১০০ বছৰ পাছত নাগালেণ্ডত দ্বিতীয়টো ৰে’ল ষ্টেচন

মুকলি হ'ল চুখুৱীৰ নতুন ষ্টেচন

0 18
শতাব্দ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ আগষ্ট : আজিকালি ৰে’ল যাত্ৰীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। কাৰণ দেশৰ পৰিবহণ ব্যৱস্থাৰ অন্যতম মূল স্তম্ভ হ’ল ৰে’ল সেৱা৷। সেইবাবেই যাত্ৰীসকলে দৈনন্দিন ভ্ৰমণৰ লগতে দীৰ্ঘ দূৰত্ব ভ্ৰমণৰ বাবে ভাৰতীয় ৰে’লৱেক বিশ্বাস কৰে। কিন্তু, আপুনি জানেনে যে আমাৰ দেশত এনে এখন ৰাজ্য আছে য’ত বহুদিনলৈ মাত্ৰ এটা ৰে’ল ষ্টেচন আছিল? হয়, বিশ্বাস কৰিব নোৱাৰা যেন লাগিলেও ই একেবাৰে সঁচা। কেৱল সেয়াই নহয়, শেহতীয়াকৈ ৰাজ্যখনে ১০০ বছৰতকৈয়ো অধিক সময়ৰ পাছত দ্বিতীয়টো ৰে’ল ষ্টেচন লাভ কৰিছে৷ বৰ্তমানৰ প্ৰতিবেদনত আমি সেই সম্পৰ্কে বিতং তথ্য দাঙি ধৰিম। মূলতঃ নাগালেণ্ডত এতিয়ালৈকে মাত্ৰ এটা ৰে’ল ষ্টেচন আছিল। যাৰ নাম আছিল ডিমাপুৰ ৰেলৱে ষ্টেচন। ১৯০৩ চনত মুকলি হোৱা এই ষ্টেচনটোৱে দেশৰ পূব প্ৰান্তত ৰাজ্যখনৰ সৈতে যোগাযোগ কৰিছিল। কিন্তু এশ বছৰতকৈয়ো অধিক সময়ৰ পাছত নাগালেণ্ডত আৰম্ভ হ’ল দ্বিতীয়টো ৰে’ল ষ্টেচনৰ যাত্ৰা। জানিব পৰা মতে নতুন ষ্টেচনটোৰ নাম চুখুৱী। এই ষ্টেচনটো ডিমাপুৰৰ পৰা মাত্ৰ কেইকিলোমিটাৰমান দূৰত। যোৱা ২৬ আগষ্ট শুকুৰবাৰে এক বৃহৎ অনুষ্ঠানত উদ্বোধন কৰা হয় ষ্টেচনটো। কেৱল এয়াই নহয়, নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিউ ৰিঅ’ইও চুখুৱী ষ্টেচনত দনি পলঃ এক্সপ্ৰেছৰ যাত্ৰাৰ শুভ উদ্বোধন কৰে। মুখ্যমন্ত্রীজনে টুইট কৰি কয়— ‘‘নাগালেণ্ডৰ বাবে আজি সঁচাকৈ এক ঐতিহাসিক দিন৷ আজি আমাৰ ৰাজ্যখনে এশ বছৰতকৈয়ো অধিকসময়ৰ পাছত ধনশিৰি-চুখুৱী লাইনত দ্বিতীয়টো ৰে’ল ষ্টেচন পালে।” তেওঁ আৰু কয়— ‘‘এতিয়াৰ পৰা চুখুৱী ষ্টেচনতো চলিব দনি পলঃ এক্সপ্ৰেছ। ফলত নাগালেণ্ড আৰু মণিপুৰৰ পৰা অহা যাত্ৰীসকলে গুৱাহাটী পোৱাৰ বাবে বিকল্প পথ লাভ কৰিব।” প্ৰসংগক্ৰমে নাগালেণ্ডৰ দৰে পাহাৰীয়া অঞ্চলত যোগাযোগ ব্যৱস্থা সদায় প্ৰশ্নবোধক হৈ থাকে। আনকি ৰেলৱেৰ কামৰ বাবে মাটি পোৱাটোও এটা সমস্যা। চুখুৱী ষ্টেচন নিৰ্মাণৰ কামো দীৰ্ঘদিন ধৰি চলি আছিল। মূলতঃ প্ৰয়োজনীয় মাটিখিনি পাবলৈ বহুত সময় অপেক্ষা কৰিব লাগিছিল। অৱশ্যে অৱশেষত ষ্টেচনটো আৰম্ভ হোৱাত স্থানীয় ৰাইজ সুখী। নাগালেণ্ডৰ চুখুৱী গাঁৱত অৱস্থিত এই নতুন ষ্টেচনৰ ৰেলৱে ক’ড হৈছে SKHV। এই ষ্টেচনত মুঠ দুটা প্লেটফৰ্ম আৰু তিনিটা ৰে’লপথ আছে। ধনশিৰি-জুবজা লাইনৰ এইটোৱেই প্ৰথম ষ্টেচন। এই প্ৰসংগত নাগালেণ্ডৰ মন্ত্ৰী জেকব ঝিমমীয়ে কয় যে এই নতুন ষ্টেচনলৈ দনি পলঃ পলঃ এক্সপ্ৰেছ পথ সম্প্ৰসাৰণ কৰিলে ৰাজ্যখনৰ বাণিজ্য আৰু অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব। ইয়াৰ উপৰি চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে পাৰস্পৰিক সম্পৰ্ক উন্নত হ’ব বুলিও তেওঁ অনুভৱ কৰে। উত্তৰ-পূব ৰে’লৱেৰ জেনেৰেল মেনেজাৰ আনছুল গুপ্তাই কয়— ‘‘এইটো সঁচাকৈয়ে ভাৰতীয় ৰে’লৱেৰ বাবে এক গৌৰৱৰ দিন। আমি এইদৰে উত্তৰ-পূবৰ সকলো ৰাজ্যৰ ৰাজধানীক ৰে’লযোগে সংযোগ কৰাৰ চেষ্টা কৰিছোঁ।”
মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More