স্বাধীন অসমৰ বেলিমাৰৰ ২০০ বছৰঃ হাদিৰাচকী ৰণৰ সোঁৱৰণ

1 219
দাদুল দেৱকৃষ্ণ বৰুৱা
“সিদিনা আছিল ২১ জুন, ১৮২২ খৃষ্টাব্দ, পুৱা পাঁচ বাজিবলৈ পাঁচমিনিট সময় মাত্ৰ বাকী। মিঙ্গিমাহা বান্দুলাই উজনি অসম আৰু গুৱাহাটী অধিকাৰ কৰাত অসমৰ স্বৰ্গদেৱ চন্দ্ৰকান্ত সিংহ মহাৰাজে সসৈন্যে আহি হাদিৰাচকীত থানা পাতি থাকে। তাতে মান-সেনাপতি মিঙ্গিমাহা তিলোৱাই অসমীয়া সৈন্যক পুঁৱতি নিশা আক্ৰমণ কৰে। প্ৰায় ৩ মিনিটমান সময় দুয়োদলৰে তুমুল সংগ্ৰাম হয়। ব্ৰহ্মপুত্ৰৰ সিপাৰে থকা গোৱালপাৰালৈকে হিলৈৰ গুৰুম্ গুৰুম্ শব্দ শুনা গৈছিল। কিছুপৰ টলকা মাৰি থকাৰ পিছত পুনৰ গুলিয়াগুলি চলিবলৈ ধৰিলে। তাৰ পিছত সকলো নিমাত, নিস্তব্ধ। এই ৰণত চন্দ্ৰকান্ত সিংহৰ পৰাজয় হ’ল আৰু বৰ্মা সৈন্যই হাদিৰাচকী অধিকাৰ কৰিলে। ১৮২২ চনৰ ২১ জুন তাৰিখেই হৈছে অসমৰ স্বাধীনতাৰ শেষ দিন।’’— কথাখিনি ড° সূৰ্য কুমাৰ ভূঞাৰ।
* হাদিৰাত অসমৰ বেলিমাৰ
উল্লিখিত ঘটনাটো ঘটিছিল আজিৰ তাৰিখতে; অৰ্থাৎ ২১ জুনত। মাজত মাথোঁ ২০০ বছৰ। ১৮২২ চনৰ পৰা ২০২২ চন। অসমৰ স্বাধীনতাৰ বেলিমাৰ যোৱা আজি ২০০ বছৰীয়া দিৱস। বহুসময়ত বহুজনে সভাই-সমিতিয়ে দিয়া বক্তৃতা, প্ৰবন্ধ-নিবন্ধ আদিত অসমৰ স্বাধীনতাৰ শেষৰটো দিন বুলি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ কথা উল্লেখ কৰে। অৰ্থাৎ ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হোৱা দিনটোকে স্বাধীন অসমৰ শেষৰটো দিন বুলি কয়। সেই দিনটোতেই ইংৰাজে ব্ৰহ্মদেশৰ লগত এখন চুক্তি কৰিছিল, যিখনক আমি সকলোৱে ইয়াণ্ডাবু সন্ধি বুলি জানো। ইয়াণ্ডাবু অসমৰ ঠাই নহয়; ইৰাৱতী নদীৰ পাৰৰ এখন সৰু অখ্যাত চহৰ। কিন্তু উল্লিখিত সন্ধিখনে ঠাইখনৰ নামটো বিখ্যাত কৰি তুলিলে। সন্ধিখনৰ মতে, ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীৰ পৰা অসম, মণিপুৰ, আৰাকান আৰু টেনেচিয়ামৰ ওপৰত মান ৰজাৰ অধিকাৰ নাথাকিব। চুক্তিখনৰ তাৰিখটোকে অসমৰ স্বাধীনতাৰ শেষ দিন বুলি কৈ অহা হৈছে। কিন্তু প্ৰকৃতাৰ্থত ১৮২২ চনৰ ২১ জুনহে আছিল অসমৰ স্বাধীনতাৰ অন্তিমটো দিন! মান সেনাপতি মিঙ্গিমাহা বান্দুলাই উজনি অসমৰ লগতে গুৱাহাটী চহৰ দখল কৰাৰ পৰিপ্ৰেক্ষিতত স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহ সসৈন্যে ভটিয়াই আহি হাদিৰাচকীত বাহৰ পাতি থকা অৱস্থাত, আন এজন মান সেনাপতি মিঙ্গিমাহা তিলোৱাই অতৰ্কিতে ১৮২২ চনৰ ২১ জুন, শুক্ৰবাৰে পুৱা ৫ বাজিবলৈ ৫ মিনিটমান বাকী থকা অৱস্থাত অসমীয়া সৈন্যক প্ৰচণ্ড আক্ৰমণ কৰি পৰাভূত কৰে। সেইদিনাই স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ আপোন দেশ শত্ৰুৰ হাতৰ পৰা উদ্ধাৰ কৰাৰ সপোনটো ইতি পৰে। অস্ত গ’ল স্বাধীন অসমৰ ৰবি।
* হাদিৰাচকী ক’ত
‘হাদিৰাচকী’ শব্দটো আহিছে ‘হাদিৰা’ শব্দটোৰ পৰা।
বৰ্তমানৰ বৰপেটা আৰু বঙাইগাঁও জিলাৰ সীমামূৰীয়া এটা অঞ্চলৰ নাম হাদিৰা। এই হাদিৰাতে আহোম সেনাৰ এক চকী আছিল। ২০০ বছৰ আগতে আহোমৰ দিনত বংগদেশ আৰু অসমৰ মাজত যি ব্যৱসায় হৈছিল, সেই ব্যৱসায়ৰ আমদানি-ৰপ্তানি হাদিৰাচকীত নিৰ্দিষ্ট কৰ্মচাৰীৰ দ্বাৰা পৰীক্ষিত হৈছিল। নিৰিখ অনুসৰি সেইবোৰ সামগ্ৰীৰ মাচুল আদায় কৰা হৈছিল। ক’ব পাৰি হাদিৰাচকী আছিল স্বাধীন অসমৰ এক ব্যৱসায়িক চেক্ পোষ্ট। ফুলৰা আৰু চতলা নামৰ পাহাৰ দুটাক কেন্দ্ৰ কৰি গঢ়ি তোলা হৈছিল হাদিৰাচকী। আহোমে চকী পতাৰ বাবেই পূৰ্বৰ হাদিৰা হৈ পৰিছিল হাদিৰাচকী। এই ফুলৰা আৰু চতলা পাহাৰক লৈ এটি মনোমোহা কবিতাও আছে। শৈলধৰ ৰাজখোৱাৰ অমৰ সৃষ্টি ‘পাষাণ প্ৰতিমা‘। তাৰেই কিয়দংশ—
উঠাহে ফুলৰা উঠাহে চতলা
     উঠা দেববালা স্বৰূপ ধৰি
পূৰ্ণ হ’ল আজি শতেক বছৰ
     আৰু কতকাল থাকিবা পৰি।
ভণ্ড যোগী সৌ গিৰি বাঘবৰ
      বহিছে ধ্যানত নবহে মন
সমূখত ছটি ৰূপহী ছোৱালী
      চাৰিও কাষত (নাই) নিজান বন।
* সোঁৱৰণী সমাৰোহ আৰু এখন বিশেষ গ্ৰন্থ
1655783499857আজি হাদিৰাচকী ৰণৰ ২০০ বছৰ পূৰ্ণ হ’ল। এই উপলক্ষত আয়োজন কৰা হৈছে দ্বি-শতবৰ্ষীয় সোঁৱৰণী সমাৰোহৰ উদ্বোধনী অনুষ্ঠান। বৰপেটাৰ তাৰাকান্দিৰ হাদিৰাচকী হাইস্কুল প্ৰাংগনত আজি দিনযোৰা কাৰ্যসূচীৰে মুকলি কৰা হ’ব দ্বি-শতবৰ্ষীয় সোঁৱৰণী সমাৰোহ। আনহাতে গোৱালপাৰা সাহিত্য সভাৰ খগেন্দ্ৰ নাথ ভৱনত উন্মোচন কৰা হ’ব তপন কুমাৰ শৰ্মাৰ এখন বিশেষ গ্ৰন্থ ‘হাদিৰৰাচকীত চন্দ্ৰকান্তৰ সন্ধানত’। অলেখ সৰু-বৰ ঐতিহাসিক তথ্যৰে সমৃদ্ধ হৈ।
হাদিৰাচকী কেৱল ইতিহাস নহয়; হাদিৰাচকী ভৱিষ্যতো। ফুলৰা আৰু চতলা হ’ব পাৰে পৰ্যটনৰ আকৰ্ষণীয় স্থান। পিছে কোনে ল’ব গঢ়ি তোলাৰ উদ্যোগ? কোনে ল’ব হাদিৰাচকী ৰণৰ কথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰৰ দায়িত্ব?
ফটো : তপন কুমাৰ শৰ্মা
১ টা মন্তব্য
  1. Avatar of সঞ্জীত কুমাৰ বৰদলৈ
    সঞ্জীত কুমাৰ বৰদলৈ says

    ভাল পালোঁ৷আজিৰ প্ৰজন্মই জনা উচিত৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More