১০৮ টা জলস্ৰোতৰে গঠিত চুমি গ্যাটচ জলপ্ৰপাতক পৰ্যটকৰ বাবে প্ৰচাৰ কৰিব সেনাই

ভাৰত-চীন প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ২৫০মিটাৰ নিলগত য়াংচেত অৱস্থিত এই জলপ্ৰপাত

0 61

শতাব্দ প্ৰতিনিধি, তেজপুৰ,১১মে’: অৰুণাচল প্ৰদেশৰ দুৰ্গম অঞ্চলত থকা পবিত্ৰ জলপ্ৰপাতক উন্নয়নৰে দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে উদ্যোগ লৈছে দেশৰ সেনাবাহিনীয়ে । উল্লেখযোগ্য যে শতাধিক জলধাৰাৰে জলপ্ৰপাতৰ ৰূপ লোৱা তথা চুমি গ্যাটচ জলপ্ৰপাত হিচাপে পৰিচিত এই জলপ্ৰপাতৰ বিষয়ে আজি প্ৰকাশ কৰি সেনাৰ মুখপাত্ৰ লেফটেনেণ্ট কৰ্ণেল অমৰিন্দৰ সিং ৱালিয়াই কয় যে দেশৰ এই বিনন্দীয়া জলপ্ৰপাতৰ বিষয়ে দেশ-বিদেশৰ পৰ্যটক সকলে জনা উচিত । এই জলপ্ৰপাত আৰু কাষৰীয়া অঞ্চলৰ প্ৰাকৃতিক সৌন্দৰ্যই পৰ্যটকক নিশ্চিতভাবে আকৰ্ষণ কৰিবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে ইয়ে অৰুণাচল প্ৰদেশৰ অৰ্থনৈতিক উন্নয়নটো যথেষ্ট ইতিবাচক প্ৰভাব পেলাব । স্থানীয় ৰাইজে পবিত্ৰ জলপ্ৰপাত হিচাপে গণ্য কৰা এই জলপ্ৰপাত বৌদ্ধ ধৰ্মাৱলম্বী তথা অৰুণাচল প্ৰদেশৰ এক বৃহৎ জনগোষ্ঠী মনপা সকলৰ বাবে অতি পবিত্ৰ । সাগৰপৃষ্ঠৰ পৰা ১১হেজাৰ ফুট উচ্চতাত থকা এই জলপ্ৰপাত ভাৰত আৰু চীন দেশৰ নিয়ন্ত্ৰণ ৰেখাৰ সমীপত অৱস্থিত য’দিও বৰ্তমান এই প্ৰাকৃতিক ক্ষেত্ৰ ভাৰতৰ নিয়ন্ত্ৰণত আৰু ইয়াত পৰ্যটকৰ বাবে সুব্যৱস্থা গঢ়ি তুলিবলৈ সক্ষম হৈছে দেশৰ সেনা বাহিনীয়ে । অৰুণাচল প্ৰদেশৰ টেচ্চু নামৰ গাঁওখনৰ সমীপত থকা এই জলপ্ৰপাতৰ বিষয়ে অধিক প্ৰকাশ কৰি চতুৰ্থ ক’ৰৰ মুখপাত্ৰ ৱালিয়াই আৰু কয় যে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাৰ পৰা ২৫০মিটাৰ নিলগত দেশৰ ভূখণ্ডৰ য়াংচেত অৱস্থিত ১০৮ টা জলস্ৰোতৰ এই জলপ্ৰপাতৰ বিষয়ে দেশ-বিদেশৰ পৰ্যটকসকলক জনোৱাৰ বাবে সেনাই শীঘ্ৰেই পদক্ষেপ গ্ৰহণ কৰিব বুলি উল্লেখ কৰি সেনাৰ মুখপাত্ৰজনে কয় যে এইক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰ আৰু প্ৰতিৰক্ষা মন্ত্ৰালয়ে সম্প্ৰতি যথেষ্ট গুৰুত্ব প্ৰদান কৰিছে । আজি পুৱা ১০-৩০বজাত তেজপুৰৰ একাংশ সংবাদকৰ্মীৰ স’তে হোৱা এক বাৰ্তালাপ অনুষ্ঠানত মুখপাত্ৰ ৱালিয়াই এই বিষয়ে প্ৰকাশ কৰাৰ লগতে কয় যে তেজপুৰৰ মিছন চাৰিআলিত উৰণীয়া সেঁতুৰ বিষয়টো প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ মাজত আলোচনা চলি আছে আৰু ইয়াৰ পৰা এক ইতিবাচক ফলাফলেই পোৱা যাব বুলি আশা কৰিব পাৰি

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More