হায়দৰাবাদত মানৱতাৰ অনন্য উদাহৰণ

মছজিদ চৌহদত ডায়েলাইছিছ কেন্দ্ৰ!

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৪ জুলাই : মানৱতাৰ এক অনন্য উদাহৰণ সৃষ্টি কৰিলে হায়দৰাবাদৰ এটা মছজিদৰ কৰ্তৃপক্ষই। হিম’-ডায়েলাইছিছ চেণ্টাৰ স্থাপনৰ বাবে মছজিদ চৌহদত আবণ্টিত হৈছে মাটি। মছজিদৰ চৌহদত এইবাৰ হিম’ডায়েলাইছিছ চেণ্টাৰ নিৰ্মাণ কৰা হৈছে। মছজিদ চৌহদত চিকিৎসা সেৱা আগবঢ়োৱাৰ নজিৰ হয়তো সমগ্ৰ পৃথিৱীত নাই। সেই ক্ষেত্ৰত হায়দৰাবাদে নেতৃত্ব দিছে। লেংগাৰ হাউচ অঞ্চলত অৱস্থিত মছজিদ-ই-মহম্মদিয়াত এতিয়া এটা অত্যাধুনিক বিনামূলীয়া ডায়েলাইছিছ চেণ্টাৰ স্থাপন কৰা হৈছে। ইয়াত জাতি-ধৰ্ম নিৰ্বিশেষে সমাজৰ অৰ্থনৈতিকভাৱে দুৰ্বল শ্ৰেণীয়ে চিকিৎসা সেৱা লাভ কৰিব বুলি জনোৱা হৈছে। হেল্পিং হেণ্ড ফাউণ্ডেশ্যন আৰু ছিড ইউ এছ নামৰ দুটা স্বেচ্ছাসেৱী সংস্থাই অত্যাধুনিক ডায়েলাইছিছ কেন্দ্ৰটো নিৰ্মাণৰ বাবে সহায়ৰ হাত আগবঢ়ায়। ডায়েলাইছিছ চেণ্টাৰটোত আছে পাঁচটা অত্যাধুনিক ফ্ৰেছনিয়ায়া ব্ৰেণ্ডৰ মেচিন। খবৰ অনুসৰি অহা তিনিমাহত আৰু পাঁচটা নতুন মেচিন প্ৰচলন কৰা হ’ব। ডায়েলাইছিছ চেণ্টাৰটোত কৰ্পৰেট হাস্পতালৰ দৰেই সেৱা আছে। যিহেতু ৰোগীক ৰখাৰ ব্যৱস্থা আছে, সেয়ে জৰুৰীকালীন ভিত্তিত সেৱা আগবঢ়োৱাৰ ব্যৱস্থাও আছে। ডায়েলাইছিছ চেণ্টাৰটোৰ দায়িত্বত আছে শ্বাৱাৰ আলী খান নামৰ এজন চিকিৎসক। যি কিডনী বিশেষজ্ঞ হিচাপে পৰিচিত। তদুপৰি কেন্দ্ৰটোত এজন মেডিকেল ডাক্তৰ আৰু ডায়েলাইছিছ টেকনিচিয়ান আছে। ইয়াত এম্বুলেন্স সেৱাও উপলব্ধ। প্ৰতিদিনে পুৱা ৮ বজাৰ পৰা নিশা ৮ বজালৈ খোলা থাকে ডায়েলাইছিছ চেণ্টাৰটো। খবৰ অনুসৰি কেন্দ্ৰটো নিৰ্মাণৰ বাবে ৪৫ লাখ টকা ব্যয় কৰা হৈছে। বিনামূলীয়া ডায়েলাইছিছৰ বাবেও আছে হেল্পলাইন নম্বৰ। বিনামূলীয়া ডায়েলাইছিছ সেৱাৰ বাবে ৯৬০৩৫৪০৮৬ নম্বৰত ফোন কৰিলেই হ’ল। কভিড কালত মহাৰাষ্ট্ৰৰ ভিৱাণ্ডিকত এটা মছজিদত কৰোনা ৰোগীৰ বাবে এটা চিকিৎসা কেন্দ্ৰ স্থাপন কৰা হৈছিল। দেশৰ ভিতৰতে সৰ্বাধিক মৃত্যুৰ হাৰ আছিল ভিৱাণ্ডীত। প্ৰায় ৫.৩ শতাংশ। এই জনবহুল জিলাত ১৫ দিনীয়া লকডাউন ঘোষণা কৰাৰ পাছতো পৌৰসভাই সংক্ৰমণ ৰোধ কৰিব পৰা নাছিল। কোনো চিকিৎসালয়তে বিছনা খালী নাছিল। এনে অৱস্থাত আগবাঢ়ি আহিছিল জামাত-ই-ইছলামী হিন্দৰ স্থানীয় শাখা আৰু শান্তিনগৰ ট্ৰাষ্ট। মহানগৰীৰ মক্কা মছজিদত কভিড ৰোগীৰ চিকিৎসাৰ বাবে এটা অস্থায়ী কেন্দ্ৰ স্থাপন কৰা হৈছিল। মছজিদৰ প্ৰেক্ষাগৃহত বিছনা আৰু অক্সিজেন ৰখা হৈছিল। মছজিদ কমিটিয়ে সেই সময়ত কৈছিল যে এই ব্যৱস্থা জিলা চিকিৎসালয়খনৰ ওপৰত হেঁচা কমোৱাৰ বাবে কৰা হৈছে। কিন্তু হায়দৰাবাদ মছজিদ চৌহদৰ স্বাস্থ্য সেৱাৰ দৰে ব্যৱস্থা কেৱল দেশতে নহয়, বিদেশতো আছে নে নাই সেই লৈ কোনো নিশ্চিত তথ্য পোৱা হোৱা নাই।
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More