হিমন্তবিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে–বিধায়ক অখিল গগৈ

২০২৪ বৰ্ষৰ পঞ্চায়ত নিৰ্বাচন বিৰোধী ঐক্যমঞ্চই একেলগে খেলাৰ আহ্বান

0 43

ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগৰ দাবী

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ ১১ জুনঃ অসমত এতিয়া বিজেপিৰ বিৰুদ্ধে এটা বাতাবৰণৰ সৃষ্টি হৈছে৷ অসমত সাম্প্ৰদায়িক বিজেপি,স্বৈৰতান্ত্ৰিক বিজেপি, গুণ্ডাগিৰি কৰা বিজেপি, অসমৰ মানুহৰ বাক্ স্বাধীনতা হৰণ কৰি পেলোৱা বিজেপি, অসমৰ মানুহৰ বস্তুৰ মূল্যবৃদ্ধিৰে অসমৰ জনতাৰ স্বাৰ্থৰ বিপৰীতে অৱস্থান কৰা বিজেপি, সেই বিজেপিৰ বিৰুদ্ধে সমগ্ৰ অসমৰ মানুহে এইবাৰ ঐক্যবদ্ধ হোৱাৰ লক্ষণ দেখা গৈছে৷ ২০২৪ চনৰ লোকসভা নিৰ্বাচনটোত বিজেপিৰ বিৰোধী ঢৌৰ সৃষ্টি হৈছে৷ যদিও আমাৰ বিৰোধী পক্ষৰ ৰাজনৈতিক দলবোৰৰ অৰ্থনৈতিক অৱস্থা যথেষ্ট বেয়া আছিল, তেওঁলোকে সাংগঠনিক দিশবোৰ ভাঙি পেলাবলৈ চেষ্টা কৰিছিল, কিন্তু তাৰপিছতো আমি দেখা পালো ২০২৪ ৰ নিৰ্বাচনত অসমৰ খিলঞ্জীয়া মানুহে অসমৰ বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে৷ বিশেষকৈ শিক্ষিত ভোটাৰসকল, নতুন প্ৰজন্মৰ ভোটাৰসকল, খিলঞ্জীয়া ভোটাৰ সকল, অসমৰ যুৱক-যুৱতীসকল এইবাৰ আটাইবিলাকে বিজেপিৰ বিৰুদ্ধে ভোটদান কৰিছে৷ অসমৰ চাকৰি কৰা মানুহ, কাম কৰি খোৱা মানুহ বিলাকে বিজেপিৰ বিৰুদ্ধে ভোট দান কৰিছে৷ হিমন্ত বিশ্বৰ দাদাগিৰিত মানুহ অসন্তুষ্ট, মানুহ দাদা বিগ্ৰেডৰ দম্ভ আৰু অহংকৰাত সম্পূৰ্ণৰূপে ক্ষুণ্ণ৷ অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাৰ শাসনকালত ভালকৈ উশাহ ল’ব নোৱাৰা পৰিৱেশৰ সৃষ্টি হৈছে৷ মানুহৰ বাক স্বাধীনতা নাইকিয়া হৈছে৷ এনেকুৱা পৰিস্থিতিত অসমৰ ৰাইজে ২০২৬ চনৰ নিৰ্বাচনত হিমন্ত বিশ্ব চৰকাৰখনক পৰাজিত কৰিবৰ কাৰণে, বগৰাবৰ কাৰণে মৌন ভাৱে সংকল্প লোৱাৰ প্ৰতিচ্ছবি ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে৷ মানুহৰ মাজত এই পৰিস্থিতিৰ সৃষ্টি হৈছে তেতিয়া যেতিয়া বিৰোধী শক্তিবিলাক ঐক্যবদ্ধ হৈছে৷ একক ভাৱে কোনো এটা বিৰোধীৰ প্ৰতি মানুহৰ আস্থা প্ৰকাশ হোৱা নাই৷ আস্থা প্ৰকাশ কৰিছে সমূহীয়া ভাৱে৷ ঐক্যবদ্ধ হোৱাৰ বাবে আস্থা প্ৰকাশ পোৱা দেখা গৈছে৷ এই যে বিৰোধী পক্ষৰ প্ৰতি আস্থা অসমৰ ভোটাৰসকলে ক্ৰমান্বয়ে প্ৰদৰ্শন কৰিছে সেই আস্থাত যাতে কোনোধৰণৰ আঘাত নালাগে তাৰকাৰণে মই বিৰোধী ঐক্যমঞ্চৰ ১৬টা ৰাজনৈতিক দলকে ২০২৪ চনৰ পঞ্চায়ত নিৰ্বাচনতো ঐক্যবদ্ধ হৈ একেলগতে নিৰ্বাচন খেলিবৰ বাবে বিনম্ৰ ভাৱে আহ্বান জনাইছো৷ –এই মন্তব্য ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ৷ আজি নৰ্থ লখিমপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেল সম্বোধন কৰি বিধায়কজনে এই মন্তব্য প্ৰকাশ কৰে৷ ৰাইজৰ দলৰ লখিমপুৰৰ ভাৰপ্ৰাপ্ত সভাপতি ছাজাদ হাজৰিকা, জাতীয় যুৱ বাহিনীৰ ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক নিৰ্মল পায়েং,ৰাইজৰ দলৰ মুখপাত্ৰ হৰিকান্ত দাস আদি উপস্থিত থকা সংবাদমেলখনত এন এইচ পি চি সন্দৰ্ভত অখিল গগৈয়ে কয় যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বাবেই সোৱণশিৰি নদীত থকা ১৫৬ বিধ থলুৱা প্ৰজাতিৰ মাছৰ বিলুপ্তি ঘটিবলৈ গৈ আছে৷ যাৰবাবে এন এইচ পি চিয়ে এতিয়া নদীখনত ৬ হাজাৰকৈ বিদেশী মাছৰ পোনা এৰিবলৈ বাধ্য হৈছে৷ বান্ধ নিৰ্মাণৰ সময়ছোৱাৰ পৰা এইপৰ্যন্ত প্ৰকল্পটোত ১৫জনকৈ শ্ৰমিকে প্ৰাণ আহুতি দিলে যদিও তেওঁলোকৰ পৰিয়ালবৰ্গই এতিয়াও উপযুক্ত ক্ষতিপূৰণ লাভ নকৰিলে বুলি অখিল গগৈয়ে ক্ষোভ ব্যক্ত কৰে৷ তেওঁৰ স্পষ্ট মত গেৰুকামুখৰ দৰে থুনুকা পাহাৰত কেতিয়াও বৃহৎ নদীবান্ধ সম্ভৱ নহয় আৰু এই কথা তেওঁলোকে প্ৰথমেৰে পৰা সজোৰে চিঞৰি আহিছে৷ এনে বৃহৎ নদীবান্ধ ভাঙি দিয়াৰ বাহিৰে কোনো গত্যন্তৰ নাই বুলি অখিল গগৈয়ে আজিৰ সংবাদমেলত সদৰি কৰে৷ ইফালে ঢকুৱাখনাৰ সুনীল গগৈৰ হত্যাকাণ্ডৰ দোষীক এইপৰ্যন্ত বিচাৰি উলিয়াব নোৱৰা স্মাৰ্ট অসম আৰক্ষীৰ গৃহ মন্ত্ৰীৰ দায়িত্বত থকা ড॰ হিমন্ত বিশ্ব শৰ্মাক পদত্যাগ কৰিবলৈ দাবী জনায় অখিল গগৈয়ে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More