১০ জুনত ধেমাজিৰ চিমেন চাপৰিত সদৌ অসম ছাত্র সন্থাৰ ছাত্র সংহতি দিৱস

 স্বাভিমানী খিলঞ্জীয়া ৰাইজৰ উপস্থিতিৰ কামনা ধেমাজি আছুৰ

0 19

শতাব্দ প্ৰতিনিধি, ধেমাজি, ৮ জুন : ঐতিহাসিক খাদ্য আন্দোলনক প্ৰতিৰোধ কৰিবলৈ গৈ চৰকাৰী আৰক্ষী বাহিনীৰ তপ্ত বুলেটৰ আঘাতত প্ৰাণ হেৰুওৱা মৰিগাঁও জিলাৰ ভূৰবন্ধা ঔগুৰি উচ্চ ইংৰাজী বিদ্যালয়ৰ দুই ছাত্র পুতুল শইকীয়া আৰু গজেন ইংতিক সুঁঁৱৰি সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ ১০ জুনত ছাত্ৰ সংহতি দিৱস পালন কৰি আহিছে। এইবছৰৰ ছাত্র সংহতি দিৱসটি সদৌ ধেমাজি জিলা ছাত্র সন্থাৰ উদ্যোগত জোনাই মহকুমা ছাত্র সন্থা , চিমেন চাপৰি আঞ্চলিক ছাত্র সন্থা আৰু চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত চিমেন চাপৰি শিল্পী সংঘৰ প্ৰাংগণত দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব । দিৱসটো সুচাৰুৰূপে অনুষ্ঠিত কৰিবৰ বাবে অৱসৰপ্ৰাপ্ত শিক্ষা বিষয়া দিলীপ কুমাৰ গগৈক সভাপতি, আছুৰ ৰাজ‍্যিক কাৰ্যনিৰ্বাহক ৰাজীৱ গগৈক কাৰ্যকৰী সভাপতি আৰু সঞ্জীৱ দাসক সম্পাদক হিচাপে লৈ এখন শক্তিশালী অৰ্ভ‍্যথনা সমিতি আৰু ৬খন উপ-সমিতি গঠন কৰি কাম-কাজ অব‍্যাহত ৰাখিছে । জিলা ছাত্র সন্থাৰ সভাপতি দিপক শৰ্মা আৰু সাধাৰণ সম্পাদক কল‍্যাণ গগৈয়ে আজি জনোৱা মতে সেইদিনা পুৱা ১০ বজাত সদৌ অসম ছাত্র সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথে পতাকা উত্তোলন কৰাৰ পাছতে আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই শ্বহীদ তৰ্পণ কৰিব । ইয়াৰ পাছতে শ্বহীদ পুতুল শইকীয়া আৰু গজেন ইংতিৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰিব ছাত্ৰ সংগঠনটোৰ মুখ্য উপদেষ্টা ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্যই । দিনৰ ১ বজাৰ পৰা সন্থাৰ সভাপতি দীপাংক কুমাৰ নাথৰ সঞ্চালনাত অনুস্থিত হ’বলগা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ কমলাকান্ত গগৈয়ে । খাদ্য আন্দোলনৰ লগত জড়িত কৰ্মী নাহৰকটীয়া উ:মা: বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ‍্যক্ষ ৰমেশ নাহৰ ডেকাই নিৰ্দিষ্ট বক্তা হিচাপে অংশগ্ৰহণ কৰিবলগীয়া সভাখনত অজাযুছাপৰ সাধাৰণ সম্পাদক পলাশ চাংমাই , টি.এম পি কেৰ সভাপতি ৰাজকুমাৰ মৰাং, টাই আহোম ছাত্র সন্থাৰ উপদেষ্টা দুলাল বৰুৱা উপস্থিত থাকিব । নিখিল বড়ো ছাত্র সন্থাৰ সহ: সাধাৰণ সম্পাদক দিনেশ ব্ৰহ্মই আমন্ত্ৰিত অতিথি হিচাপে অংশগ্ৰহণ কৰিব আৰু বিয়লি ৪ বজাৰ পৰা শ্বহীদ সোঁৱৰণি গীত পৰিৱেশন কৰিব বিশিষ্ট কণ্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু মানস ৰবীনে। কেন্দ্ৰীয় ছাত্র সংহতি দিৱসৰ সমূহ কাৰ্যসূচীতে ছাত্র-ছাত্ৰী আৰু প্ৰতিজন স্বাভিমানী খিলঞ্জীয়াৰ অংশগ্ৰহণ কামনা কৰিছে সদৌ ধেমাজি জিলা ছাত্র সন্থা আৰু আয়োজক সমিতিয়ে । উল্লেখ্য যে ৰাজ‍্যখনৰ অৰ্থনৈতিক পৰিকাঠামো শক্তিশালী কৰিবলৈ ১৯৭৪ চনত ২১ দফীয়া দাবীৰে আৰম্ভ হোৱা খাদ্য আন্দোলন প্ৰতিৰোধ কৰিবলৈ যোৱা দুই ছাত্ৰ পুতুল শইকীয়া আৰু গজেন ইংতিক অতি নিৰ্দয় আৰু বৰ্বৰভাৱে গুলীয়াই হত্যা কৰিছিল । এই দুই শ্বহীদৰ স্মৃতিত তেতিয়াৰ পৰাই সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেক বছৰৰ ১০ জুনত ছাত্র সংহতি দিৱস পালন কৰি আহিছে ।

মন্তব্য দিয়ক

Your email address will not be published.

This website uses cookies to improve your experience. We'll assume you're ok with this, but you can opt-out if you wish. Accept Read More