হাতী খেদিবলৈ চালোৱা গুলীৰ টুকুৰাই আঘাত কৰিলে যুৱকক

0 15

শতাব্দ প্ৰতিনিধি, তেজপুৰ,৭ ডিচেম্বৰ : তেজপুৰৰ পৰ্বতীয়াৰ এটা পাহাৰত আশ্ৰয় লৈ থকা এটা বনৰীয়া হাতী খেদিবলৈ গৈ তেজপুৰৰ বনকৰ্মীয়ে শূন্যলৈ কৰা গুলীচালনাত এজন যুৱক আহত হোৱাৰ অভিযোগ উঠিছে৷ কালি সন্ধিয়া প্ৰায় ৬-৩০ বজাত এই ঘটনাটো সংঘটিত হয়৷ প্ৰণিধানযোগ্য যে, বনৰীয়া হাতীয়ে পৰ্বতীয়া, বেছেৰীয়া, বিন্দুকুৰি আদি অঞ্চলত কৃষিপথাৰ তহিলং কৰিছে৷ ইয়াৰ মাজতে কালি হাতী খেদিবলৈ যোৱা বনকৰ্মীয়ে চালনা কৰা ছেৰা গুলীৰ এটা টুকুৰাই বেজৰ চুবুৰীৰ অপূৰ্ব বৰা নামৰ যুৱকজনৰ বাহুত আঘাত কৰে৷ সেই সময়ত যুৱকজন সমনীয়াৰ স’তে দেৱীসিং ঘাটত আছিল। ঘটনা সন্দৰ্ভত কোনো এজাহাৰ দাখিল হোৱা নাই আৰু নিশা এখন চিকিৎসালয়ত তেওঁক প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰাৰ পাছতে যুৱকজনক ঘৰলৈ যাবলৈ দিয়া হয়৷ যুৱকজনৰ আঘাত গুৰুতৰ নহয় বুলি প্ৰকাশ কৰিছে চিকিৎসালয়ৰ সূত্ৰই৷ ইপিনে বন বিভাগৰ সূত্ৰয়ো এই ঘটনাৰ সত্যতা স্বীকাৰ কৰি ইতিমধ্যে যুৱকজনৰ পৰিয়ালৰ স’তে এই বিষয়ে প্ৰয়োজনীয় আলোচনা কৰা হৈছে বুলিও সদৰী কৰিছে৷ উল্লেখযোগ্য যে, বৰ্তমান বন্যহস্তীৰ এটা জাকে তেজপুৰৰ নিকটৱৰ্তী আৰিমৰা চাপৰি আৰু বিহগুৰিৰ বিভিন্ন অঞ্চলত উপদ্ৰৱ চলাই আছে আৰু ৰবিশস্যৰ বিস্তৰ ক্ষতি কৰিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More