সোৱণশিৰি প্ৰকল্পত পুনৰ অঘটনঃ ভূমিস্খলনত বহি গ’ল ডাইভাৰ্চন টাৰ্নেলৰ মুখ

0 21

 

শতাব্দ প্ৰতিনিধি , লখিমপুৰ, ১৬ ছেপ্টেম্বৰঃ নামনিবাসী ৰাইজ আৰু দল-সংগঠনৰ ব্যাপক প্ৰতিবাদক ভেঙুচালি কৰি অসম অৰুণাচল সীমান্তৱৰ্তী গেৰুকামুখত নিৰ্মাণ কৰি থকা অৱস্থাত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত যোৱানিশা ভয়ানক ভূমিস্খলন সংঘটিত হয়৷ ২০২৩ চনৰ আগষ্ট মাহত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ বাবে তৎপৰ হোৱা প্ৰকল্পটোত শেহতীয়াকৈ ভূমিস্খলনৰ দৰে ঘটনা হোৱাত ৰাইজ আতংকিত হৈ পৰিছে৷ আজি এই সন্দৰ্ভত এন এইছ পি চিৰ কনচালটেণ্ট এ এন মহম্মদে জানিবলৈ দিয়া মতে- গেৰুকামুখত নিৰ্মিয়মান সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ সোঁপাৰে থকা ডাইভাৰ্চন সুৰঙ্গৰ পানী সোমোৱা স্থানৰ ওপৰৰ পথটোত যোৱা নিশা ভূমিস্খলন হৈ এটা বৃহৎ গাঁতৰ সৃষ্টি হয়৷IMG 20220916 WA0019 ইয়াৰ ফলত মুঠ ৫টা ডাইভাৰ্চন সুৰঙ্গৰ ২ নং সুৰঙ্গটো বন্ধ হৈ পৰে৷ এই ডাইভাৰ্চন সুৰঙ্গবোৰ মূল বান্ধৰ ভেটি নিৰ্মাণ চলি থকা সময়ত নদীখন ডাইভাৰ্ট কৰাৰ বাবে অস্থায়ী ব্যৱস্থা৷ জ্ঝ.প্ত মিটাৰ ব্যাসৰ প্তটা সুৰঙ্গৰে মুঠতে ৪৫৫০ ঘনমিটাৰ প্ৰতি চেকেণ্ডত পানী যাব পাৰে৷ ২০২০ চনত হোবা ভূমিস্খলনৰ ফলত প্ত নং সুৰঙ্গৰ পানী নিৰ্গমনৰ মুখ বন্ধ হোৱাৰ ফলত প্ৰায় ৯০০ ঘনমিটাৰ প্ৰতি চেকেণ্ড পানী কমি গৈছিল৷ আজি ২ নং সুৰঙ্গ বন্ধহোৱাৰ ফলত অতিৰিক্ত ৯০০ ঘনমিটাৰ প্ৰতি চেকেণ্ড কমি ডাইভাৰ্চন সুৰঙ্গৰ ক্ষমতা (capacity) মুঠতে ২৭৫০ ঘনমিটাৰ প্ৰতি চেকেণ্ডলৈ হ্ৰাস হয়৷ ইয়াতকৈ বেছি পানী আহিলে অতিৰিক্ত পানীখিনি বান্ধৰ ওপৰেদি গৈ নিৰ্মাণ সম্পূৰ্ণ হোৱা স্পিলৱেৰে ওলাই যাব৷ আজি সোৱণশিৰিৰ প্ৰবাহ প্ৰতি চেকেণ্ডত ২০৬০ ঘনমিটাৰ আৰু এই পানী তিনিটা ডাইভাৰ্চন সুৰঙ্গৰে প্ৰবাহিত হৈ আছে৷ বান্ধৰ কাম প্ৰায় সম্পূৰ্ণ হোৱাৰ বাবে ডাইভাৰ্চন সুৰঙ্গৰ আবশ্যকতা ক্ৰমে নোহোৱা হৈছে আৰু পৰিকল্পনা মতে এইবাৰ বাৰিষাৰ পাচতেই সকলোবোৰ ডাইভাৰ্চন সুৰঙ্গ বন্ধ কৰি দিয়া হব বুলি তেওঁ জানিবলৈ দিয়ে৷ উল্লেখ্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰুদ্ধে অসমৰ বান্ধ বিৰোধী বহু দল-সংগঠনে গেৰুকামুখৰ দৰে থুনুকা পাহাৰত বৃহৎ নদীবান্ধ নিৰ্মাণ কাৰ্য ভৱিষ্যতৰ বাবে ভয়ানক হ’ব বুলি আন্দোলন-প্ৰতিবাদ কৰি প্ৰকল্প নিৰ্মাণত বাধাৰ সৃষ্টি কৰিছিল৷ তদুপৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবে গঠন কৰা বিশেষজ্ঞ সমিতিয়েও গেৰুকামুখত ২০০০ মেগাৱাট শক্তিৰ জলবিদ্যুৎ প্ৰকল্প নিৰ্মাণৰ বিৰোধিতা কৰি প্ৰতিবেদন দাখিল কৰিছিল৷ কিন্তু বিগত তিনি-চাৰি বছৰ ধৰি নদীবান্ধ বিৰোধী দল-সংগঠনবোৰৰ দুৰ্বল স্থিতি আৰু শেহতীয়াভাৱে একেবাৰে পালন কৰা মৌনব্ৰতৰ বাবে এন এইচ পি চিয়ে প্ৰকল্পৰ ৮০-৯০ শতাংশ নিৰ্মাণ কাৰ্য সম্পন্ন কৰি ২০২৩ বৰ্ষৰ আগষ্ট মাহৰ পৰা বিদ্যুৎ উৎপাদন কৰিব বুলি সদম্ভে ঘোষণা কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More