১০০% উত্তীৰ্ণৰ হাৰেৰে বাণিজ্যত অসমৰ ভিতৰতে শীৰ্ষত মাজুলী জিলা

0 22

শতাব্দ প্ৰতিনিধি,মাজুলী,২৭জুন: আজি ঘোষিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফলত মাজুলী জিলাৰ সামগ্ৰিক ফলাফল সন্তোষজনক বুলি ক’ব পাৰি। মাজুলীৰ মুঠ ১৩ টা উচ্চতৰ মাধ্যমিকৰ পৰীক্ষা কেন্দ্ৰৰ তিনিও শাখাতে মুঠ অৱতীৰ্ণ পৰীক্ষাৰ্থী হৈছে ২,০৫১ গৰাকী। ইয়াৰে মুঠ ১,৭৭১ গৰাকী উত্তীৰ্ণ হবলৈ সক্ষম হয়। কভিডৰ পিছত এক মুকলি পৰিৱেশত অনুষ্ঠিত উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ আজি ঘোষিত ফলাফলত অসমৰ ভিতৰতে বাণিজ্য শাখাত জিলাভিত্তিত শীৰ্ষৰ প্ৰথম স্থান আজুৰি আনিলে মাজুলীয়ে। ৩৫ খন জিলাৰ ভিতৰতে মাজুলীয়ে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হোৱাত আনন্দিত হৈ পৰিছে মাজুলীৰ শৈক্ষিক সমাজ। উল্লেখযোগ্য যে যোৱা বৰ্ষত মাজুলী জিলা কলা শাখাত উত্তীৰ্ণ হাৰ অনুসৰি অসমৰ ভিতৰতে শীৰ্ষত আছিল। মাজুলীয়ে এইবাৰ ১০০% উত্তীৰ্ণৰ হাৰেৰে ৰাজ্যৰ ভিতৰতে বাণিজ্য শাখাত প্ৰথম স্থান লাভ কৰে। কলা শাখাত মাজুলীত মুঠ ১৮০৬ গৰাকী পৰীক্ষাৰ্থী অৱৰ্তীন হোৱাৰ বিপৰীতে ১,৫৭২ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয়। ইয়াৰে প্ৰথম বিভাগত ২১৬ গৰাকী, দ্বিতীয় বিভাগত ৬৩০ গৰাকী আৰু তৃতীয় বিভাগত ৭২৬ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হৈছে। ইফালে বাণিজ্য শাখাত মাজুলীৰ ১০০% পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। বাণিজ্য শাখাত মুঠ ২৮ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত প্ৰথম বিভাগত ৪ গৰাকী, দ্বিতীয় বিভাগত ১৩ আৰু তৃতীয় বিভাগত ১১ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হয়। আনহাতে বিজ্ঞান শাখাত জিলাখনৰ উত্তীৰ্ণৰ হাৰ ৭৮.৮০% ।বিজ্ঞান শাখাৰ মুঠ পৰীক্ষাৰ্থী ২১৭ জনৰ ভিতৰত প্ৰথম বিভাগত ৫৯,দ্বিতীয় বিভাগত ৯৫ আৰু তৃতীয় বিভাগত ১৭ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হবলৈ সক্ষম হয়।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More