সৰ্বসাধাৰণৰ ধৈৰ্যচ্যুতি ঘটিলেই উৎখাত হ’ব স্বেচ্ছাচাৰী শাসক

তেজপুৰত আপৰ সংবাদমেলত উত্তৰ পূবৰ ৰাজ্য সমুহৰ প্ৰভাৰী ৰাজেশ শৰ্মা

0 78
শতাব্দ প্ৰতিনিধি তেজপুৰ,২৭আগষ্ট: ” বৰ্তমান কাঠ, কয়লা, চুপাৰী, ড্ৰাগছ আনকি পাচলিটো চিণ্ডিকেট চলিছে অসমত ৷ ৰাজনৈতিক নেতা, আৰক্ষীৰ সহযোগ অবিহনে চিণ্ডিকেট চলোটো সম্ভৱ নহয়৷ এই ক্ষেত্ৰত বহু কৰিবলগীয়া আছে৷ আশা কৰোঁ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এইক্ষেত্ৰত কাম কৰিব৷ অসমত চলা চৰকাৰী দুৰ্নীতি বিৰোধী অভিযানক আমি স্বাগতম জনাইছোঁ৷ কিন্তু সৰু সৰু সকলৰ লগতে ডাঙৰ ডাঙৰ সকলকো ধৰক৷ অসমত বহু বিয়াগোম দুৰ্নীতি হৈ আছে৷” আজি তেজপুৰত অনুষ্ঠিত এক সংবাদমেলত এই দৰে মন্তব্য কৰে আম আদমি পাৰ্টিৰ উত্তৰ পূৱৰ ৰাজ্য সমূহৰ প্ৰভাৰী ৰাজেশ শৰ্মাই ৷ তেজপুৰৰ কেতেকীবাৰীস্হিত আপৰ শোণিতপুৰ জিলা সমিতিৰ কাৰ্যালয়ত আজি দিনৰ ১১বজাত আয়োজিত এক সংবাদমেলত আপৰ নেতাজনে কয় “বৰ্তমান দেশৰ তদন্তকাৰী সংস্হা চিবিআই, ইডি, দুৰ্নীতি প্ৰতিৰোধী সংস্হা আদি সকলো তদন্তকাৰী সংস্হা ৰাজনৈতিক ভাবে ব্যৱহাৰ হৈছে৷ গুজৰাটৰ আদানি বিমান বন্দৰত এতিয়ালৈকে ৩০হেজাৰ কোটিৰ ড্ৰাগচ ধৰা পৰিছে৷ বাৰে বাৰে ইয়াত ড্ৰাগচ ধৰা পৰা সত্বেও ইয়াত চিবিআই নতুবা ইডিৰ অভিযানৰ বিষয়ে কোনোবাই শুনিছেনে? গুজৰাট এখন সুৰামুক্ত ৰাজ্য৷ কিন্তু ইয়াত অবৈধ ভাবে সুৰাৰ সৰবৰাহ হৈছে৷ অলপতে বিষাক্ত সুৰা পান কৰি ইয়াত ৫০ৰ অধিক লোক মৰিল৷ কিন্তু তাৰ পাছতো ইয়াত চিবিআই আৰু ইডিৰ তদন্তৰ কথা কোনোবাই শুনিছেনে? চত্তিছগড়ত প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰাৰ পাঁচদিন পাছতে এটা পথ সম্পূৰ্ণৰূপে খহি পৰিল৷ কিন্তু এই ক্ষেত্ৰতো চিবিআই বা ইডিয়ে তদন্ত কৰিছেনে? অসমৰ গুৱাহাটীত পানী যোগানৰ নামত বৃহৎ কেলেংকাৰী হৈছে,কিন্তু ইয়াত চিবিআই আৰু ইডিয়ে অভিযান চলোৱাৰ কথা শুনিছেনে! ”আপৰ নেতাজনে লগতে কয় যে,দিল্লীৰ আপ চৰকাৰৰ মন্ত্ৰী মনিষ চিচ’দিয়াৰ বিৰুদ্ধে চিবিআই এ অভিযান চলোৱাৰ ছয়দিন পাছতো কি উদ্ধাৰ কৰিলে সেয়া প্ৰকাশ কৰিব পৰা নাই৷ বৰ্তমান বিৰোধী ৰাজনৈতিক দলক দমন কৰিবলৈ তদন্তকাৰী সংস্হা সমূহক ব্যৱহাৰ কৰাৰ অভিযোগ তুলি তেওঁ সংবাদমেলত কয় যে আপৰ ৪০জন বিধায়কক ২০কোটি টকাকৈ ক্ৰয় কৰিবলৈ বিচৰা বিজেপিৰ মুঠ আঠশ কোটি টকাও নিশ্চয় কলাধনেই হ’ব৷ দিল্লী চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ পৰা আজিলৈকে এটকাও লাভ কৰা নাই বুলি উল্লেখ কৰি প্ৰভাৰী শৰ্মাই লগতে কয় যে,দিল্লী এখন সৰু ৰাজ্য, সেয়া সঁচা কথা ৷ দিল্লীৰ সেয়ে বাৰ্ষিক বাজেটো মাত্ৰ ৭৫হেজাৰ কোটি টকাৰ বিপৰীতে ক্ষেত্ৰ ভিত্তিক বৃহৎ ৰাজ্য অসমৰ বাজেট তিনিলাখ কোটি টকাৰ অধিক ৷ অসমে কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা লাভ কৰে সেয়াও চাবলগীয়া বুলি শৰ্মাই উল্লেখ কৰি লগতে কয় যে, তাত চৰকাৰী  বিদ্যালয়ৰ সংখ্যাও অসমতকৈ কম য’দিও দিল্লী চৰকাৰে শিক্ষাৰ বাবে বাজেটত ২০হেজাৰকোটি টকা ধাৰ্য কৰাৰ বিপৰীতে অসমত অধিক বিদ্যালয় থকা সত্বেও অসম চৰকাৰে শিক্ষাৰ ক্ষেত্ৰত  চাৰে ১৭হেজাৰ কোটি টকা টকা ধাৰ্য কৰে৷ তাৰো আকৌ ১১-১২হেজাৰ কোটি টকাহে ব্যয় কৰিবলৈ অসম চৰকাৰ সক্ষম হয় বুলি তেওঁ কটাক্ষ কৰে৷ আপৰ প্ৰভাৰীজনে লগতে কয় যে,দিল্লীৰ শিক্ষা আৰ্হি ভাল নে অসমৰ ভাল তাকলৈ কোনেও বেয়া পাব লগীয়া নাই৷ অসমৰ শিক্ষা আৰ্হি ভাল হ’লে দিল্লী চৰকাৰে অসমৰ আৰ্হি গ্ৰহণ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে সেই বাবেই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক দিল্লীলৈ আৰু কেজৰিৱালক অসমলৈ আমন্ত্ৰণৰ কথা মুকলিকৈ কৈছে৷ আনহাতে এই সন্দৰ্ভত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° শৰ্মাই দিল্লীৰ পৰা অসমলৈ বিমানৰ ভাড়াৰ কথা উল্লেখ কৰি কেজৰিৱালক তেওঁৰ যেতিয়াই ইচ্ছা তেতিয়াই অসমলৈ আহি অসমৰ বিদ্যালয় চাই গ’লেই হ’ল বুলি কোৱা কথাৰ প্ৰত্যুত্তৰত আপৰ উত্তৰ পূৱৰ প্ৰভাৰীজনে কয় ,“এখন ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে আন এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীক জনোৱা আহ্বানৰ পৰিণতিলৈ আমি অপেক্ষা কৰিছোঁ৷ নহলে ৰাজ্যিক আপে কেজৰিৱালক অসমলৈ আনিব৷ বিমানৰ টিকটৰ ব্যয় আপে বহন কৰিব৷ জনসাধাৰণৰ আহ্বান মৰ্মেই কেজৰিৱাল অসমলৈ আহিব৷” দিল্লীৰ মহল্লা ক্লিনিকৰ কথাৰে কেজৰিৱালক কটাক্ষ কৰা সন্দৰ্ভত শৰ্মাই কয় যে দিল্লীত তিনি শ্ৰেণীৰ চিকিৎসা ব্যৱস্থা আছে৷ একোটা সৰু অঞ্চলৰ লোকৰ সাধাৰণ ৰোগৰ চিকিৎসাৰ বাবে চিকিৎসক আৰু ঔষধ উপলব্ধ হয় এই মহল্লা ক্লিনিকত আৰু তাৰ বিপৰীতে চিকিৎসালয়, চিকিৎসা মহাবিদ্যালয় আদিত গুৰুতৰ ৰোগৰ চিকিৎসা কৰা হয়৷ শৰ্মাই ইয়াৰ বিপৰীতে অসমৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসা নোহোৱাৰ কথা উল্লেখ কৰি ইয়াৰ পৰা ৰোগীক আনলৈ স্হানান্তৰহে কৰা হয় বুলিও কটাক্ষ কৰে৷ তেওঁ আৰু কয় যে,মৰাণৰ এখন ৩০খন বিচানাযুক্ত চিকিৎসালয়ত ৰোগীক কেনেদৰে ৰখা হয় সেয়া তেওঁ নিজেই দেখিছে৷ গুৱাহাটীত মানুহে পানীও কিনি খাব লাগে আৰু বিদ্যুৎ অধিকাংশ সময়তে ৰাজ্যতে নাথাকে বুলি মন্তব্য কৰি শৰ্মাই আৰু কয় যে দিল্লীত কিন্তু ২৪ঘন্টাই বিদ্যুৎ থকাৰ উপৰি দুশ ইউনিট বিদ্যুৎ বিনামূলীয়াকৈ দিয়া হয়৷ বিষয়বোৰ তথা সমস্যা সমাধানৰ বাবে গুৰুত্ব দিবলৈ অসমৰ মুখ্যমন্ত্ৰীলৈ আহ্বান জনাই আপৰ প্ৰভাৰীজনে কয় যে আমি পৰস্পৰে ভালবোৰ গ্ৰহণ কৰিব লাগে,সকলো বিষয় ৰাজনৈতিক দৃষ্টকোণৰে চোৱাটো উচিত নহয়৷IMG 20220824 WA0001 আনহাতে কংগ্ৰেছক এখন ডুবন্ত নাও আখ্যা দি তেওঁ কয় যে এতিয়া এইখন ডুবন্ত নাৱত কোনো থাকিবলৈ নিবিছাৰে৷ আপৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত কোনো পাৰ্থক্য নাই বুলি মন্তব্য কৰি আপৰ নেতাজনে কয যে,কংগ্ৰেছ ভাই ভতিজাৰ দল হোৱাৰ বিপৰীতে বিজেপি তেওঁলোকৰ বন্ধুৰ দল৷ সেয়ে বিজেপিয়ে আম্বানি,আদানি আৰু ধনুকাক সহায় কৰে বুলিও তেওঁ কটাক্ষ কৰে৷ উল্লেখযোগ্য যে,আপ অসমতো শাসনলৈ আহিব পাৰে বুলি মন্তব্য কৰি দলটোৰ প্ৰভাৰীজনে দিল্লী আৰু পঞ্জাৱৰ কথাৰে কয় যে অঞ্চলভেদে ৰাইজৰ সমস্যা পৃথক হ’লেও মনোভাৱ একেই৷ তদুপৰি গণতান্ত্ৰিক দেশত শাসনত বহুৱাৰ ক্ষমতা সাধাৰণ লোকৰহে থাকে বুলি মন্তব্য কৰি তেওঁ লগতে কয় যে,সৰ্বসাধাৰণে শেষ পৰ্যন্ত স্বেচ্ছাচাৰী শাসকক সহ্য কৰি গ’লেও যিদিনা সৰ্বসাধাৰণৰ ধৈৰ্যৰ বান্ধ চিঙিব সেইদিনাই স্বেচ্ছাচাৰী শাসককো উৎখাত কৰিব আৰু অসমৰ ৰাইজে ভাবিলে আপকো শাসন দখলৰ ক্ষেত্ৰত তেতিয়া কোনো শক্তিয়ে বাধা দিব নোৱাৰিব৷ আজিৰ সংবাদমেলত  শৰ্মাৰ লগতে দলটোৰ ৰাজ্যিক সমন্বয়ক
ড° ভৱেন চৌধুৰী, শোণিতপুৰ জিলা মহিলা শক্তি সমন্বয়ক মিলি মহন্ত শইকীয়া আৰু জিলা সমন্বয়ক পুতুল বৰাও উপস্থিত থাকে৷
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More