এচ অ’ পি ডিৰ ১০ কোটি টকীয়া আঁচনি খনলৈ ভাবুকি নামি আহিছে৷ উক্ত আঁচনিখনৰ কাম যুদ্ধকালীন তৎপৰতাৰে ঠিকাদাৰ অভিজিৎ পাটোৱাৰীয়ে কাম চলাই নিয়াৰ সময়তে নামনিত সৃষ্টি হোৱা খহনীয়াই এই আঁচনিখনৰ প্ৰতি তীব্ৰ ভাবুকি কঢ়িয়াই আনিছে৷ এছেৰাকটা দিশত চেনেল কাটিঙৰ কামত স্থানীয় একাংশ লোকে নদীখনৰ বক্ষৰে চেনেল কাটিং কৰাত বাধা প্ৰদান কৰাত সমস্যাৰ সৃষ্টি হৈছে৷ প্ৰশাসনৰ এক সূত্ৰই সদৰি কৰা অনুসৰি ন-আলি তেলিয়া পথাৰ দিশৰ সোৱণশিৰিৰ ১০ কোটি টকীয়া নিৰ্মিয়মান মথাউৰিটো সুৰক্ষাৰ বাবেই সোৱণশিৰিৰ বক্ষত এছেৰাকটা দিশত চেনেল কাটিঙৰ বিশেষ প্ৰয়োজনীয়তা আহি পৰিছে৷ এনে পৰিস্থিতিত বাৰিষাৰ পূৰ্বে কাম সম্পন্ন নহ’লে এক ভয়াবহ পৰিস্থিতিৰ মুখামুখি হ’ব বুলি ৰাইজে আশংকা কৰিছে৷