সৰ্বভাৰতীয় অসামৰিক প্ৰশাসনিক সেৱাৰ পৰীক্ষাত অসমীয়াৰ সাফল্য অৰ্জন

পঞ্চম স্থান লাভেৰে ময়ূৰ হাজৰিকাৰ ৰেকৰ্ড

0 83
WhatsApp Image 2023 05 23 at 6.53.48 PM e1684852183132
ৱিনচেন ৱাইফেই

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ, ২৩ মেঃ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ (UPSC) সৰ্বভাৰতীয় অসামৰিক সেৱাৰ পৰীক্ষাত পঞ্চম স্থান লাভ কৰি ইতিহাস ৰচিলে অসম সন্তান নগাঁৱৰ ময়ূৰ হাজৰিকাই। ২৭১ সংখ্যক স্থান লাভ কৰিছে অঞ্জলি ভৰদ্বাজে, ২৯৮ সংখ্যক স্থান লাভ কৰিছে ইদুল আহমেদে, ৬১৯ সংখ্যক স্থান লাভ কৰিছে ৱিনচেন ৱাইফেইয়ে (Vincent Vaiphai ), ৬৬৪ সংখ্যক স্থান লাভ কৰিছে দীক্ষা লাংথাচাই, ৮৪৮ সংখ্যক স্থান লাভ কৰে নিবেদিতা দাস আৰু ৮৮১ সংখ্যক স্থান লাভ কৰিছে মানসজ্যোতি দাসে। উল্লেখ্য যে UPSCৰ প্ৰথম চাৰিটা স্থানৰ চাৰিগৰাকীয়েই মহিলা। পঞ্চম স্থানপ্ৰাপ্ত নগাঁৱৰ মিলনপুৰৰ ময়ূৰ হাজৰিকাই এতিয়ালৈকে শীৰ্ষৰ ফালে স্থান লাভ কৰা প্ৰথম অসমীয়া। হাজৰিকাই ২০১৩ চনত মেট্ৰিকত স্থান লাভ কৰাৰ উপৰি ২০১৫ চনতো উচ্চতৰ মাধ্যমিকত স্থান লাভ কৰিছিল। ৬১৯ সংখ্যক স্থান লাভ কৰা ৱিনচেন ৱাইফেই আছিল জোনাই বিজ্ঞান মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More