হিতাধিকাৰীক প্ৰৱঞ্চনাঃএটিএম কাৰ্ড নিলে ঠিকদাৰ ৰূপী সদস্যই

শোণিতপুৰত অসম্পূৰ্ণ প্ৰধানমন্ত্ৰী আবাসগৃহ যোজনাৰ বাসগৃহ

0 15

শতাব্দ প্ৰতিনিধি তেজপুৰ, ১৭আগষ্ট: ৰাজ্যৰ গ্ৰামাঞ্চলত প্ৰধানমন্ত্ৰী আৱাসগৃহ নিৰ্মাণৰ ক্ষেত্ৰত শোণিতপুৰ যথেষ্ট পিছপৰি থকা বুলি অভিযোগ উত্থাপিত হোৱাৰ সময়তে জিলাখনৰ বিহগুৰি উন্নয়ন খণ্ডৰ কেতবোৰ অঞ্চলত হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগলৈ একাংশই এনে গৃহ নিৰ্মাণৰ ক্ষেত্ৰত ব্যাপক লুণ্ঠন চলোৱাৰ অভিযোগ উঠিছে৷ উল্লেখযোগ্য যে ২০১৯-২০ত আবন্টিত গৃহ এই পৰ্যন্ত সম্পূৰ্ণ নহোৱাৰ লগতে হিতাধিকাৰীয়েহে উপায়হীন হৈ ধাৰ-ঋণৰে ঘৰৰ কাম আগবঢ়াব লগীয়া ঘটনা সংঘটিত হৈছে বিহগুৰি উন্নয়ন খণ্ড অন্তৰ্গত অঞ্চলত৷ এই উন্নয়ন খণ্ড অধীনষ্ঠ আৰু বাঁহবাৰী গাঁও পঞ্চায়ত এলেকাৰ নিজ বাহঁবাৰীৰ বিৰ্চী মাহিলী মুণ্ডা নামৰ হিতাধিকাৰী গৰাকীয়ে লাভ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ এটা বাসগৃহ আজিলৈকে সম্পূৰ্ণ নহ’ল৷ উল্লেখযোগ্য যে,এই গৃহনিৰ্মাণৰ বাবে চৰকাৰী ভাবে আবন্টিত মুঠ একলাখ ৫০হেজাৰ টকাৰ ভিতৰত একলাখ ৩০হেজাৰ টকা গৃহনিৰ্মাণৰ সামগ্ৰী আদি ক্ৰয়ৰ বাবে আৰু বাকী ২০হেজাৰ টকা জৱকাৰ্ডৰ বাবে তথা শ্ৰমিকৰ বাবে প্ৰদান কৰা হয়৷ গৃহ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পাছত ৰং কৰা তথা ইয়াত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ প্ৰতীক চিহ্ন সংযোজিত কৰাৰ পাছতহে সেই গৃহ সম্পূৰ্ণ হোৱা বুলি ধৰা হয় যদিও একাংশ হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগ লৈ একাংশ পঞ্চায়ত সদস্যই হিতাধিকাৰীৰ এটিএম হস্তগত কৰি ধন আত্মসাৎ কৰি আহিছে৷ আনহাতে এনেদৰে অসম্পূৰ্ণ গৃহৰ ক্ষেত্ৰত দায়িত্বত থকা কনিষ্ঠ অভিযন্তা আৰু খণ্ড উন্নয়ন বিষয়াৰ নিস্ক্ৰিয় ভূমিকাও ৰহস্যৰ কাৰণ হৈ পৰিছে৷ উল্লেখযোগ্য যে,বিৰ্চী মাহিলি মুণ্ডাৰ নামত আবন্টিত প্ৰধানমন্ত্ৰী আৱাস গৃহৰ বিপৰীতে একলাখ ৩০হেজাৰ টকা হিতাধিকাৰীৰ একাউন্টত সোমোৱাৰ পাছতেই স্হানীয় পঞ্চায়ত সদস্য মন্টু কেৰকেতাই হিতাধিকাৰী গৰাকীৰ পৰা এটিএমখন লৈ যায় গৃহ নিৰ্মাণৰ বাবে ধন মোকলোৱাৰ স্বাৰ্থত৷ পৰৱৰ্তী সময়ত কিছু কাম কৰি অৰ্দ্ধনিৰ্মিত ভাবে পেলাই থোৱাত উপায়হীন হৈ হিতাধিকাৰীৰ দিন হাজিৰা কৰা স্বামীয়ে ঘৰটোৰ বাবে প্ৰয়োজনীয় তিনি বাণ্ডিল টিনপাত নিজাকৈ লগাই আৰু মজিয়াৰ প্লাষ্টাৰৰ কামো হিতাধিকাৰীয়ে নিজ ধনৰে কৰে৷ কিন্তু ইয়াৰ পাছত আৰ্থিক ভাবে অক্ষম হিতাধিকাৰীয়ে বাকী কাম কৰিব নোৱৰাত ঘৰটোৰ দুৱাৰ খিড়িকী আজিলৈকে লগোৱাই নহ’ল৷ ইপিনে গৃহ নিৰ্মাণৰ নামত পঞ্চায়ত সদস্য মন্টুৱে প্ৰায় সমস্ত ধন মোকলাই নিয়ে৷ পৰিয়ালটোৱে বাৰম্বাৰ বিচৰা সত্বেও এটিএম কাৰ্ড ঘূৰাই নিদি ব্যৱহাৰ কৰি থকা মন্টুৱে কিছুদিন পূৰ্বেহে কাৰ্ডখন বিৰ্চী মাহিলিক ঘূৰাই দিয়ে যদিও তেওঁৰ একাউন্টত তেতিয়ালৈকে মাত্ৰ ছয়শ টকাহে জমা আছিল৷ উল্লেখযোগ্য যে,এই গৃহ ইমানদিনে অসম্পূৰ্ণ ভাবে পৰি থকা সত্বেও উন্নয়ন খণ্ডই এইবিষয়ে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই৷ একাংশ হিতাধিকাৰীৰ অজ্ঞতাৰ সুযোগ লৈ প্ৰধানমন্ত্ৰী আৱাসগৃহৰ নামত ধন আত্মসাৎ আৰু দালালি তথা কমিচন ৰাজ অব্যাহত থকা শোণিতপুৰৰ বিভিন্ন বিধান সভা সমষ্টিত বহু সংখ্যক গৃহনিৰ্মাণৰ কাম এনে কাৰণতে আগবঢ়া নাই৷ আন এক সূত্ৰই প্ৰকাশ কৰা মতে,হিতাধিকাৰীক প্ৰধানমন্ত্ৰী আবাসগৃহৰ বিপৰীতে একলাখ ৩০হেজাৰ টকা আবন্টন হোৱা বুলি কৈ বাকী ২০হেজাৰ টকা জৱকাৰ্ডৰ ধন একাংশ সুযোগসন্ধানীয়ে হজম কৰি আহিছে৷ তদুপৰি জিলাখনৰ বিভিন্ন উন্নয়ন খণ্ডত কন্টিজেঞ্চি পূঁজি হিচাপ বিহীন ভাবে ব্যয় হোৱাৰ লগতে একাংশ খণ্ড উন্নয়ন বিষয়া আৰু কনিষ্ঠ অভিযন্তাই ইচ্ছামতে ব্যৱহাৰ কৰি আহিছে৷ জিলাখনৰ একাধিক উন্নয়ন খণ্ডত একাংশ অতি দুৰ্নীতি গ্ৰস্ত কনিষ্ঠ অভিযন্তাই বছৰৰ পাছত বছৰ কাৰ্যনিৰ্বাহ কৰাৰ সুযোগতে এনে মইমতালি অব্যাহত ৰখাৰ বিপৰীতে এইসকলৰ ডিঙিত এতিয়া টিলিঙা কোনে আঁৰিব বুলিও চৰ্চিত হৈছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More