হজ কৰিবলৈ পদব্ৰজে পাৰ হ’ল দহখন দেশ

ব্ৰিটিছ নাগৰিকৰ কাণ্ডত আচৰিত বিশ্ব

0 8

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুলাই : হজ কৰিবলৈ খোজকাঢ়ি মক্কা পালেহি এজন ব্ৰিটিছ বাসিন্দা। ইংলেণ্ডৰ ৱলভাৰহামপটনৰ পৰা যাত্ৰা আৰম্ভ কৰি প্ৰায় ৭৫০০ কিলোমিটাৰ খোজকাঢ়ি গন্তব্যস্থানত উপনীত হয় তেওঁ। তেওঁৰ লক্ষ্য আছিল শান্তি আৰু সমতাৰ বাৰ্তা প্ৰচাৰ কৰা। সংবাদ সূত্ৰ অনুসৰি ৫২ বছৰীয়া ব্ৰিটিছ বাসিন্দাজনৰ নাম আদম মহম্মদ। ইংলেণ্ডত থাকে যদিও তেওঁ ইৰাকী-কুৰ্দি বংশৰ। ৯খন দেশ ক্ৰমে নেদাৰলেণ্ড, জাৰ্মানী, অষ্ট্ৰিয়া, হাংগেৰী, ছাৰ্বিয়া, বুলগেৰিয়া, তুৰস্ক, লেবানন, জৰ্ডান পাৰ হোৱাৰ পিছত অৱশেষত তেওঁ চৌদি আৰৱত উপস্থিত হয়। ১০ মাহ ২৫ দিন খোজকাঢ়ি মক্কাত উপস্থিত হয় আদম। ২০২১ চনৰ ১ আগষ্টত ব্ৰিটেইনৰ পৰা তেওঁ যাত্ৰা আৰম্ভ কৰিছিল। যোৱা জুন মাহত তেওঁ গন্তব্যস্থানত উপস্থিত হয়। মিনাত উপস্থিত হোৱাৰ লগে লগে ৰাজ্যিক মন্ত্ৰী মজিদ বিন আব্দুল্লাই তেওঁক আদৰণি জনায় আৰু হজৰ অনুমতি প্ৰদান প্ৰক্ৰিয়াত সহায় কৰে। আদামে কয় যে, তেওঁ প্ৰতিদিনে গড়ে ১৭.৮ কিলোমিটাৰ খোজ কাঢ়িছিল। অৱশ্যে আদমে ৰাস্তাত যাতে বিপদত নপৰে তাৰ বাবে এখন ঠেলা লৈ ওলাই আহিল। ঘৰতে সাজিছিল এই ঠেলাখন। সকলো প্ৰয়োজনীয় আনুষংগিক সামগ্ৰীৰ উপৰি এটা স্পীকাৰ লগোৱা হৈছিল ঠেলাখনত। আদমৰ মতে তেওঁ শান্তি আৰু সমতাৰ বাৰ্তা প্ৰচাৰ কৰিছে। কেৱল সেয়াই নহয়, তেওঁ ‘GoFundMe’ নামৰ এটা পেজো তৈয়াৰ কৰিছিল। তেওঁ কয়— “মই এই সকলোবোৰ কেৱল খ্যাতি বা ধনৰ বাবেই নহয়, বিশ্ববাসীক দেখুৱাবলৈহে কৰিছোঁ যে, আমি মানুহ হিচাপে সকলো সমান, জাতি, জাতি বা ধৰ্ম নিৰ্বিশেষে। ইছলামে শান্তি আৰু ঐক্যৰ বাৰ্তা প্ৰদান কৰে।” যাত্ৰাত মানুহে যি মৰম দিছিল, সেই মৰমবোৰে তেওঁক আপ্লুত কৰিছিল বুলিও তেওঁ কয়। তেওঁ টিকটকৰ জৰিয়তেও হজ যাত্ৰা সম্প্ৰচাৰ কৰিছে। টিকটকত ইতিমধ্যে আদমৰ পাঁচ লাখ অনুগামী সৃষ্টি হৈছে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More