হিমালয়ৰ বুকুত নতুন হ্ৰদ আৱিষ্কাৰ

ছয় যুৱকৰ দুঃসাহসিক অভিযানত প্ৰাপ্ত ‘অমূল্য ৰতন’

0 46

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১৫ ছেপ্টেম্বৰ : গুগল আৰ্থ চাই ৬জন যুৱকে হিমালয়ৰ বুকুত এটা নতুন হ্ৰদ আৱিষ্কাৰ কৰিছে। ৰুদ্ৰপ্ৰয়াগৰ গড়ৱাল হিমালয়ৰ গৰ্ভত লুকাই আছিল এই নামহীন হ্ৰদটো। সাগৰ পৃষ্ঠৰ পৰা ১৬ হাজাৰ ফুট ওপৰত থকা দুৰ্গম পাহাৰীয়া পথ পাৰ হৈ তেওঁলোকে হ্ৰদটো বিচাৰি পায়। অভিষেক, আকাশ, দীপক, বিনয়, ললিত মোহন আৰু অৰবিন্দ— হ্ৰদটো আৱিষ্কাৰ কৰা এই আটাইকেইজন উত্তৰাখণ্ডৰ, ৩০ বছৰৰ তলৰ যুৱক। বন্ধুত্ব হৈছিল পাহাৰ বগাওঁতে। আকাশ আৰু অভিষেকে কৰ’নাৰ সময়ত ঘৰত বহি Google Earthত কিবাকিবি বিচাৰি ফুৰিছিল। এনেদৰে বিচাৰি থাকোতেই তেওঁলোকে হিমালয়ত নতুন হ্ৰদ এটা পাইছিল। ৰুদ্ৰপ্ৰয়াগৰ এই হ্ৰদটোৰ আৱিষ্কাৰৰ বিষয়ে আগতে কেতিয়াও জানিব পৰা হোৱা নাছিল। যোৱা বছৰৰ জুলাই মাহত তেওঁলোকে গুগল আৰ্থত লুকাই থকা হ্ৰদটোৰ বিষয়ে জানিব পাৰে আৰু তাৰ পিছত কেইবাদিনো গুগলত খুচৰি চাইছিল।1663242977979 ছজনে এক নিৰ্দিষ্ট ঠাইলৈ গৈ হ্ৰদটো বিচাৰিবলৈ সিদ্ধান্ত ল’লে। এবছৰৰ প্ৰস্তুতিৰ অন্তত অৱশেষত যোৱা ২৭ আগষ্টৰ পৰা আৰম্ভ হ’ল এক দুঃসাহসিক অভিযান। অভিষেক পানৱাৰৰ নেতৃত্বত ৬জনীয়া অভিযানকাৰী দলটো আগবাঢ়িল। যাত্ৰা আৰম্ভ হয় তেওঁৰ গাওঁ গৌণ্ডাৰ পৰা। ১১ কিলোমিটাৰ দৈৰ্ঘ্যৰ ঠেক পাহাৰীয়া পথটো পাৰ হৈ প্ৰথমে মদমহেশ্বৰ ধাম পালেগৈ। এই ধাম উত্তৰাখণ্ডৰ অন্যতম পবিত্ৰ শৈৱ তীৰ্থ পঞ্চকেদাৰৰ অংশ। মদমহেশ্বৰ ধামত এটা বেচ কেম্প তৈয়াৰ কৰে। ইয়াৰ পিছত মদামহেশ্বৰৰ পৰা ছদিনীয়া এক শ্বাসৰুদ্ধকাৰী অভিযান। অভিষেকে কয়— “হাড় ঠাণ্ডা কৰা ঠাণ্ডাত এই পৰ্বত আৰোহণ একেবাৰে সহজ নাছিল। পথটোও চিনাকি নাছিল। বৰফৰ দৰে ঠাণ্ডা বতাহে কাপোৰৰ মাজেৰে গোটেই শৰীৰত বেজীয়ে বিন্ধাৰ দৰে অনুভৱ কৰাইছিল।” বতৰ বৰ অনুকূল নাছিল। তথাপি পৰিকল্পনা অনুসৰি তেওঁলোক ছজন আগবাঢ়িল। অৱশেষত ১ ছেপ্টেম্বৰৰ পুৱাৰ ভাগত হ্ৰদটোত উপস্থিত হয় তেওঁলোক। যুৱ অভিযাত্ৰীসকলে সংবাদ মাধ্যমক জনোৱা মতে, হ্ৰদটো দেখাৰ পিছত নতুন আৱিষ্কাৰৰ আনন্দত তেওঁলোকৰ চকুলো ওলাইছিল। তেওঁলোকে হ্ৰদটোৰ পাৰত ২৫ মিনিট সময় কটায়। কিমান দীঘল, কিমান বহল হ্ৰদটো সকলো পৰীক্ষা কৰে। তেওঁলোকে বহু ফটো আৰু ভিডিঅ’ সংগ্ৰহ কৰে। অভিষেকে কয়— “এই অভিযান আমাৰ বাবে চিৰদিনৰ বাবে স্মৰণীয় হৈ ৰ’ব। সেউজীয়া উপত্যকাৰ মাজত বগা হিমবাহ— চকু দুটা ডাঙৰ হৈ যায়। আমি আশা কৰোঁ আৰু বহুলোক এই হ্ৰদটোলৈ আহিব। এই হ্ৰদটো পৰ্যটন কেন্দ্ৰত পৰিণত হ’ব।’’ উত্তৰাখণ্ড চৰকাৰৰ পৰ্যটন বিভাগে ইতিমধ্যে নবীনসকলে এই নতুন হ্ৰদটো আৱিষ্কাৰ কৰাৰ তথ্য সংগ্ৰহ কৰিছে। হিমালয়ৰ মাজমজিয়াত লুকাই থকা হ্ৰদ বা অজ্ঞাত উপত্যকা আৱিষ্কাৰ কৰাটো নতুন কথা নহয়। ইয়াৰ পূৰ্বেও এনে চাঞ্চল্যকৰ অভিযানৰ নজিৰ হৈ আছে। পৰ্বতাৰোহীয়ে দেশৰ বিভিন্ন প্ৰান্তত অজ্ঞাত হ্ৰদ বিচাৰি ফুৰিছে। উত্তৰাখণ্ডৰ ত্ৰিশুলত অৱস্থিত ৰূপকুণ্ড হ্ৰদ। এই হ্ৰদটো ১৯৪২ চনত ১৬,৪৭০ ফুট উচ্চতাত আৱিষ্কাৰ কৰা হৈছিল। হ্ৰদটোৰ তলত শ শ কংকাল আছে, যাৰ বাবে ই ৰহস্যময় হৈ পৰিছে। ২০১৩ চনত কাশ্মীৰৰ দুৰ্গম পাহাৰবোৰত অন্বেষণ কৰি থাকোঁতে দুঃসাহসিক অভিযানকাৰী এটা দলে দুধপাথ্ৰি হ্ৰদটো আৱিষ্কাৰ কৰিছিল। এই হ্ৰদটো এতিয়া ট্ৰেকাৰসকলৰ বাবে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। ২০২০ চনত উত্তৰাখণ্ডৰ চেলা পাছৰ সমীপত ২০ হাজাৰ ফুট উচ্চতাত এটা নতুন হ্ৰদ আৱিষ্কাৰ কৰিছিল এক নতুন হ্ৰদ। হ্ৰদটোৰ পানী কাঁচৰ দৰে স্বচ্ছ। হ্ৰদটো এক কিলোমিটাৰ বহল, এই হ্ৰদটোৰ পানী তিনি কিলোমিটাৰ দূৰত্বলৈকে বিস্তৃত। ওচৰৰ গাঁওসমূহৰ বাসিন্দাসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে পূৰ্বে হ্ৰদটোৰ অস্তিত্বৰ কথা নাজানিছিল।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More