হীৰক জয়ন্তী উপলক্ষে কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ত ৰাজহুৱা সভা

0 231

উত্তৰ লখিমপুৰ, ২৬ মেঃWhatsApp Image 2024 05 26 at 5.05.02 PM
উত্তৰ লখিমপুৰ নগৰৰ সমীপৰ কাকৈ উচ্চ মাধ্যমিক বিদ্যালয়ে গৌৰৱোজ্জ্বল হীৰক জয়ন্তী বৰ্ষত উপনীত হোৱাৰ উপলক্ষত বিদ্যালয়খনে হীৰক জয়ন্তী উদযাপন কৰা আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰা সম্পৰ্কে আজি বিদ্যালয়খনত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয়। পদ্ম বৰাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত চৰাইমৰীয়া অঞ্চলৰ বহু গণ্য মান্য ব্যক্তিৰ লগতে বিদ্যালয়ৰ প্ৰাক্তন শিক্ষক-শিক্ষয়িত্ৰী, বৰ্তমানৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু এশৰো অধিক প্ৰাক্তন ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে। সভাত এই বৰ্ষৰে ডিচেম্বৰ মাহৰ শেষৰফালে হীৰক জয়ন্তী উদযাপন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হয়। সভাতে এখন শক্তিশালী আদৰণি সমিতি গঠন কৰা হয়। আদৰণি সমিতিৰ সভাপতিৰূপে পদ্ম বৰা, কাৰ্যকৰী সভাপতিৰূপে ৰামনাথ হাজৰিকা আৰু সম্পাদকৰূপে বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী মোহিনী শইকীয়াক সভাই সৰ্বসন্মতিক্ৰমে মনোনীত কৰে। হীৰক জয়ন্তী মহোৎসৱটি সাফল্যমণ্ডিত কৰি তোলাৰ উদেশ্যে আজিৰ ৰাজহুৱা সভাতে একাধিক উপ সমিতি গঠন কৰা হয়। ১৯৬৫ চনতে প্ৰতিষ্ঠা লাভ কৰা বিদ্যালয়খনত হীৰক জয়ন্তী উদযাপন আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাত অঞ্চলবাসীয়ে আনন্দ প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More