“য়েছে দৰজে ঠংচি” হওঁক এক মিলনৰ সেতু

0 128

বিমল বৰগোহাঁই

যোৱা  ১৮ আগষ্ট, ২০২২ তাৰিখৰ “দৈনিক জনমভূমি” কাকতৰ সম্পাদকীয় পৃষ্ঠাত বিশিষ্ট লেখক, নিবন্ধকাৰ সুমন্ত চলিহা আৰু আন এগৰাকী লিখক তিতাবৰৰ ৰাতুল মহন্ত ডাঙৰীয়াই যথাক্ৰমে “ভূপেনদাৰ সপোন আৰু য়েছে দৰজে ঠংচি” আৰু ‘শৱ কটা মানুহৰ সপক্ষে” নামৰ শিৰোনাম দুটি লেখাৰ যোগেদি সাহিত্য সভাৰ পৰবৰ্তী কাৰ্যকালৰ সভাপতিৰ পদটি অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া তথা বিশিষ্ট লেখক, সাহিত্যিক অৰুণাচল প্ৰদেশৰ “য়েছে দৰজে ঠংচি” ডাঙৰীয়াক বিনা প্ৰতিদ্বন্দিতাৰে আগবঢ়াবলৈ অসম সাহিত্য সভালৈ আহ্বান জনাইছে।A11b99Yp6uS. AC UY218 সঁচাকৈ, ই এটা অতিকৈ উত্তম আৰু সঠিক পদক্ষেপ হব বুলি মই ব্যক্তিগত ভাবে অনুভৱ কৰোঁ, যদিহে সাহিত্য সভাৰ সকলো বিষয় ববীয়াই কথাবোৰ ভালদৰে হৃদয়ঙ্গম কৰি এটা উচিত সিদ্ধান্তত উপনীত হব পাৰে। এনে কৰিলে নিশ্চয়কৈ সুমন্ত চলিহাই কোৱাৰ দৰে, ” সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক (অতীতৰ বৰ অসমক) এডাল নেদেখা জৰীৰে নিকপ্কপীয়াকৈ বান্ধি ৰখাৰ ভূপেন দাৰ সপোন ও বাস্তৱত পৰিণত হব। “অসম সাহিত্য সভা” অসমীয়া জাতিৰ দাপোণ স্বৰূপ। দাপোণত যিদৰে নিজৰ প্রতিবিম্ব দেখা পোৱা যায়, ঠিক সেইদৰে অসমীয়া জাতিৰ ভাষা,সাহিত্য, সংস্কৃতি, আদিৰ বুৰঞ্জী আৰু ইতিহাস জন্মলগ্নৰ পৰাই এই সাহিত্য সভাই জিলিকাই আহিছে। যি সকল স্বনামধন্য ব্যক্তি বা সাহিত্যিকৰ মহান ত্যাগৰ বাবে সাহিত্য সভাৰ জন্ম হৈছিল, আজি যেন সেইসকল ব্যক্তিৰ অৱদান সমূহ আমি স্মৰণ কৰিবলৈ পাহৰি গৈছোঁ। একমাত্ৰ ক্ষমতা, পদবী আদিৰ বাবেহে যেন আজি সাহিত্য সভাত এক ঘোষিত প্ৰতিযোগিতা চলি আছে। ক্ষমতা আৰু পদবীক মুখ্য হিচাবে লৈ সকলো ব্যস্ত থকাৰ ফলত যেন আমি পাহৰি গৈছোঁ, সাহিত্যৰ পথাৰখনত উপযুক্ত আৰু উচ্চমানৰ সাহিত্যৰ বীজ সিঁচিবলৈ। যাৰ ফলত আমাৰ নৱ প্ৰজন্মৰ মাজত যিদৰে সাহিত্যৰ প্ৰতি অনুৰাগ বা ন ন সাহিত্যৰ সৃষ্টিৰ বাবে আগবাঢ়িব লাগিছিল, তেনেদৰে অহা নাই যেন ভাৱ হয়। আমি সকলোৱে জ্ঞাত যে বিগত সময় চোৱাত সাহিত্য সভাৰ কিছু বিষয়ববীয়াৰ কাণ্ড-কাৰখানাই সাহিত্য সভাৰ মজিয়াখন ইতিমধ্যেই লেতেৰা কৰি থৈ গৈছে। একমাত্ৰ কিছুমান কু-স্বাৰ্থৰ বাবে আমাৰ সমাজৰ ভালেমান অসাহিত্যিক বা সাহিত্যৰ লগত কেতিয়াও যুগসূত্ৰ নথকা ব্যক্তি সকলে ” অসম সাহিত্য সভা” খন যেন নিজৰ এটা ব্যক্তিগত প্ৰতিষ্ঠান, তেনেদৰে ব্যৱহাৰ কৰিবলৈ উঠি পৰি লাগিছে। লাজ লাগে এনে ব্যক্তিৰ কিছুমান বেপেৰুৱা কৰ্মৰ বাবেই বহু নমস্য ব্যক্তি, সাহিত্যিক, সাহিত্যনুৰাগী তথা ন ন সাহিত্য সৃষ্টিত অৱদান যোগাই অহা বিশিষ্ট ব্যক্তি তথা বুদ্ধিজীৱী লোকসকল স্ব-ইচ্ছাৰে সাহিত্য সভাৰ মজিয়াৰ পৰা ওলাই আহিছে বা ওলাই আহিবলৈ বাধ্য হৈছে। যাৰ ফলত আমাৰ বহু যোগ্য সাহিত্যিক, লেখক-লেখিকাই নিজৰ নিজৰ সাহিত্য সৃষ্টিত যেনেদৰে অৰিহণা যোগাব লাগিছিল, তেনেদৰে নিজ নিজ কৰ্মত বৰ্তি হবলৈ মনোকষ্টত ভূগি আহিছে। আমি ইতিমধ্যে বিভিন্ন বাতৰিৰ যোগেদি শুনিবলৈ পাইছোঁ যে সাহিত্য সভাৰ কিছুমান অযোগ্য বিষয়-ববীয়াই অস্তিত্বহীন ভালেমান শাখা সাহিত্য সভাক মেনেজ কৰি আৰু নিৰ্বাচন খেলি বহু যোগ্য ব্যক্তিক বঞ্চিত কৰি হলেও এইবাৰ সাহিত্য সভাৰ বিভিন্ন পদ দখল কৰিবলৈ ইতিমধ্যে কুচকাৱাজ চলাই আছে। যদি সঁচাকৈ এই কথাটো সত্য হয়, তেন্তে “অসম সাহিত্য সভা”ৰ অতীতৰ গুণ, গৰিমা, ঐতিহ্য আদি যে ম্লান হব সেই কথা খাটাং। এচাম “অসম সাহিত্য সভা”ৰ বিষয় ববীয়াই আজীৱন সাহিত্য সভাৰ বিভিন্ন পদবীত থাকি নিজৰ খেয়াল খুচি মতে মন গলেই ভ্ৰমণ আৰু অন্যান্য খৰছৰ বাবদ “সাহিত্য সভা”ৰ পুঁজিৰ পৰা বহু টকা আত্মসাৎ কৰাৰ বাতৰিয়ে কেতিয়াবা কেতিয়াবা বাতৰি শিৰোনাম দখল কৰে।তেনেবোৰ বাতৰি শুনিলে এনে লাগে যেন সাহিত্য জগতখনত সাহিত্য সৃষ্টি আৰু জনগণৰ মাজত সাহিত্যৰ প্ৰতি অনুৰাগ বৃদ্ধি, প্ৰচাৰ আৰু প্ৰসাৰ কৰাতকৈ এইচাম বিষয়-ববীয়াই একমাত্ৰ সাহিত্য সভাৰ সঞ্চিত পুঁজিৰ বাবেহে লালায়িত হয়। মই যিমান দূৰ জানো, আজি কিছু বছৰ আগলৈকে “সাহিত্য সভা”ৰ পৰবৰ্তী সভাপতি কোন হব সেইকথা “সাহিত্য সভা”ৰ অধিবেশনৰ শেষৰ দিনা অৰ্থাৎ মুকলি সভাৰ দিনা ঘোষণা কৰিছিল আৰু সেই পৰম্পৰা সকলোৱে মানি লৈছিল আৰু তাত কাৰো মতানৈক্য বা বিতৰ্ক নহৈছিল। কিন্তু, সাম্প্ৰতিক সময়ত “সাহিত্য সভা”ৰ মজিয়াত এনে কিছুমান লোকৰ আর্ৱিভাব হল, যিসকলে “সাহিত্য সভা” খনক ৰাজনীতিৰ মেৰপাকত সোমোৱাই যেন ইয়াক কুলষিত কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। বৰ্তমানৰ সাহিত্য সভাৰ সভাপতি ডক্টৰ কুলধৰ শইকীয়া মহোদয়ে তেঁওৰ কাৰ্যকাল চোৱাত কিছু উল্লেখনীয় পদক্ষেপ লৈ কিছু সংস্কাৰ আনিবলৈ চেষ্টা কৰা দেখা গৈছে। । তেখেতৰ নিকা ভাবমূৰ্তিৰ বাবেই তেঁও অসমৰ সকলো ৰাইজৰ দৃষ্টিত এগৰাকী অনন্য ব্যক্তি হিচাবে পৰিচিত হৈছে। সাহিত্য সভাই যেনেদৰে অসমৰ নগৰ-চহৰ, গাওঁ আদিত সাহিত্য সৃষ্টিৰ বাবে যিদৰে পদক্ষেপ লব লাগিছিল বা সজাগতা আনিব লাগিছিল, তেনে কৰিবলৈ সাহিত্য সভাই এতিয়াও সফল হব পৰা নাই যেন অনুমান হয়। গতিকে, এইক্ষেত্ৰত সাহিত্য সভাৰ বহু কৰণীয় আছে বুলি মই ভাবো। সেয়েহে, সকলো বিষয়ববীয়াৰ লগতে সাহিত্য অনুৰাগী সকলে ক্ষমতা আৰু নিজ নিজ স্বাৰ্থ পৰিহাৰ কৰি সাহিত্য সভাৰ সংস্কাৰ আনিবলৈ আগবাঢ়ি আহিব লাগে যাতে সাহিত্য জগতলৈ এক উল্লেখযোগ্য পৰিৱৰ্তন হৈ অসমীয়া সাহিত্য চহকী হৈ বিশ্বৰ দৰবাৰত অসমীয়াৰ নাম আৰু যশ বৃদ্ধি পায়। এটা কথা মই উল্লেখ কৰিব বিচাৰো যে সাহিত্য সভাখন সকলো ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিব লাগে। এক কথাত কবলৈ গলে ই সম্পূৰ্ণ ৰাজনীতিৰ পৰা মুক্ত হব লাগে। মই, অনুভৱ কৰো যে এটা সুস্থ বাতাবৰণ সৃষ্টি কৰিবলৈ হলে আমি সাহিত্য সভাৰ পদবী সমূহ নিৰ্বাচন প্ৰক্ৰিয়াৰ যোগেদি নকৰি সৰ্বসন্মতি মৰ্মে বাচনি কৰিলে কোনো বিতৰ্ক নাথাকিব। গতিকে, সাহিত্য সভাই এক সৰ্ব সিদ্ধান্ত লৈ এখন তালিকা প্ৰস্তুত কৰিব পাৰে আৰু সেইমতেই ইচ্ছুক ব্যক্তি বা জ্যেষ্ঠ সদস্য সকলৰ নাম অন্তৰ্ভুক্ত হৈ যাতে পৰ্যায়ক্ৰমে জ্যেষ্ঠতাৰ ভিত্তিত সাহিত্য সভাৰ বিভিন্ন পদবীত স্থান লাভ কৰে আৰু সাহিত্য সভাৰ নাম, যশ আদিত নিঃস্বাৰ্থ ভাৱে অৰিহণা যোগাব পাৰে। সদৌ শেষত মই এটা কথা কব বিচাৰো যে “য়েছে দৰজে ঠংচি ডাঙৰীয়া”ক যদি বিনা প্ৰতিদ্বন্দ্বিতাৰে সভাপতিৰ আসনখন আগবঢ়াই দিয়া হয়, তেন্তে তেখেতক গোটেই অসমবাসীৰ ফালৰ পৰা এটা উচিত সন্মান যচা হব লগতে অসম আৰু অৰুণাচলৰ মাজত অতীজৰে পৰা থকা সমন্বয়ৰ ভেটি সুদৃঢ় হৈ আমাৰ সংস্কৃতিৰ সাঁকোডাল কটকটীয়া হৈ পৰিব। গতিকে, মোৰ এই লেখাৰ যোগেদি এক আহ্বান কৰিব বিচাৰোঁ যে অসম আৰু অৰুণাচলৰ সকলো জাতি জনজাতি লোকৰ মাজত “য়েছে দৰজে ঠংচি” হওঁক এক মিলনৰ সেতু।
ঠিকনাঃ বৰবিল নং ২ ডিগবৈ, তিনিচুকীয়া ফোন:৯৪৩৫০৩৫১৭৭ 
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More