স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চৰ শুভ উদ্বোধন কৰে বিধায়ক পদ্ম হাজৰিকাই 

0 15
শতাব্দ প্ৰতিনিধি, জামুগুৰিহাটৰ, ২০ জুনঃ আজি বিষ্ণু ৰাভা দিৱস। শোণিতপুৰ জিলাৰ জামুগুৰিহাটতো বহু উলহ মালহৰে উদযাপন কৰে বিষ্ণু ৰাভা দিৱস। জামুগুৰিহাটৰ গেৰেলুৱাচুকত বিকাশজ্যোতি মইনা পাৰিজাতৰ সৌজন্যত অনুষ্ঠিত কৰা বিষ্ণু ৰাভা দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই পৰিৱেশন কৰে নাটকৰ দূৰ্দান্ত সংলাপৰ লগতে এটা কবিতা আবৃত্তিও কৰি ৰাইজৰ মন জয় কৰিবলৈ সক্ষম হয়। উক্ত অনুষ্ঠানতে বিধায়ক গৰাকীয়ে স্বৰ্গীয় সঞ্জুমণি বৰাৰ সোঁৱৰণী মঞ্চভাগ ৰঙা ফিটা কাটি শুভ উদ্বোধন কৰে। বিধায়কগৰাকীয়ে কয় যে- “বৰ্তমানৰ নৱপ্ৰজন্মসকলে সাংস্কৃতিক দিশত আগবাঢ়িলে হে আমাৰ জাতিৰ পৰিচয়ৰ লগতে কৃষ্টি, সংস্কৃতি জীয়াই থাকিব। সেই ক্ষেত্ৰত প্ৰত্যেকজন অভিভাৱকে নিজৰ ল’ৰা-ছোৱালীক গুৰুত্ব প্ৰদান কৰি আগুৱাই নিয়ে যেন।” উক্ত অনুষ্ঠানত বিধায়কগৰাকীক এখনি অভিনন্দন পত্ৰৰ লগতে ফুলাম গামোছাৰে উষ্ম অভিনন্দন জ্ঞাপন কৰে। বিধায়কগৰাকীৰ লগত উপস্থিত থাকে বৰভগীয়া জিলা পৰিষদৰ সদস্য পলি চুটিয়া, নদুৱাৰ মণ্ডলৰ সভাপতি জয়ন্ত বৰা, জামুগুৰি ক্ৰীড়া সন্থাৰ সভাপতি গৌতম লাহনৰ লগতে বহুকেইজন গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More