হাতীপটিত প্ৰথমবাৰলৈ ফটো উঠিল ব্লেক হলৰঃ উৎফুল্লিত বিজ্ঞানীসকল

0 31

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৩ মে’ : হাতীপটিৰ বুকুত লাগি থকা ব্লেক হল ! দেহত শিহৰণ জগাব পৰা এনে ফটো প্রথমবাৰলৈ উঠি আহিল বিশ্বৰ শ্ৰেষ্ঠ বিজ্ঞানীসকলৰ সমুখলৈ। বহুতেই এই আৱিষ্কাৰৰ উত্তেজনাৰ মাজত কি দেখি পেলাইছে সেয়া বিশ্বাসেই কৰিব পৰা নাছিল ! মহাশূন্যৰ ভিতৰত যিটোৰ সন্ধান বহু দিন ধৰি কৰি অহা হৈছে, তাৰ একংশ যেন এদিন পোহৰলৈ আহিল। হাতীপটিৰ ভিতৰত প্রথমবাৰলৈ ‘ব্লেক হল’ৰ ফটো ধৰা পৰিল। যিটো পদার্থবিদ্যাৰ জগতত এক বৃহৎ ঘটনা। যেন এক প্রকাণ্ড পোহৰ পিণ্ড। যাৰ বহুখিনি স্পষ্ট নহয়। ফটোত একেবাৰে অস্পষ্ট দেখা গৈছে সেই পিণ্ডক। এনে এক ছবি উঠি আহিছে মহাকাশ বিজ্ঞানীসকলৰ বাবে। প্রথমবাৰলৈ হাতীপটিৰ মাজত ধৰা পৰিছে ব্লেকহল। বিজ্ঞানীসকলৰ দাবী— সকলো সৌৰজগততে, আনকি আমাৰ সৌৰজগততো এনে ব্লেকহল আছে। যাৰ মাজেদি যাব নোৱাৰে পদার্থ আৰু পোহৰ। এনে এক অস্তিত্বৰ ফটো তোলা নিঃসন্দেহে এক বৃহৎ বিষয় আছিল। ইভেন্ট হৰাইজন টেলিস্কোপ কলাবেৰেচনৰ তৰফৰ পৰা এই ফটো তুলি ধৰা হয়। যি গোটেই বিশ্বকে হতবাক কৰি তুলিছে। হাতীপটিৰ এই ব্লেক হলক কোৱা হৈছে ‘চেজিটেৰিয়াছ এ’। আমাৰ সৌৰজগতৰ সূর্যতকৈ ৪ মিলিয়ন গুণ ডাঙৰ এইটো। একেবাৰে যেন দৈত্যাকাৰ। অৱশ্যে এইখন বিশ্বৰ প্রথম ব্লেকহলৰ ফটো নহয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More