হেৰাই গৈছে প্ৰাচীন গছবোৰঃ জলবায়ু পৰিৱৰ্তনৰ পৰিণতি

0 74

শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ১০ জুলাই : জলবায়ু পৰিৱৰ্তনে দীৰ্ঘদিন ধৰি বিশ্বৰ পৰিৱেশ তন্ত্ৰৰ ক্ষতি কৰি আহিছে। গছ-গছনি, বনাঞ্চল ধ্বংস কৰা আদিবোৰ সাধাৰণ কথাৰ দৰে হৈ পৰিছে। পৰিৱৰ্তিত জলবায়ুৰ বাবে গছ-গছনি মৰিছে আৰু বনাঞ্চল ধ্বংস হৈছে তাৰ কাৰণ বিচাৰিছে বহুতে। ক্ৰেগ ডি এলেনেও বিচাৰিছে ইয়াৰ কাৰণ। ক্ৰেগ ডি এলেন নিউ মেক্সিকো বিশ্ববিদ্যালয়ৰ অধ্যাপক। যদিও শিক্ষকতা তেওঁৰ বৃত্তি, তথাপি জলবায়ু পৰিৱৰ্তনৰ ফলত গছবোৰ কিয় মৃত্যুমুখত পৰিছে সেই কথাৰ আঁৰৰ কথাবোৰ উলিয়াব বিচাৰিছে তেওঁ। আৰু তাৰ বাবেই তেওঁ পৃথিৱীৰ বিভিন্ন প্ৰান্তত, বিভিন্ন শতিকা পুৰণি অৰণ্যত ঘূৰি ফুৰিছে। গোলকীয় উষ্ণতা বৃদ্ধিয়ে প্ৰাচীন গছবোৰৰ কেনেদৰে ক্ষতি কৰে সেয়া বুজিবলৈ চেষ্টা কৰিছে তেওঁ।

* এনেকৈ ঘূৰি ফুৰি তেওঁ কি জানিলে?
ক্ৰেগে কয় যে, ২০০৭ চনৰ পৰা ২০০৮ চনৰ ভিতৰত উত্তৰ-পশ্চিম আমেৰিকা আৰু কলম্বিয়াৰ প্ৰায় ৭০ শতাংশ প্ৰাচীন গছৰ মৃত্যু হৈছে। ইমান ক্ষিপ্ৰ হাৰত প্ৰকাণ্ড প্ৰাচীন গছবোৰ যিদৰে মৃত্যুমুখত পৰিছে সেয়া যথেষ্ট চিন্তাৰ বিষয় বুলিও তেওঁ কয়। আচলতে এনে গছৰ জেনেটিক্সৰ বিষয়ে আমাৰ এতিয়াও জ্ঞানৰ অভাৱ। ডাঙৰ প্ৰশ্নটো হ’ল জলবায়ু পৰিৱৰ্তনৰ ফলত শুকান আৰু ক্ৰমান্বয়ে উষ্ণতা বৃদ্ধি পোৱা এখন পৃথিৱীত এতিয়াও জীয়াই থকা গছবোৰ ভৱিষ্যতলৈ কেনেকৈ জীয়াই থাকিব। যোৱা কেইবছৰমানৰ পৰা বিজ্ঞানীসকলে এই বৃহৎ গছবোৰৰ জিনীয় বিজ্ঞানৰ ওপৰত অধ্যয়ন কৰি আহিছে। তেওঁলোক এই সিদ্ধান্তত উপনীত হয় যে, গছবোৰে বিশ্বৰ অৰণ্যৰ ভৱিষ্যতৰ বাবে গুৰুত্বপূৰ্ণ সম্ভাৱনাৰ ইংগিত দিব পাৰে। এলেনৰ দৰে আন কেইবাজনো গৱেষকে জলবায়ু পৰিৱৰ্তনে বনাঞ্চলত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰি আছে। গোলকীয় উষ্ণতা বৃদ্ধিৰ ফলত তাপমাত্ৰা বৃদ্ধি হ’লে আৰু খৰাং পৰিস্থিতিৰ সৃষ্টি হ’লে এনে অৰণ্যই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হ’ব বুলিও তেওঁলোকে আশংকা কৰিছে। প্ৰাচীন গছ-গছনি সংৰক্ষণ কৰাটো গুৰুত্বপূৰ্ণ। এইবোৰ সংৰক্ষণ কৰিলে হয়তো গোলকীয় উষ্ণতাৰ বিৰুদ্ধে যুঁজ দিয়াটো অলপ সহজ হ’ব পাৰে।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More