সোৱণশিৰিৰ ভীমপৰা কোৱেৰিত অবাধে বালি খননঃ থেকেৰাগুৰি গাঁৱলৈ ভাবুকি

ৰাইজৰ উত্তাল প্ৰতিবাদ : সাংবাদিকৰ দল দেখি চালানবিহীন ট্ৰেক্টৰ-ডাম্পাৰৰ পলায়ন

0 40

 শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, লখিমপুৰ, ১৮ মে’ঃWhatsApp Image 2023 05 18 at 6.54.13 PM লখিমপুৰ জিলা বন বিভাগৰ বিষয়া-কৰ্মীৰ সহযোগত সোৱণশিৰি নৈৰ বুকুৰ পৰা বনজ সম্পদ সংগ্ৰহ কৰাৰ নামত ভীমপৰা শিল-বালি মহলৰ মহলদাৰ গোষ্ঠীয়ে দৌৰাত্ম্য চলোৱাৰ অভিযোগ উত্থাপন কৰিছে মহলটোৰ দাঁতিকাষৰীয়া থেকেৰাগুৰি গাঁৱৰ ৰাইজে। উল্লেখ্য যে, চৰকাৰী নীতি-নিৰ্দেশনাক পদদলিত কৰি ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত থকা সোৱণশিৰি দলঙৰ পৰা মাত্ৰ ১৫০ মিটাৰমান নিলগতে উল্লেখিত মহলটোৰ মহলদাৰ গোষ্ঠীয়ে পুখুৰী সদৃশ দ বৃহৎ বৃহৎ আকাৰৰ গাঁত খান্দি বৰ্তমান বালি খনন অব্যাহত ৰখাত অহা বাৰিষা সোৱণশিৰি নৈয়ে থেকেৰাগুৰি গাঁৱৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাতো নিশ্চিত হৈ পৰিছে। এনে পৰিস্থিতিত গাঁওখনৰ ৰাইজে উল্লিখিত স্থানত বালি খনন বন্ধ ৰাখি দলঙৰ পৰা প্ৰায় ৫০০ মিটাৰ নিলগতহে খনন কাৰ্য চলাবলৈ মহলদাৰ গোষ্ঠীক বাৰম্বাৰ আহ্বান জনাই আহিছে যদিও ৰাইজৰ আহ্বানৰ প্ৰতি মহলদাৰ গোষ্ঠীয়ে কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰি ওলোটাই ৰাইজক বিভিন্ন ভয়-ভাবুকি দেখুৱাই বালি খনন অব্যাহত ৰখাত গাঁওখনৰ ক্ষোভিত ৰাইজে আজি লখিমপুৰৰ এটা সাংবাদিক দলৰ উপস্থিতিত উক্ত খননকাৰ্য চলি থকা স্থানত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। গাঁওখনৰ যুৱ সমাজৰ হৈ পাৰ্থ নাথ, অনুপম ভগত, দীপেন বৰুৱা, পাপু শইকীয়া, মনজ্যোতি শইকীয়া, বিপিন কোঁৱৰ, বিপুল শইকীয়া আৰু বকুল বৰদলৈয়ে জানিবলৈ দিয়া মতে, গাঁওখনৰ ভৱিষ্যতৰ কথা চিন্তা কৰিয়ে ইয়াৰ পূৰ্বে উক্ত মহলটো চলাই যোৱা মহলদাৰ গোষ্ঠীসমূহে দলঙৰ পৰা ৫০০ মিটাৰ নিলগতহে শিল-বালিৰ খননকাৰ্য চলাইছিল। পিছে বিজেপি দলৰ তৰফৰ পৰা ৰাজনৈতিকভাৱে আৰ্শীবাদপুষ্ট হৈ বৰ্তমানৰ মহলদাৰ গোষ্ঠীটোৱে গাঁওখনৰ ভৱিষ্যৎ অস্তিত্ব ৰক্ষাৰ প্ৰতি কোনো গুৰুত্ব আৰোপ নকৰি কেৱল অধিক মুনাফা লাভৰ আশাত সোৱণশিৰি পকী দলঙৰ পৰা মাত্ৰ ডেৰশ মিটাৰ নিলগতে বালি খনন অব্যাহত ৰখাত অহা বাৰিষা সোৱণশিৰি নৈৰ খহনীয়াই গাঁওখনৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাটো নিশ্চিত হৈ পৰিছে। থেকেৰাগুৰি গাঁওবাসীৰ আহ্বানমৰ্মে লখিমপুৰৰ এটা সাংবাদিকৰ দল গৈ মহলটোৰ উক্ত খননকাৰ্য চলি থকা স্থানত উপস্থিত হোৱাত কেঁচু খান্দোতে সাপ ওলোৱাৰ ভয়ত উক্ত সময়ত বালি উঠাই থকা জেচিবি, ডাম্পাৰ তথা সকলোবোৰ ট্ৰেক্টৰ লৈ চালকসকলে পলায়ন কৰে। গাঁওখনৰ যুৱ সমাজে জানিবলৈ দিয়া মতে, মহলটোত চলাচল কৰি থকা অধিকাংশ গাড়ীয়েই চৰকাৰী চালান অবিহনেই দৈনিক শিল-বালি সৰবৰাহ কৰি আহিছে। মহলটোত চলি থকা উক্ত কাণ্ড সন্দৰ্ভত পথালিপামৰ খণ্ড বন বিষয়া, উত্তৰ লখিমপুৰ আঞ্চলিক বন বিষয়া তথা জিলা বন প্ৰাধিকাৰীগৰাকী জ্ঞাত যদিও মহলটোৰ পৰা মাহে লাভ কৰি অহা কমিছন হেৰুওৱাৰ ভয়ত সকলোবোৰ জানিও তেওঁলোকে কেৱল নিৰৱ ভূমিকাহে গ্ৰহণ কৰি আহিছে। থেকেৰাগুৰি গাঁৱৰ ৰাইজৰ পৰা বাৰম্বাৰ অভিযোগ লাভ কৰিও জিলা বন বিভাগে মহলটোৰ প্ৰকৃত পৰিসীমাৰ ভিতৰত বালি খনন চলাবলৈ মহলদাৰক আগত দিনত যদিহে সৈমান নকৰে তেন্তে গাঁওবাসী ৰাইজে মহলটো তথা জিলা বন বিভাগৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More