সোৱণশিৰি প্ৰকল্পত পানীৰ প্ৰচণ্ড ঢলৰ শব্দই কঁপাইছে গেৰুকামুখ

এন এইচ পি চিত হাহাকাৰঃ দুদিন ধৰি প্ৰকল্পৰ কাম কাজ স্তব্ধঃ মূল বান্ধৰ ওপৰেৰে বাগৰিছে পানী

0 33

শতাব্দ প্ৰতিনিধি, লখিমপুৰ, ৫ছেপ্টেম্বৰঃ অসম-অৰুণাচল সীমান্তৰ গেৰুকামুখত সোৱণশিৰি নদীৰ ওপৰত প্ৰায় সম্পূৰ্ণ হৈ উঠা ২০০০ মেগাৱাট শক্তিসম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ মূল বান্ধৰ ওপৰেৰে যোৱা দুদিন ধৰি পানী বাগৰিবলৈ ধৰাত সমগ্ৰ গেৰুকামুখ অঞ্চলত আতংকময় পৰিস্থিতিৰ সূচনা হৈছে৷ যাৰ ফলত যোৱা দুদিন ধৰি প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য স্তব্ধ হৈ পৰিছে৷ অৰুণাচল প্ৰদেশৰ অতি দুৰ্গম অঞ্চলৰ লগতে গেৰুকামুখ পাহাৰত যোৱা দুই-তিনিদিন ধৰি মূষলধাৰে হৈ থকা বৰষুণৰ ফলত সোৱণশিৰি নদীৰ বক্ষ উফন্দি উঠাৰ লগতে নিৰ্মীয়মান নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ ওপৰেৰে পানী বাগৰিবলৈ ধৰিছে৷ একেদৰে প্ৰকল্পটোৰ কেবাখনো গেটেৰে প্ৰচণ্ড শব্দৰে পানী বৈ অহাত নামনি অঞ্চলতো ইয়াৰ বিৰূপ প্ৰভাৱ পৰিছে৷ পাহাৰত হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত প্ৰকল্পস্থলীত এক অভাৱনীয় পৰিস্থিতি সূচনা হোৱাত প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্যত জড়িত বিষয়া কৰ্মচাৰী, শ্ৰমিক সকলৰ মাজত একপ্ৰকাৰে হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ উল্লেখ্য যে ১১৬ মিটাৰ উচ্চতাৰ এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য প্ৰায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈ উঠাৰ সময়তে প্ৰকল্পটোত প্ৰকৃতিয়ে এনে বেমেজালিৰ সৃষ্টি কৰিছে৷ এন এইচ পি চিৰ এক সূত্ৰই সদৰি কৰা অনুসৰি নৱবৰ্ষৰ পহিলা মাহতে প্ৰকল্পটোৱে পোন প্ৰথমে ৫০০ মেগাৱাট বিদ্যুৎ শক্তি উৎপাদনৰ লক্ষ্য স্থিৰ কৰি লোৱাৰ সময়তে প্ৰকল্পটোত এনে অথন্তৰ ঘটাত এন এইচ পি চি কতৃৰ্পক্ষ বিমোৰত পৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More