হোমেন বৰগোহাঞিৰ “প্ৰজ্ঞাৰ সাধনা” আৰু মোৰ কিছু অনুভৱ

0 1,022

বিমল বৰগোঁহাই

     হোমেন বৰগোহাঞি ছাৰৰ প্ৰতিখন গ্ৰন্থই মোৰ প্ৰিয়। তেখেতৰ এখন বিশেষ গ্ৰন্থৰ বিষয়ে কবলৈ বা সেই গ্ৰন্থখনৰ ওপৰত মন্তব্য বা সমালোচনা কৰাটো মোৰ দৰে এজন সাধাৰণ ন লেখকৰ বাবে বৰ সমীচীন নহব। তথাপি মোৰ মন আৰু মগজুত সদায় আলোড়ন সৃষ্টি কৰি থকা তেখেতৰ মোৰ এখন প্রিয় গ্ৰন্থ হল, “প্ৰজ্ঞাৰ সাধনা”।1 1 এই গ্ৰন্থখন মই কিমানবাৰ পঢ়িছোঁ, হয়তো মই নিজেই কব নোৱাৰো। “প্ৰজ্ঞাৰ সাধনা” এনে এখন গ্ৰন্থ যিখন পঢ়িলে পঢ়ি থাকিবলৈ মন যায়।এই গ্ৰন্থখনত প্ৰকাশিত মুঠ ১৪টা প্ৰৱন্ধৰ প্ৰতিটো প্ৰৱন্ধৰ শব্দশৈলী বা বাক্য ব্যৱহাৰৰ যোগেদি প্ৰতি গৰাকী জ্ঞান তৃষ্ণাতুৰ পঢ়ুৱৈয়ে যে নিজৰ মন আৰু মগজুত এক গভীৰ ঠাঁচ বহুৱাব পৰিছে, সেইটো খাটাং। বৰগোহাঞি ছাৰৰ প্ৰতিটো লেখাত উল্লেখিত বিষয় বস্তুয়ে আমাৰ সমাজ জীৱনত বাৰুকৈ প্ৰভাৱ পেলাই আহিছে। তেখেতৰ লেখাই  সদায় আমাৰ সমাজলৈ এটা ধনাত্মক বাৰ্তা দিবলৈ প্ৰয়াস কৰি আহিছে। তেখেতৰ কলমৰ পৰা নিগৰি অহা তীক্ষ্ণ বাক্যবানে হয়তো কেতিয়াবা কাৰোবাৰ মনত আঘাত দিব পাৰে, কিন্তু তেখেতৰ কথাবোৰ সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত। এই গ্ৰন্থখনৰ গোটেই কেইটা লেখাৰ পৰা আমাৰ সমাজ জীৱনৰ লগতে আমাৰ ভাষা, সংস্কৃতি, নিয়মানুৱৰ্তিতা, শিষ্টাচাৰ, জ্ঞান আহৰণ বাবে মনত থাকিব লগা উৎকণ্ঠা, জ্ঞানৰ উৎস আৰু জ্ঞানৰ  যোগেদি নিজৰ মন আৰু হৃদয় কিদৰে প্রফুল্লিত কৰি ৰাখিব পাৰি, সেই কথা তেখেতৰ গ্ৰন্থ অধ্যয়ন কৰিলে বুজিব পাৰি। ইয়াৰ উপৰি জীৱনটো কিদৰে সু-পৰিকল্পিত ভাৱে আৰু শৃংখলাবদ্ধ ভাৱে আগুৱাই  নিজকে সুখী কৰি  ৰাখিব পাৰি,  সেইকথাও তেখেতৰ গ্ৰন্থ অধ্যয়নৰ যোগেদি জানিব পৰা যায়। ছাৰৰ, স্মৃতি শক্তি আছিল প্ৰচুৰ। কেতিয়াবা কেতিয়াবা বক্তৃতা প্ৰদান কৰোঁতে বা বিভিন্ন টি. ভি অনুষ্ঠানত বাৰ্তালাপ কৰোঁতে পৃথিৱীৰ বহু জ্ঞানী-গুণী লোকৰ প্ৰসঙ্গৰ উদ্ধৃতি দিয়া দেখা যায়, যাৰ দ্বাৰা তেখেতৰ জ্ঞানৰ ভঁৰালৰ গভীৰতাৰ বিষয়ে অনুমান কৰিব পাৰি।

“প্ৰজ্ঞাৰ সাধনা” গ্ৰন্থখনত সন্নিবিষ্ট প্ৰতিটো লেখাই আমাৰ অসমীয়া সমাজ জীৱনৰ বাবে বৰ প্ৰয়োজনীয়। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতিৰ উত্তৰণৰ বাবে তেখেতে অহোপুৰুষাৰ্থ ভাবে চেষ্টা চলাইছিল। তেওঁ মাজে মাজে খুব অনুতপ্ত হৈছিল যে কিদৰে বাংলা ভাষাই বিশ্ব দৰবাৰত স্থান পাইছিল, অন্যহাতে অসমীয়া ভাষাটো বাংলাৰ অপভ্ৰংশ হবলৈ অসমীয়াৰ বেছিদিন নাই বুলি ক্ষোভ প্ৰকাশ কৰিছিল, সেই কথা আমি তেওঁৰ এই গ্ৰন্থখন অধ্যয়ন কৰিলে অনুমান কৰিব পাৰো। “নাদৰ ভেকুলী” নামৰ এটা লেখাত তেখেতে আমাৰ অসমীয়া মানুহৰ জীৱন শৈলীক নাদৰ ভেকুলীৰ  লগত তুলনা কৰিছে। এইটো এটা সঁচা কথা যে আমি অসমীয়াবোৰে নাদৰ ভেকুলীৰ দৰেই জীৱন নির্বাহ কৰোঁ। নাদটোকেই যিদৰে ভেকুলীয়ে পৃথিৱী বুলি গণ্য কৰে, ঠিক তেনেদৰে আমি অসমীয়া সকলেও অকল অসমৰ ভিতৰতে অবাধ হৈ থকা সীমিত জ্ঞানৰ পৰিসৰৰ ভিতৰতে থাকিবলৈ বিচাৰো। জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ বাবে আমি খুব কম চেষ্টা কৰোঁ।পৃথিৱীৰ ক’ত কি ঘটিছে, সেইবোৰৰ খবৰ ৰখাৰ প্ৰয়োজন আমি বৰ অনুভৱ কৰিব নিবিচাৰোঁ। অন্যহাতে, আমাৰ গাতে লাগি থকা কলকাতাৰ বাঙালী সকলৰ বিশ্ব-মনস্কতা আৰু ইতিহাস-চেতনাৰ ওপৰত এক যোগসূত্ৰ স্থাপন কৰাৰ ক্ষমতা প্ৰচুৰ আছিল, যাৰবাবে তেওঁলোকে ভাৰতৰ আন সকলো প্ৰদেশৰ মানুহতকৈ আগবাঢ়ি যাব পাৰিছে। বিশ্বৰ বিভিন্ন সাহিত্যৰ ওপৰত তেওঁলোকৰ  দখল আছিল।  উল্লেখযোগ্য যে ফৰাছী বিপ্লৱৰ দ্বি-শতবাৰ্ষিকী উদযাপনৰ  উপলক্ষে ফৰাছী চৰকাৰে ফৰাছী সাহিত্যৰ বছা বছা উৎকৃষ্ট নিদৰ্শন কিছুমান বাংলা ভাষালৈ অনুবাদ কৰি কিতাপ আকাৰে প্ৰকাশৰ ব্যৱস্থা কৰিছিল। সেইকথা হোমেন বৰগোহাঞি ছাৰৰ এই গ্ৰন্থখনত উল্লেখ আছে। সেয়েহে বোধকৰো বাঙালী সকলে ফৰাছী তথা অন্যান্য সভ্য জাতিৰ মনত সদায় এক যুগমীয়া শ্ৰদ্ধাৰ আসন লাভ কৰি আহিছে। সঁচা অৰ্থত বাংলা সাহিত্যৰ যিমানবোৰ কিতাপ বা বজাৰ আছে, তাৰ তুলনাত অসমীয়া সাহিত্যত তেনেই নগন্য। আচলতে ছাৰে কোৱাৰ দৰে বিশ্ব-মনস্কতাৰ প্ৰতি আমি অসমীয়া সকলৰ দায়বদ্ধতা আৰু কিবা এটা কৰাৰ প্ৰৱণতা তেনেই পুতৌ লগা।

        হোমেন বৰগোহাঞি ছাৰৰ লেখাবোৰত প্রায়েই  বিদেশী সাহিত্যিক বা লেখক লেখিকাৰ প্ৰসঙ্গৰ পয়োভৰ দেখা যায়। যাৰ দ্বাৰা সেই মহান ব্যক্তিসকলৰ জ্ঞানৰ দ্বাৰা প্ৰভাম্বিত হৈ উপকৃত হব পাৰি। তেখেতে, এই গ্ৰন্থখনটো ভালেকেইজন তেনে মহান বিদেশী বুদ্ধিজীৱী বা জ্ঞানী লোকৰ নাম উল্লেখ কৰিছে লগতে জ্ঞান অৰ্জ্জন কৰাত আগ্ৰহী ৰাষ্ট্ৰৰ নাম উল্লেখ কৰিছে। “প্ৰজ্ঞাৰ সাধনা” নামৰ লেখাটোত তেখেতে ইটালীলিয়ান সকলৰ উচ্চস্তৰীয় চিন্তা-চৰ্চা, ভাস্কৰ্য,স্থাপত্য আৰু সাহিত্য সৃষ্টিৰ কথা সুন্দৰভাৱে উল্লেখ কৰিছে। ছাৰে উল্লেখ কৰিছে যে ধন ঘটিবলৈ জ্ঞান লাগে; কিন্তু জীৱনক সুন্দৰ কৰাৰ কামতহে ধন খৰচ কৰিবলৈ প্ৰয়োজন হয় প্ৰজ্ঞাৰ। ইটালীয়ানসকলৰ সেই প্ৰজ্ঞা আছিল বাবেই তেঁওলোকে ইউৰোপীয়ান নৱ জাগৰণৰ উদ্গাতা হোৱাৰ গৌৰৱ অৰ্জন কৰিব পাৰিলে। এই গ্ৰন্থখনৰ ভালেমান কেইটা লেখাত উল্লেখ কৰা মহান ব্যক্তিসকলৰ জীৱনৰ সাৰাংশ পঢ়িলে বহু নজনা কথাৰ জ্ঞান পাব পাৰি।

      সঁচাকৈ, হোমেন বৰগোহাঞি ছাৰৰ এই গ্ৰন্থখন পঢ়িলে জীৱনৰ প্ৰকৃত সত্যৰ সন্ধান পাব পাৰি আৰু এখন সমাজত বাস কৰিলে কিদৰে এটা  সুস্থ মন লৈ জীয়াই থাকিব পাৰি বা জীৱনটো কেনেদৰে প্ৰস্তুত কৰিব পাৰি, তাৰ বিষয়ে এটা সুন্দৰ আভাস পোৱা যায়। যিসকল লোকে এই গ্ৰন্থখন পঢ়িছে, তেওঁলোকে নিশ্চয়কৈ জীৱনত জীয়াই থকাৰ মূলমন্ত্ৰ তৈয়াৰ কৰি লব পাৰিছে। এটা সুস্থ মন আৰু সুস্বাস্থ্যৰ গৰাকী হোৱাৰ লগতে প্ৰজ্ঞাৰ সাধনাই কিদৰে আমাৰ জীৱনত প্ৰভাৱ পেলায়, সেই কথা এই গ্ৰন্থখনত বৰ সুন্দৰ ভাৱে বৰ্ণনা কৰিছে। ছাৰৰ, সৃষ্টিৰাজি সঁচাকৈ অতুলনীয় আৰু আমাৰ সমাজৰ বাবে এক আৰ্হি স্বৰূপ। গতিকে, এক সুশৃখংলাবদ্ধ আৰু প্ৰজ্ঞাৰে সমৃদ্ধ জীৱন অতিবাহিত কৰিবলৈ হলে ছাৰৰ এই গ্ৰন্থখন অধ্যয়ন খুবেই প্ৰয়োজন বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰোঁ।

(লেখকৰ ঠিকনাঃ বৰবিল নং:২, ডিগবৈ, তিনিচুকীয়া, ফোন:৯৪৩৫০৩৫১৭৭)

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More