’হালধীয়া’ বিতৰ্ক ! উকীল সন্থালৈ পত্ৰ প্ৰেৰণ তিনিচুকীয়া প্ৰেছ ক্লাবৰ

0 56

শতাব্দ প্ৰতিনিধি, তিনিচুকীয়া, ১৬ জুন : তিনিচুকীয়া উকীল সন্থাই ছপা সংবাদ মাধ্যমৰ বিৰুদ্ধে ৰাজহুৱাকৈ আপমানজনক মন্তব্য প্ৰদান কৰা কাৰ্য্যক কেন্দ্ৰ কৰি সমগ্ৰ তিনিচুকীয়াৰ সাংবাদিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে এই সন্দৰ্ভত আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ তৰফৰ পৰা উকীল সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰা হৈছে । উল্লেখ্য যে ১১ জুনৰ নিশা তিনিচুকীয়াৰ মাকুম পথস্থিত ‘মিৰানা’ নামৰ অভিজাত হোটেলখনত চলা এক আবকাৰী অভিযানত অবৈধভাৱে মজুত ৰখা বৃহৎ পৰিমাণৰ বিলাতী সুৰা আৰু বীয়েৰ জব্দ হৈছিল । অনুৰূপ অভিযোগত কিছুদিন পূৰ্বে অপু’জ নামৰ ৰেষ্টুৰেণ্টখন ছীল কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ সংৰক্ষিত ভূমি বেদখলৰ অভিযোগত অপু’জকে ধৰি ১৪ খন সৰুসুৰা দোকান বুলডজাৰ চলাই চুৰমাৰ কৰি দিয়া তিনিচুকীয়াৰ প্ৰশাসনে পুঁজিপতি বনিয়াৰ ’মিৰানা’ হোটেলৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰিব বুলি ব্যাপক চৰ্চা হোৱাৰ পাছত তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশে ১২ জুনত হোটেলখন তৎকালে ছীল কৰাৰ নিৰ্দেশ জাৰী কৰে । কিন্তু প্ৰশাসনে উক্ত দিনাই হোটেলখন ছীল কৰাৰ পৰা বিৰত থাকে । আনহাতে ১৩ জুনৰ দিনাও বহু পলমকৈ দিনৰ প্ৰায় ১ বজাতহে হোটেলখন ছীল কৰিবলৈ প্ৰশাসনৰ দল উপস্থিত হয় । কিন্তু হোটেল কৰ্তৃপক্ষৰ অধিবক্তাই আদালতৰ নথি প্ৰদৰ্শন কৰাত প্ৰশাসনৰ লোকে ’মিৰানা’ ছীল নকৰাকৈ উভতি আহে । সংবাদ মাধ্যমৰ লোকে আদালতৰ নিৰ্দেশটো প্ৰদৰ্শন কৰিবলৈ বাৰম্বাৰ অনুৰোধ জনোৱাৰ পাছতো প্ৰশাসনৰ প্ৰতিনিধিয়ে আদালতৰ নিৰ্দেশ প্ৰদৰ্শন নকৰে । পৰৱৰ্তীকালত আদালতৰ ’স্থগিতাদেশ’ৰ বাবে প্ৰশাসনে হোটেলখন ছীল নকৰাকৈ উভতি আহে বুলি গৰিষ্ঠ সংখ্যক ছপা আৰু বৈদ্যুতিন সংবাদ মাধ্যমত প্ৰকাশিত হয় । পাছত আদালতৰ নিৰ্দেশ পোহৰলৈ অহাত দেখা যায় যে আদালতে হোটেলখন ছীল কৰাৰ নিৰ্দেশ পুনৰ বিবেচনাৰ বাবেহে কৈছিল । কিন্তু ছীল কৰাত বাধা আৰোপ কৰা নাছিল বা কোনো স্থগিতাদেশ জাৰী কৰা নাছিল । বৰং আদালতে তিনিচুকীয়াৰ অতিৰিক্ত জিলা দণ্ডাধীশৰ নিৰ্দেশ আইনগত বুলিহে উল্লেখ কৰিছিল । আদালতৰ মজিয়াত বিষয়টো ইতিমধ্যে যতি পৰাৰ পাছতো তিনিচুকীয়া জিলা প্ৰশাসনে বিষয়টো আদালতৰ মজিয়াত থকা বুলি হোটেলখনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰা বিৰত থাকে । আনহাতে আদালতৰ নিৰ্দেশ বিয়লিহে বাহিৰ হৈছিল যদিও ’মিৰানা’ ছীল কৰিবলৈ যোৱা প্ৰশাসনৰ লোকে দুপৰীয়া এক বজাতে আদালতৰ নিৰ্দেশৰ গইনা দি হোটেলখন ছীল নকৰাকৈ উভতি আহিছিল । প্ৰশাসনৰ এনে পক্ষপাতিত্বমূলক স্থিতিৰ বিৰুদ্ধে তিনিচুকীয়াত আজিও প্ৰতিক্ৰিয়া অব্যাহত আছে । ইফালে প্ৰশাসনে আদালতৰ নিৰ্দেশৰ অপব্যাখ্যাৰে দায় সৰাৰ চেষ্টা চলোৱাত স্বাভাৱিকভাৱে ক্ষুব্ধ হৈ পৰে তিনিচুকীয়া উকীল সন্থা । কিন্তু ’মিৰানা’ বিতৰ্ক সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ গৈ তিনিচুকীয়া উকীল সন্থাই কালি বৈদ্যুতিন সংবাদ মাধ্যম আৰু সংগঠনৰ প্ৰতিনিধিৰ সন্মুখত ছপা মাধ্যমক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয় । হোটেল ’মিৰানা’ বিতর্ক সন্দৰ্ভত বাতৰি কাকতত প্রকাশিত বাতৰিক উদ্দেশ্য কৰি ছপা মাধ্যমে হালধীয়া সাংবাদিকতা কৰিছে বুলিও অপমানসূচক মন্তব্য প্রদান কৰে উকীল সন্থাই । এই সন্দৰ্ভত আজি তিনিচুকীয়া প্ৰেছ ক্লাবৰ সভাপতি কমল তালুকদাৰ আৰু সম্পাদক প্ৰণৱ ফুকনে উকীল সন্থালৈ এক পত্ৰ প্ৰেৰণ কৰি কিহৰ ভিত্তিত ছপা মাধ্যমক জনমানসত হেয় প্রতিপন্ন কৰিবলৈ উক্ত অপমানসূচক মন্তব্য প্রদান কৰিলে তাক স্পষ্ট কৰাৰ আহ্বান জনাই ইয়াৰ অন্যথা অনাগত দিনত তিনিচুকীয়া উকীল সন্থাৰ সকলো ধৰণৰ কাৰ্য্যসূচী তিনিচুকীয়া প্ৰেছ ক্লাবে বৰ্জন কৰিব বুলি স্পষ্ট কৰি দিয়ে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More