হিমন্তবিশ্ব শৰ্মাৰ সীমা বিবাদ নিষ্পত্তি চুক্তি অসাৰঃ অৰুণাচলীয়ে লখিমপুৰৰ বনাঞ্চলত গছ কাটিয়েই আছে

কাকৈ সংৰক্ষিত বনাঞ্চলত অৰুণাচলী দুবৃৰ্ত্তই মাৰণাস্ত্ৰ লৈ একে নিশাই কাটি তহিলং কৰিলে দুই হেক্টৰ বনাঞ্চলৰ মূল্যবান গছ-গছনি

0 83
  •  জিলা উপায়ুক্ত-আৰক্ষী অধীক্ষকৰ ঘটনাস্থলী পৰিদৰ্শন
  • অসম চৰকাৰৰ নিৰ্লিপ্ত ভূমিকাত আটছাৰ তীব্ৰ ক্ষোভ
  • কাকৈত ভূমি দখলৰ প্ৰচেষ্টাৰে অৰুণাচলীৰ আগ্ৰাসন
  • বনাঞ্চলত বন শিবিৰ স্থাপন

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ,লখিমপুৰ ১৯ মে’ ঃWhatsApp Image 2023 05 19 at 6.30.54 PM অসম অৰুণাচলৰ মাজত সীমা সমস্যা সন্দৰ্ভত বুজা বুজি চুক্তি হৈ যোৱাৰ পিছতো একাংশ অৰুণাচলীয়ে অসমৰ ভূমিলৈ লোলুপ দৃষ্টি দি আহিছে৷ বিশেষকৈ অসম-অৰুণাচল সীমান্তৱৰ্তী লখিমপুৰ জিলাৰ বিভিন্ন বনাঞ্চলত অৰুণাচলীয়ে এতিয়াও আগ্ৰাসন অব্যাহত ৰাখিছে৷ ইয়াৰ পৰিণতি স্বৰূপে যোৱা ১৭ মে’ৰ নিশা জিলাখনৰ কাকৈ সংৰক্ষিত বনাঞ্চলৰ লৱাৰ জুমি তথা কৈলামাৰি চাহ বাগানৰ ১৬ আৰু ১৭ নং ছেক্টৰত একে নিশাই দুই হেক্টৰ ভূমিৰ শ শ জোপা অতি মূল্যবান গছ-গছনি কাটি তহিলং কৰা কাৰ্যই সমগ্ৰ অঞ্চলটোত চেপা উত্তেজনাৰ সৃষ্টি কৰিছে৷ পৰিতাপৰ কথা যে সন্দেহ কৰা অনুসৰি অৰুণাচলী দুবৃৰ্ত্তই সেই নিশা বহু কেইটা আধুনিক কাঠ কটা মেচিনেৰে এফালৰ পৰা সৰু-বৰ মূল্যবান গছ-গছনি ধবংস কৰি যায়৷ বন বিভাগৰ এক সূত্ৰই সদৰি কৰা অনুসৰি নিশা মাৰণাস্ত্ৰধাৰী দুবৃৰ্ত্তৰ পহৰাৰ মাজত অসমৰ এই বৃহৎ বৃহৎ গছসমূহ এফালৰ পৰা কাটি পেলোৱা হয়৷ অৰুণাচলীয়ে উক্ত স্থানত নিজৰ দখল সাব্যস্ত কৰাৰ বাবেই এনে নিকৃষ্ট পন্থা অৱলম্বন কৰা বুলি সন্দেহ কৰা হৈছে৷ সেই নিশা দুবৃৰ্ত্তই বনাঞ্চলখনৰ ভিতৰত প্ৰৱেশ কৰি গমাৰী, চেগুন, শলখ, বগীপমা, গন্ধসৰৈ আদি বিভিন্ন প্ৰজাতিৰ মূল্যবান গছ-গছনি সমূহ কাটি তহিলং কৰে৷ জহিং বন খণ্ডৰ অন্তৰ্গত লৱাৰ জুমিত নিশা দুবৃৰ্ত্তই এনেদৰে প্ৰায় ১৫-২০ বিঘা ভূমিৰ গছ-গছনি একেনিশাই কাটি পেলোৱাৰ খবৰ লাভ কৰি বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ লগতে লখিমপুৰ জিলা প্ৰশাসনক অৱগত কৰাৰ পিছত সেই স্থানত পুৱা জিলা আৰক্ষী অধীক্ষক, আঞ্চলিক বন বিষয়া, ৰাজহ চক্ৰ বিষয়া আদি উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ ১৮ মে’ৰ দুপৰীয়াও দুৰ্গম এলেকাটোৰ বনাঞ্চলখনত জিলা উপায়ুক্ত সুমিত সাত্তাৱন উপস্থিত হৈ ঘটনাৰ বুজ লয়৷ আজি লখিমপুৰৰ জিলা উপায়ুক্তজনে কয় যে এতিয়াৰে পৰা জংঘলত গছ কাটিব নোৱৰাকৈ সীমান্তত এটা বন শিবিৰ আজিৰে পৰা স্থাপন কৰা হৈছে৷ এই শিবিৰটোত ১০ জন ফৰেষ্ট বেটেলিয়ানে দিনে নিশাই মাৰণাস্ত্ৰ লৈ পহৰা দি থকাৰ লগতে বনাঞ্চল নিৰীক্ষণ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে৷ ইতিমধ্যে শিবিৰটোত আজিৰে পৰা আৰক্ষী জোৱান সকলক ৰখাৰ ব্যৱস্থা কৰা হৈছে বুলিও তেওঁ কয়৷ WhatsApp Image 2023 05 19 at 6.30.57 PMইফালে আজি সাংবাদিকৰ এটা দলৰ লগতে স্থানীয় অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সহ সম্পাদক সুনীল তিৰ্কি, লখিমপুৰ জিলা সমিতিৰ কাৰ্যবাহী সদস্য বাদল কাশ্যপ, সাংগঠনিক সম্পাদক অমিত ধান সহ প্ৰায় ১০ জনীয়া এটা দলে ঘটনাস্থলী পৰিদৰ্শন কৰি গভীৰ উদ্বেগ প্ৰকাশ কৰাৰ লগতে মুখ্য়মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই দিল্লীত সীমা বিবাদ নিষ্পত্তি কৰা বুলি যি চুক্তি কৰিছিল সেই চুক্তি অসাৰ প্ৰতিপন্ন হল বুলি খেদ প্ৰকাশ কৰে৷ লখিমপুৰ জিলা প্ৰশাসনৰ দুৰ্বল ভূমিকাৰ বাবেই অৰুণাচলী দুবৃৰ্ত্তই এনেদৰে অসমৰ বনাঞ্চল ধবংস কৰি আগ্ৰাসন অব্যাহত ৰাখিছে বুলি ক্ষোভ ব্যক্ত কৰে৷ আনহাতে দুবৃৰ্ত্তই কাটি পেলোৱা গছ-গছনিসমূহ লখিমপুৰ জিলা প্ৰশাসনৰ সহযোগত আজি লখিমপুৰৰ বন বিভাগৰ এটা বৃহৎ দলে এই গছৰ কুণ্ডাসমূহ জহিং বন খণ্ডলৈ কঢ়িয়াই অনাৰ ব্যৱস্থা কৰে৷ বনাঞ্চল ৰক্ষাৰ ক্ষেত্ৰত জিলা বন সংমণ্ডল প্ৰাধিকাৰী অশোক দেৱ চৌধুৰীয়ে বিশেষ গুৰুত্ব দি অহাৰ সময়তে সীমান্তত সৃষ্টি হোৱা এনে ঘটনাই বন বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ লগতে স্থানীয় ৰাইজক উদ্বিগ্ন কৰি তুলিছে৷ এক সূত্ৰই সদৰি কৰা অনুসৰি সীমান্তৰ কাষতে থকা অৰুণাচলী দুবৃৰ্ত্তই ঝুম খেতিৰে ক্ৰমান্বয়ে ভূমি বে-দখলৰ বাবে এনেদৰে আগ্ৰাসন নীতি গ্ৰহণ কৰি আহিছে৷ পৰিতাপৰ কথা যে জহিং বন খণ্ডত মাত্ৰ চাৰিজনমান বনকৰ্মীয়ে মাৰণাস্ত্ৰ অবিহনেই জহিং বন খণ্ডৰ লগতে কাকৈ সংৰক্ষিত বনাঞ্চলখন সুৰক্ষা দি আহিব লগা হোৱাৰ বাবেই এনে ঘটনাৰ সূত্ৰপাত ঘটি আহিছে৷

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More