সোৱণশিৰি প্ৰকল্পত চৌদিশে ঐ পলা পলা চিঞৰ
নদীপৃষ্ঠৰ পৰা ত্ৰিশ মিটাৰ গভীৰতাত থকা পাৱাৰ হাউচ জলমগ্ন
শনিবাৰে নিশা এন এইচ পি চিত হাহাকাৰঃ আজি তৃতীয় দিনাও আতংক অব্যাহতঃ সত্যৰ দিশে আগবাঢ়িছে বিশেষজ্ঞৰ প্ৰতিবেদনঃ গেৰুকামুখৰ থুনুকা পাহাৰত বৃহৎ নদীবান্ধ প্ৰকল্প নিৰ্মাণৰ ফলশ্ৰুতি
শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ২৬ ছেপ্টেম্বৰঃ নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো যে কোনো কাৰণতে ৰাইজৰ হিতৰ বাবে হ’ব নোৱাৰে সেই কথা ইতিমধ্যে প্ৰতীয়মান হৈছে৷ ৰুষ্ট প্ৰকৃতিৰ তাণ্ডৱে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি কৰা অথন্তৰে ইয়াৰ সত্যতা প্ৰতিপন্ন কৰিছে৷ উল্লেখ্য যে শুক্ৰবাৰে ভূমিস্খলনৰ ফলত মূল বান্ধৰ ওপৰেৰে পানী বাগৰাৰ পিছত শনিবাৰে নিশা ১২ বজাত পাৱাৰ হাউচৰ সন্মুখত থকা তথা সোৱণশিৰি নদীৰ গাৰ্ড ৱাল খহি পৰাৰ ফলত প্ৰকল্পটোত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে শনিবাৰে নিশা গাৰ্ড ৱাল খহি পৰাৰ পিছত দেওবাৰে বিয়লি চাৰি বজাৰ পৰা পাৱাৰ হাউচত পানী সোমাবলৈ ধৰাত প্ৰকল্পটোৰ মূল চালিকা শক্তি শক্তিগৃহটো অচল হৈ পৰে৷ ইয়াৰ পূৰ্বেই নিশা সেই স্থানৰ পৰা ৪ হাজাৰ শ্ৰমিক কৰ্মচাৰীক নিৰাপদ স্থানলৈ স্থানান্তৰিত কৰা হয়৷ লক্ষণীয় কথা যে দুপৰ নিশা এন এইচ পি চিত গাৰ্ড ৱাল খহি পৰাৰ সময়ত প্ৰকল্পটোত আতংকৰ সৃষ্টি হোৱাৰ লগতে চৌদিশে শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ কৰ্মৰত এইসকল লোকে হুৱাদুৱাৰ সৃষ্টি কৰি সকলোৱে ঐ পলা পলা বুলি প্ৰাণৰ মমতাত চিঞৰিবলৈ ধৰে৷ ইফালে সোৱণশিৰি নদীৰ বক্ষত আজিও জলস্তৰ হ্ৰাস পোৱা নাই আৰু আজি সন্ধিয়া পৰ্যন্ত ভগ্ন গাৰ্ড ৱালেৰে পানী পাৱাৰ হাউচলৈ বাগৰিয়েই আছে৷ গেৰুকামুখৰ দৰে থুনুকা শিলৰ পাহাৰত কোনো কাৰণতে যে বৃহৎ নদীবান্ধ সম্ভৱ নহয় সেই কথা ইতিপূৰ্বে বিশেষজ্ঞ সকলেও চূড়ান্ত প্ৰতিবেদনত উল্লেখ কৰিছিল৷ বিশেষজ্ঞসকলৰ পৰামৰ্শক আওকান কৰি এন এইচ পি চি কতৃৰ্পক্ষই কেন্দ্ৰীয় চৰকাৰৰ সেউজ সংকেতত নদীখনৰ বক্ষত ২০০০ মেগাৱাটৰ বৃহৎ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণ কৰিবলৈ লোৱাৰ ফলতে শেহতীয়াকৈ এনে অথন্তৰৰ সৃষ্টি হৈছে৷ ইফালে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত সৃষ্টি হোৱা আতংকৰ পৰিৱেশ নামনি অঞ্চলতো প্ৰভাৱ পৰিছে ৷ প্ৰকল্পটোত ইতিমধ্যে নিৰ্মাণ কাৰ্য অনিৰ্দিষ্ট কাললৈ বন্ধ হৈ পৰাৰ লগতে নিৰ্দিষ্ট সময়ত যে প্ৰকল্পটো নিৰ্মাণ হৈ নুঠিব সেই কথা এন এইচ পি চিৰ উচ্ছস্তৰীয় সূত্ৰই সদৰি কৰিছে৷ হয়তো অহা এটা বছৰ পৰ্যন্ত প্ৰকল্পৰ কামকাজ বন্ধ থাকিব পাৰে বুলিও সূত্ৰটোৱে সন্দেহ প্ৰকাশ কৰিছে৷ লক্ষণীয় কথা যে সোৱণশিৰিৰ পানী পাৱাৰ হাউচৰ লগতে নিৰ্মীয়মান টাৰবাইনতো সোমাই পৰাত এন এইচ পি চিৰ বৃহৎ ক্ষতি হৈছে৷ ইতিমধ্যে প্ৰকল্পটোত কামকাজ সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে আৰু ইয়াত নিয়োজিত শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত চৰম অনিশ্চয়তাই দেখা দিছে৷ এন এইচ পি চিত ইতিমধ্যে কাৰ্যবাহী সঞ্চালক বিপিন গুপ্তা উপস্থিত হৈ সমগ্ৰ পৰিস্থিতি অধ্যয়ন কৰি থকাৰ লগতে তেওঁ এই সন্দৰ্ভত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে ৷ উল্লেখ্য যে এই গাৰ্ড ৱালখন প্ৰকল্প নিৰ্মাণ কালত পাৱাৰ হাউচ ক্ষেত্ৰলৈ নদীৰ পানী সোমোৱাত বাধা দিয়াৰ বাবে নিৰ্মাণ কৰা অস্থায়ী ব্যৱস্থা আছিল৷ পাৱাৰ হাউচৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পিছত এই ৱালৰ আৱশ্যকতা নাথাকিব বুলি এন এইচ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে জানিবলৈ দিছে৷ তেঁও জানিবলৈ দিয়া অনুসৰি এনে কাৰ্যৰ ফলত প্ৰকল্পৰ সমাপ্তিৰ দিন পিছুৱাই যোৱাতো নিশ্চিত৷ ইফালে আজি এন এইচ পি চিত সৃষ্টি হোৱা ভয়াৱহ পৰিস্থিতিৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে নগৰৰ মাজমজিয়াত এন এইচ পি চিৰ প্ৰতিকৃতি দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷