হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন তেজপুৰত

0 113

শতাব্দ ষ্টাফ ৰিপৰ্টাৰ তেজপুৰ , ৩০ ডিচেম্বৰঃ তেজপুৰত এক গাম্ভীৰ্যপূৰ্ণ পৰিবেশত অনুষ্টুপীয়াকৈ অনুষ্ঠিত এক সভাত হেমাংগ বিশ্বাসৰ জীৱন আধাৰিত উপন্যাস সুৰমাৰ গঙ্গা চিলনী উন্মোচন কৰা হয়। অসমৰ এগৰাকী বিশিষ্ট সাহিত্যিক তেজপুৰ সাহিত্য সভাৰ সভাপতি ড° ভূপেন শইকীয়া ৰচিত ৩২৩ পৃষ্ঠাৰ উপন্যাসখন প্ৰকাশ কৰি উলিয়াইছে অসমৰ সম্ভ্ৰান্ত আৰু আগশাৰীৰ প্ৰকাশন প্ৰতিষ্ঠান কথা প্ৰকাশনে। গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰি অসম সাহিত্য সভাৰ প্ৰচাৰ আহ্বায়ক পংকজ বৰুৱা আৰু অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ সদস্য মহেন্দ্ৰ কুমাৰ নাথে উন্মোচনী বক্তব্যত লেখক ড° ভূপেন শইকীয়াৰ এনে প্ৰচেষ্টাৰ প্ৰশংসা কৰাৰ লগতে হেমাংগ বিশ্বাসৰ জীৱনীমূলক উপন্যাসখন প্ৰকাশৰ যোগেদি কথা প্ৰকাশনে হেমাংগ বিশ্বাসৰ বিস্তৃত জীৱন আৰু কৰ্মক উপন্যাসোপম ৰূপত অসমৰ পঢ়ুৱৈ ৰাইজৰ সন্মুখত তুলি ধৰিলে বুলি উল্লেখ কৰে। সভাখনত উপস্থিত থাকি বিশিষ্ট সাংবাদিক ৰাজ কুমাৰ মহন্ত, সমাজকৰ্মী দুলাল গোস্বামী, ভূপেন কটকী , সাহিত্য অনুৰাগী দৰং মহাবিদ্যালয়ৰ ছাত্ৰ আদিত্য অংকুৰ নাথে লেখক ড° ভূপেন শইকীয়াৰ এনে প্ৰচেষ্টাক অসমৰ ৰাইজলৈ ইংৰাজী নৱ বৰ্ষৰ এক অনন্য আৰু অনুপম উপহাৰ বুলি অভিমত প্ৰকাশ কৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More