সোৱণশিৰি প্ৰকল্পৰ ক্ষতিপূৰক বনানিকৰণ : নিৰুদ্বেগ অৰুণাচল চৰকাৰ

0 39

শতাব্দ বিশেষ প্ৰতিনিধি, ৮ মে’ : অহা আগষ্ট মাহত ভাৰতৰ বৃহত্তম জলবিদ্যুৎ প্ৰকল্প ২০০০ মেগাৱাট শক্তি সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ প্ৰথম গোটটোৰ পৰা উৎপাদনৰ কাম আৰম্ভ হ’ব। কিন্তু এই জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে ধ্বংস কৰা এক বৃহৎ পৰিমাণৰ বনাঞ্চলৰ বিনিময়ত বাধ্যতামূলক ভাৱে নতুনকৈ যি বনানিকৰণৰ আঁচনি গ্ৰহণ কৰিব লাগিছিল, তাত অৰুণাচল চৰকাৰে কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপিত হৈছে। উল্লেখযোগ্য যে, ১৯৮০ চনৰ বন (সংৰক্ষণ) আইনৰ মতে এনে কোনো প্ৰকল্পৰ বাবে যদি বনাঞ্চলৰ ভূমি ব্যৱহাৰ কৰিবলগীয়া হয় তেন্তে চৰকাৰৰ নিৰ্ধাৰিত নীতি অনুযায়ী প্ৰকল্প নিৰ্মাণ কৰা প্ৰতিষ্ঠানটোৱে ক্ষতিপূৰণ হিচাপে সেই ৰাজ্যখনৰ আন কোনোবা স্থানত পুনৰ বনানিকৰণৰ বাবে ধন আদায় দিব লাগে আৰু এই বনানিকৰণ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰখনৰ।
নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ বাবে অধিগ্ৰহণ কৰা মুঠ বনাঞ্চলৰ ভূমিৰ পৰিমাণ হৈছে ৩,৯৯৯.৩০ হেক্টৰ। ২০০৪ চনৰ ১২ অক্টোবৰতেই প্ৰকল্পটোৱে ক্ষতিপূৰক বনানিকৰণ কৰাৰ চৰ্ত সাপেক্ষে বন সম্পৰ্কীয় অনুমোদন লাভ কৰিছিল। ইয়াৰ পাছৰে পৰা প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ হৈছিল যদিও এই বিষয়টোৰ প্ৰতি নিৰ্মাণকাৰী সংস্থা ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগম আৰু অৰুণাচল চৰকাৰ কোনোৱেই গুৰুত্ব প্ৰদান কৰা নাছিল। প্ৰকল্পটোৱে অনুমোদন লাভ কৰাৰ সুদীৰ্ঘ ১৭ বছৰৰ পাছতহে ৰাষ্ট্ৰীয় জলবিদ্যুৎ শক্তি নিগমে এই বনানিকৰণৰ বাবে ২০২১ চনৰ ৩০ জুলাই তাৰিখে প্ৰথম কিস্তিৰ ৪.২৬ কোটি টকা অৰুণাচল প্ৰদেশৰ চৰকাৰক জমা দিয়ে। প্ৰকল্পটোৰ ক্ষতিপূৰক বনানিকৰণৰ বাবে ধন ধাৰ্য কৰা হৈছিল মুঠ ৮.৫১ কোটি টকা। চৰকাৰৰ নীতি-নিৰ্দেশনা অনুসৰি প্ৰকৃততে প্ৰকল্প এটাৰ নিৰ্মাণৰ সমান্তৰালকৈ এনে বনানিকৰণৰ আঁচনি ৰূপায়ণ কৰাটো বাধ্যতামূলক যদিও নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ ক্ষেত্ৰত এই নিৰ্দেশনা কিয় কাৰ্যকৰী কৰা নহ’ল তাৰ কোনো উত্তৰ নিৰ্মাণকাৰী সংস্থা বা ৰাজ্য চৰকাৰৰ হাতত আজি পৰ্যন্ত নাই। যোৱা ২০২১ চনৰ ১৬ ডিচেম্বৰত কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে অৰুণাচল প্ৰদেশ চৰকাৰক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটোৰ ক্ষতিপূৰক বনানিকৰণ আঁচনিখন ৰূপায়ণ নকৰাৰ সন্দৰ্ভত এখন কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিছিল। কিন্তু অৰুণাচল চৰকাৰে এই পত্ৰখনৰ কোনো উত্তৰ প্ৰেৰণ নকৰাত ক্ষুদ্ধ হৈ কেন্দ্ৰীয় বন, পৰিৱেশ আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ে পুনৰ ২০২২ চনৰ ১২ এপ্ৰিল তাৰিখে অৰুণাচল প্ৰদেশৰ বন বিভাগৰ প্ৰধান সচিবলৈ এখন কাৰণ দৰ্শোৱাৰ পত্ৰ প্ৰেৰণ কৰিছে। জলবিদ্যুৎ প্ৰকল্প স্থাপনেৰে উন্নয়নৰ সপোন দেখা অৰুণাচল চৰকাৰৰ এই নিৰুদ্বেগ স্থিতিৰ বাবেই যে অৰুণাচল আৰু পাৰ্শ্বৱৰ্তী অসমৰ সামগ্ৰিক পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয় ঘটিছে বা ঘটিব সেয়া নিশ্চিত।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More